মহাশিৱৰাত্রিৰ সামৰণিঃ লাখ লাখ ভক্তৰে মুখৰিত হ’ল শিৱসাগৰৰ শিৱদ’ল
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ বিগত ১০ মার্চৰ পৰা চাৰিদিনীয়াকৈ শিৱসাগৰৰ শিৱদৌলত অনুষ্ঠিত হোৱা শিৱৰাত্রি মহোৎসৱৰ শনিবাৰে সন্ধিয়া সামৰণি পৰিল৷ ২০১৮ চনৰ পৰা আন্তঃৰাষ্ট্রীয় পর্যায়ত অনুষ্ঠিত হৈ অহা এইবাৰৰ মহাশিৱৰাত্রিৰ তৃতীয় নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰ কার্যসূচীত বহুকেইটা শিল্পীৰ দলে অনুষ্ঠান পৰিৱেশন কৰে৷
মহাশিৱৰাত্রি উৎসৱৰ লগত সংগতি ৰাখি স্থানীয় দলমুখ চাৰিআলিত স্থাপন কৰা অস্থায়ী ৰংগমঞ্চত কালি নিশাৰ সাংস্কৃতিক কার্যসূচী উদ্বোধন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই৷ উদ্বোধনী ভাষণত ড০ মহন্তই কয় যে ২০১৮ চনৰ পৰা জিলা প্রশাসনৰ সহযোগত শিৱসাগৰৰ শিৱদ’ল ডন্নয়ন সমিতিয়ে এই শিৱ মহোৎসৱক আন্তঃৰাষ্ট্রীয় শিৱ মহোৎসৱ হিচাপে উদ্যাপন কৰিবলৈ লয়৷ শিৱসাগৰক বিশ্বৰ পর্যটন মানচিত্রত স্থান দিয়াৰ সমান্তৰালকৈ আন্তঃৰাষ্ট্রীয় শিৱ মহোৎসৱক পর্যটনৰ এক উজ্জ্বল সম্ভাৱনা ৰূপে গঢ় দিয়াৰ থল আছে৷ ইয়াৰ বাবে এই আন্তঃৰাষ্ট্রীয় শিৱ মহোৎসৱক আৰু অধিক বহল পৰিসৰত আয়োজন কৰি বিশ্বৰ পর্যটন কার্যসূচীত অন্তর্ভুক্ত কৰাৰ বাবে প্রয়াস কৰিবলৈ সকলোৰে প্রতি আহ্বান জনাই ড০ মহন্তই৷
আনহাতে, এই সাংস্কৃতিক কার্যসূচীতেই ড০ সব্যসাচী মহন্তৰ ৰচনা–পৰিকল্পনাৰে প্রস্তুত কৰা শিৱ বন্দনাৰ অডিঅ’–ভিডিঅ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ উন্মোচনী অনুষ্ঠানটোত জিলা উন্নয়ন আয়ুক্ত প্রণৱজিৎ কাকতি, শিৱসাগৰ প্রেছ ক্লাবৰ সভাপতি ড০ সৌমাৰজ্যোতি মহন্ত, শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদ, দ’ল ডন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক বসন্ত গগৈৰ লগতে বহুকেইগৰাকী বিষয়ববীয়া ডপস্থিত থাকে৷
উল্লেখ্য যে এই শিৱ বন্দনাৰ সুৰ আৰু ব্যৱস্থাপনাৰ অগ্রণী সাংস্কৃতিক অনুষ্ঠান অ’জন সংগীত গোষ্ঠীৰ৷ আনহাতে, কণ্ঠদান কৰিছে জনপ্রিয় গায়ক ৰিম্পুল দেডৰীয়ে৷ ইফালে বিধানসভা নির্বাচনৰ উছাহ আৰু ক’ভিড–১৯ৰ আতংকৰ মাজত অনুষ্ঠিত মহাশিৱৰাত্রি উৎসৱৰ বিয়লি অন্ত পৰে৷
স্মর্তব্য যে ১৭৩৪ খ্রীষ্টাব্দত আহোম ৰাজশাসনৰ সময়ত নির্মাণ কৰা শিৱদ’লত সেই সময়ৰ পৰাই নিৰৱচ্ছিন্নভাৱে মহাশিৱৰাত্রিৰ আয়োজন কৰি অহা হৈছে৷ পূর্বৰ পৰাই শিৱৰাত্রি ডৎসৱৰ সময়ত শিৱসাগৰ দৌল প্রাংগণত দেখা যায় ভক্তপ্রাণ ৰাইজৰ অভাৱনীয় ভিৰ৷ এইবাৰো চতুর্থ আন্তঃৰাষ্ট্রীয় শিৱ উৎসৱ ৰূপে ডদ্যাপন কৰা শিৱদ’লৰ এই শিৱৰাত্রি ডৎসৱত কেইবালক্ষ লোকৰ সমাগম ঘটে৷ আস্থা–বিশ্বাস আৰু ভক্তিৰ প্রতীক মহাদেৱৰ চৰণত সেৱা জনাই নৈবেদ্য আগবঢ়াই কুশল–মংগল কামনাৰ বাবে ভক্তপ্রাণ ৰাইজে অর্চনা কৰে৷
লক্ষণীয়ভাৱে শিৱদ’লৰ চাৰিওকাষে এক বিস্তীর্ণ এলেকা সামৰি অনুষ্ঠিত হোৱা মেলাখন আছিল সাধাৰণ ভক্তপ্রাণ ৰাইজৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু৷ বর্ণ–ধর্ম নির্বিশেষে শিৱৰাত্রি বুলি ক’লেই এক অনন্য অনুভৱ অহা শিৱৰাত্রি মেলাত এইবাৰো দেখা গ’ল সাধাৰণ জনতাৰ ব্যাপক সঁহাৰি৷ প্রায় সাতশখন ক্ষুদ্র বিপণীত অসমৰ ভিন্ন প্রান্তৰ লগতে ভাৰতৰ বিভিন্ন স্থানৰ পৰা অহা ব্যৱসায়ীসকলে এই মেলাত অংশগ্রহণ কৰে৷