ড্ৰোন : বিশ্বশান্তিলৈ বিপদ মাতিব নেকি অনাগত ভৱিষ্যতত!!!
কিন্তু বৰ্তমান সময়ত ড্ৰোন মানৱজাতিৰ বাবে এক নতুন দুৰ্যোগ হিচাপে পৰিগণিত হৈ পৰিছে, ইয়াৰ কাৰণ বিশেষকৈ সামৰিক, গুপ্তচৰবৃত্তি, আৰু উগ্ৰপন্থী কাৰ্যকলাপত ইয়াৰ অপব্যৱহাৰ।
ড্ৰোন বা “Unmanned Aerial Vehicle (UAV)” আধুনিক প্ৰযুক্তিৰ এটা যুগান্তৰকাৰী অৱদান হিচাপে বিবেচিত হৈছিল। আৰম্ভণিত ইয়াৰ ব্যৱহাৰ কৃষি, চলচ্চিত্ৰ নিৰ্মাণ, পৰ্যবেক্ষণ, ডেলিভাৰী, আৰু উদ্ধাৰ কাৰ্য্যত সীমাবদ্ধ আছিল। কিন্তু বৰ্তমান সময়ত ড্ৰোন মানৱজাতিৰ বাবে এক নতুন দুৰ্যোগ হিচাপে পৰিগণিত হৈ পৰিছে, ইয়াৰ কাৰণ বিশেষকৈ সামৰিক, গুপ্তচৰবৃত্তি, আৰু উগ্ৰপন্থী কাৰ্যকলাপত ইয়াৰ অপব্যৱহাৰ।
শেহতীয়া কেইবাটাও ঘটনা পৰ্যবেক্ষণ কৰিলে এই দুৰ্যোগৰ ভয়ংকৰ পৰিণতি পোৱা যায়। পাকিস্তানে ভাৰতীয় সীমান্তত একাধিকবাৰ ড্ৰোন প্ৰেৰণ কৰি অস্ত্ৰ আৰু মাদক সৰবৰাহ কৰি আহিছে। ২০২৪-২৫ চনত জম্মু আৰু পাঞ্জাব সীমান্তত এনে বহু ঘটনাই ৰাষ্ট্ৰীয় সুৰক্ষাক আঘাত হানিছে। ২০২৫তে পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত এক ভয়ংকৰ ড্ৰোন আক্ৰমণৰ সন্মুখীন হ, য’ত বিস্ফোৰকভৰ্তি ড্ৰোনে সেনা কেম্প লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ চেষ্টা কৰে।
বিদেশতো এনে ঘটনা পৰিলক্ষিত হৈছে। ইউক্ৰেইন-ৰাছিয়া যুদ্ধত ড্ৰোনে এক মুখ্য ভূমিকা পালন কৰিছে। স্বচালিত ড্ৰোনে বিস্ফোৰণ ঘটাই শ শ মানুহৰ প্ৰাণ হৰণ কৰিছে। এই ধৰণৰ ড্ৰোন “self-destructing drone” নামেৰে পৰিচিত। ই একেবাৰে নিঃশব্দভাৱে লক্ষ্যত উপনীত হৈ বিস্ফোৰণ ঘটায়, যাৰ পৰা ৰক্ষা পোৱা প্ৰায় অসম্ভৱ। যোৱা ১২ জুলাই ২০২৫ তাৰিখে ম্যানমাৰত অৱস্থিত সংযুক্ত মুক্তি বাহিনীৰ শিবিৰত ১৫০ খন ড্ৰোনৰ আক্ৰমণত সংগঠনটোৰ তিনিজনকৈ শীৰ্ষ নেতাৰ মৃত্যু হোৱাৰ ঘটনা আলফা (স্বা) ৰ এক বিবৃতিৰ জৰিয়তে পোহৰলৈ আহিছে।
এই ড্ৰোনসমূহৰ ভৱিষ্যৎ প্ৰজন্ম “AI-powered” হ’ব বুলি অনুমান কৰা হৈছে। অৰ্থাৎ, এইবোৰ নিজেই লক্ষ্য নিৰ্ধাৰণ, পথ বাছনি, আৰু প্ৰতিক্ৰিয়া কৰিবলৈ সক্ষম হ’ব। এনে পৰিস্থিতিয়ে ড্ৰোনক সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণৰ বাহিৰত লৈ যাব পাৰে। এনে এক আশংকাজনক অৱস্থা মানৱ জাতিৰ বাবে এক ভয়ংকৰ দুৰ্যোগ হৈ উঠিব পাৰে।
ড্ৰোনৰ অপব্যৱহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা অতি প্ৰয়োজন। ভাৰত চৰকাৰে ইতিমধ্যে ড্ৰোন নিয়ন্ত্ৰণ নীতি ঘোষণা কৰিছে, য’ত অনুমতি বিহীন উৰণ নিষিদ্ধ কৰা হৈছে। লগতে, ড্ৰোন চিনাক্তকৰণ, নিয়ন্ত্রণ, আৰু ধ্বংসৰ বাবে “Anti-Drone System” ৰ উন্নয়নো চলি আছে। লেজাৰ ভিত্তিক অস্ত্ৰ ব্যৱহাৰৰ উদ্যোগো গ্ৰহণ কৰা হৈছে।
ড্ৰোনৰ বিভিন্ন অপব্যৱহাৰৰ মাজতো ইয়াৰ যথেষ্ট ভাল দিশ তথা ভাল ব্যৱহাৰখিনি আমি লক্ষ্য কৰাতোও দৰকাৰ। ড্ৰোনৰ সহায়ত খেতি ক্ষেত্ৰ চোৱা, ওপৰৰ পৰা শস্যৰ অৱস্থা পৰ্যবেক্ষণ কৰা, সাৰ-ঔষধ স্প্রে কৰা সহজ হৈছে। বানপানী, ভূমিকম্প, বা অগ্নিকাণ্ডৰ সময়ত ড্ৰোন এক উল্লেখযোগ্য আহিলা হিচাপে ব্যৱহাৰ হৈছে। সেনা তথা সুৰক্ষা ব্যৱস্থাত ড্ৰোনে সীমান্তত নজৰদাৰী, গুপ্তচৰ অভিযান, বিস্ফোৰক চিনাক্তকৰণ, আকাশী আক্ৰমণৰ আগতীয়া সতৰ্কবাণী প্ৰদান ইত্যাদি কামত সহায় কৰে। চলচিত্ৰ আৰু মিডিয়াৰ ক্ষেত্ৰতো ড্ৰোনৰ ব্যৱহাৰ লক্ষণীয়। উৰ্দ্ধ-দৃশ্য (aerial shot) বা দৰ্শনীয় দৃশ্য বন্দী কৰাৰ ক্ষেত্ৰত ড্ৰোন ব্যৱহাৰ কৰা হয়। অনুষ্ঠান, বিবাহ, বা সংবাদ প্ৰতিবেদনত ইয়াৰ ব্যৱহাৰ বেছি হৈছে।
Amazon, Zomato আদি প্ৰতিষ্ঠানে ড্ৰোনৰ সহায়ত খাদ্য, সামগ্ৰী তৎকালিকভাৱে কাষ্টমাৰৰ ওচৰলৈ পঠিয়াবলৈ পৰীক্ষা কৰিছে। পৰিৱেশ আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত জন্তু-জন্তুৰ গণনা, বনাঞ্চলৰ পৰ্যবেক্ষণ, অবৈধ কাৰ্যকলাপ নিৰীক্ষণ আৰু বনজ পৰিৱেশৰ পৰ্যবেক্ষণত ড্ৰোন ব্যৱহাৰ খুব ফলপ্ৰসূ।
সামগ্ৰিকভাৱে চাওঁতে, ড্ৰোন এখন সম্ভাৱনাময় প্রযুক্তি হ’লেও, ইয়াৰ অপব্যৱহাৰ সমাজ, ৰাষ্ট্ৰ, আৰু বিশ্বৰ বাবে এটা গুৰুতৰ দুৰ্যোগ হিচাপে দেখা দিছে। যি গতিত এই দুৰ্যোগ বাঢ়ি আছে, তাক ৰোখিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, কঠোৰ নীতি আৰু উন্নত প্ৰযুক্তিৰ বিকাশৰ অত্যন্ত প্ৰয়োজন। নহ’লে, ড্ৰোনে অনাগত দিনত বিশ্বশান্তিৰ বেলি অস্তমিত কৰাৰ পথ খুলি দিব।
📌 শুভ্ৰাশ্ময় কাশ্যপৰ প্ৰতিবেদন