নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্ৰে বন্ধ হ’ব ১৫ বছৰীয়া বাহনৰ নৱীকৰণ

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰী কৰা প্ৰস্তাৱটো যদি মোহৰ লাগে, তেন্তে চৰকাৰী বিভাগসমূহে ১ এপ্ৰিল ২০২২ৰ পৰা ১৫ বছৰতকৈ পুৰণি বাহনৰ পঞ্জীয়ন নৱীকৰণ কৰিবলৈ সক্ষম নহ’ব। ইতিমধ্যে চৰকাৰে এখন খচৰা অধিসূচনা জাৰি কৰিছে আৰু এই সন্দৰ্ভত প্ৰাসঙ্গিক নিয়মবোৰ সংশোধন কৰিবলৈ অংশীদাৰসকলৰ পৰামৰ্শৰ বাবে আমন্ত্ৰণ জনাইছে।

অধিসূচনা অনুসৰি প্ৰস্তাৱটোত মোহৰ লগাৰ পিছত, ই সকলো চৰকাৰী বাহনৰ বাবে- কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চল, পিএছইউ, পৌৰ নিগম আৰু স্বায়ত্তশাসিত সংস্থাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ।

পথ, পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে এক টুইটত কয়-“২০২২ চনৰ ১ এপ্ৰিলৰ পৰা, চৰকাৰী বিভাগসমূহে ১৫ বছৰ পুৰণি তেওঁলোকৰ বাহনসমূহ পঞ্জীয়ন প্ৰমাণপত্ৰ নৱীকৰণ কৰিবলৈ সক্ষম নহ’ব।”

পথ, পৰিবহণ আৰু ঘাইপথ আৰু এমএছএমই মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে প্ৰাৰম্ভিক অৱস্থাত এক কোটি বাহন স্ক্ৰেপ কৰা হ’ব। ইয়াৰ সৈতে, নতুন নীতিয়ে ভাৰতীয় অটোমোবাইল উদ্যোগৰ লেনদেন আগন্তুক বছৰবোৰত ৩০ শতাংশৰ পৰা ১০ লাখ কোটি টকালৈ বৃদ্ধি কৰিব। যাৰ মূল্য এতিয়া প্ৰায় ৪.৫০ লাখ কোটি টকা। একে সময়তে, ইয়াৰ ৰপ্তানি উপাদান যি এতিয়া ১.৪৫ লাখ কোটি, সেয়াও বৃদ্ধি হৈ ৩ লাখ কোটি টকালৈ যাব।

গাডকাৰীয়ে লগতে কয় যে এই নীতি ৰূপায়ণ কৰিলে প্ৰায় ৫০ হাজাৰ লোকে চাকৰি পাব।

এক অনুমান অনুসৰি, এই পুৰণি বাহনবোৰে নতুন বাহনৰ তুলনাত ১০-১২ গুণ অধিক প্ৰদূষণ বিয়পায়।

You might also like