কাইলৈ নির্বাচনী প্রচাৰৰ বাবে অসমলৈ আহিব প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যৰ চুকে–কোণে জনসভা, বাইক ৰেলী, পদযাত্রা আদি বিভিন্ন কার্যসূচীৰে ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা চলাইছে৷ ইয়াৰ মাজতে অসমলৈ আগমণ ঘটিছে কেইবাজনো ষ্টাৰ কেম্পইনাৰৰ৷
অহা ১৪ মার্চ অৰ্থা অৰ্থাৎ দেওবাৰে নির্বাচনী প্রচাৰৰ বাবে ৰাজ্যলৈ আহিব প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং৷ তেওঁ পুৱা ১১ বজাত তেজপুৰত উপস্থিত হ’ব৷
কাইলৈ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে বিশ্বনাথৰ প্রার্থী প্রমোদ বৰঠাকুৰ, গহপুৰৰ প্রার্থী উৎপল বৰাৰ লগতে মিত্রজোঁটৰ অসম গণ পৰিষদৰ দেৰগাঁৱৰ প্রার্থী ভবেন ভৰালীৰ হৈ নির্বাচনী প্রচাৰ চলাব৷ ইপিনে আবেলিভাগলৈ পুনৰ তেওঁ বিশেষ বিমানযোগে নতুন দিল্লীলৈ উভতি যাব৷
আনহাতে, অহা ১৫ মার্চত বিজেপিৰ হৈ নির্বাচনী প্রচাৰৰ বাবে ৰাজ্যত উপস্থিত হ’ব মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান৷ তেওঁ বিজেপিৰ প্রার্থী তৰংগ গগৈ, তেৰছ গোৱালা আৰু প্রশান্ত ফুকনৰ হৈ প্রচাৰ চলাব৷