টিকট বাদেই, ষ্টাৰ কেম্পেইনাৰতো স্থান নাপালে একালৰ জ্যেষ্ঠ কংগ্রেছ নেতাই
এলাগী হৈ পৰিল দুর্যোগৰ দিনত দল উদ্ধাৰকাৰী
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ কংগ্রেছত ক্রমাৎ এলাগী হৈ পৰিছে দুর্যোগৰ দিনত দলত থাকি বহু ত্যাগ–কষ্টৰে দলটোক পুনৰ উদ্ধাৰ কৰা জ্যেষ্ঠ কংগ্রেছীসকল৷ পৰিস্থিতি এতিয়া এনে পর্যায় পাইছে যে যথেষ্ট কষ্ট, নির্যাতন ভুগি কংগ্রেছৰ হৈ কাম কৰি থকাসকলে এইবাৰ নির্বাচনত দলীয় টিকট লাভ বাদেই, ষ্টাৰ কেম্পেইনাৰৰ তালিকাতো তেওঁলোকৰ বহুতকে স্থান দিয়া নহ’ল৷ উল্লেখ্য যে অসমৰ প্রথম পর্যায়ৰ নির্বাচনৰ বাবে নিখিল ভাৰত কংগ্রেছ কমিটীয়ে ৩০জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্রকাশ কৰে৷ প্রদেশ কংগ্রেছৰ প্রস্তাৱ অনুসৰি এ আই চি চিয়ে সেই তালিকাত অনুমোদন জনায়৷
প্রথম পর্যায়ৰ নির্বাচনৰ বাবে কংগ্রেছে যুগুতোৱা ৩০জনীয়া ষ্টাৰ কেম্পেইনাৰসকল হৈছে– ছোনিয়া গান্ধী, ড০ মনমোহন সিং, ৰাহুল গান্ধী, মুকুল ৱাছনিক, ভূপেশ ৱাঘেল, অশোক গেহলট, প্রিয়ংকা গান্ধী ভদ্রা, ছলমান খুৰছিদ, জিতেন্দ্র সিং, বিকাশ উপাধ্যায়, অনিৰুদ্ধ সিং, নৱজোৎ সিং সিদ্ধু, মোহন প্রকাশ, নাৱাম টুকী, মুকুল চাংমা, শচীন পাইলট, ৰামেশ্বৰ ওৰণ, ৰিপুণ বৰা, দেৱব্রত শইকীয়া, পৱন সিং ঘাটোৱাৰ, প্রদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, সুস্মিতা দেৱ, ভূপেন বৰা, ৰাণা গোস্বামী, ৰাণী নৰহ, ৰূপজ্যোতি কুর্মী, ৰ’জলীনা তির্কী আৰু প্রদীপ নাগ৷ লক্ষণীয় এয়ে যে এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাত প্রাক্তন মুখ্যমন্ত্রী, প্রবীণ কংগ্রেছী নেতা ডাঃ ভূমিধৰ বর্মনে স্থান নাপালে৷ অথচ সেইগৰাকী ডাঃ বর্মনে অসম আন্দোলনৰ দিনৰে পৰা আলফাৰ ৰমৰমীয়া দিনত যথেষ্ট প্রত্যাহ্বান–আক্রমণ সন্মুখীন হৈও দলৰ হৈ কাম কৰি যোৱাই নহয়, দলক ক্ষমতালৈ অনাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷
১৯৯১ আৰু ২০০১ত অগপক পৰাভূত কৰি দিছপুৰত কংগ্রেছৰ চৰকাৰ প্রতিষ্ঠা কৰাত তেওঁৰ ভূমিকা আছিল অনবদ্য৷ কিন্তু এইবাৰ তেওঁক প্রথম পর্যায়ৰ নির্বাচনৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত স্থান দিয়া নহ’ল৷ সেইদৰে দলৰ অন্যতম প্রবীণ নেতা প্রয়াত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ ঘনিষ্ঠ বন্ধু শৰৎ বৰকটকীকো এইবাৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত নাম সন্নিৱিষ্ট নকৰিলে৷ আনকি এইবাৰ নির্বাচনত বৰকটকীয়ে প্রার্থিত্ব বিচৰা নাছিল৷ জ্যেষ্ঠ পুত্র অনুজ বৰকটকীয়ে প্রার্থিত্ব বিচাৰিছিল যদিও প্রার্থিত্ব দিয়া নহ’ল৷ একেদৰে পৃথিৱী মাঝি, টংক বাহাদুৰ ৰাই, নুৰজামাল সৰকাৰ, গৌতম বৰাৰ দৰে জ্যেষ্ঠ কংগ্রেছী নেতাসকলক এইবাৰ টিকটৰ পৰা বঞ্চিত কৰাৰ পাছত ষ্টাৰ কেম্পেইনাৰ হিচাপেও তেওঁলোকক লোৱা নহ’ল৷
আনহাতে, ষ্টাৰ কেম্পেইনাৰৰ পৰা আঁতৰাই ৰখা হ’ল বৰপেটাৰ সাংসদ আব্দুল খালেককো৷ ৰাজ্যখনৰ আন দুগৰাকী কংগ্রেছ সাংসদক ষ্টাৰ কেম্পেইনাৰৰ তালিকাত ৰাখি খালেকক বঞ্চিত কৰাক লৈ কংগ্রেছৰ ভিতৰচ’ৰাতেই ব্যাপক চর্চা চলিছে৷ কিয়নো প্রথম পর্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিসমূহৰ ক্ষেত্রত বিশেষকৈ বটদ্রৱা, ৰূপহী, ধিং, চামগুৰি, নাওবৈচা, বিশ্বনাথ আদি সমষ্টিত যথেষ্ট সংখ্যালঘু ভোটাৰ আছে৷ তেনে অৱস্থাত সংখ্যালঘু সম্প্রদায়ৰ সাংসদগৰাকীক কি কাৰণত ষ্টাৰ কেম্পেইনাৰ হিচাপে স্থান দিয়া নহ’ল, তাক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত ব্যাপকভাৱে আলোচনা হৈছে৷ এ আই ইউ ডি এফৰে জধে–মধে আসন বুজাবুজিৰ বিৰোধিতা কৰাৰ লগতে দলীয় বিভিন্ন নীতিগত বিষয়ত খালেকে এক নির্দিষ্ট স্থানত অৱস্থান কৰি অহা বাবেই অতি কৌশলেৰে তেওঁক ষ্টাৰ কেম্পেইনাৰৰ দায়িত্বৰ পৰা বিৰত ৰখা বুলি বিভিন্নজনে ধাৰণা কৰিছে৷