অসম–পশ্চিমবংগ সীমান্তত মাছৰ ছিণ্ডিকেট
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ কোকৰাঝাৰ জিলাৰ অসম–বংগ সীমান্তত ছিণ্ডিকেটৰাজে চৰম অৰাজক পৰিস্থিতি সৃষ্টি কৰিছে৷ বহিঃৰাজ্যৰ পৰা অসমলৈ অহা আৰু অসমৰ পৰা বাহিৰলৈ ওলাই যোৱা প্রতিখন মালবাহী গাড়ীয়ে শ্রীৰামপুৰ চেক গেটত ধন আদায় দিবলগীয়া হোৱাটো অলিখিত নিময়ত পৰিণত হৈছে৷ প্রতিখন কয়লা, চুপাৰি, গাহৰি, ব্রইলাৰ কঢ়িওৱা ট্রাকৰ পৰা মাফিয়া বাহিনীয়ে প্রতিনিশা কোটি টকাৰ অবৈধ কৰ সংগ্রহ কৰাৰ বাতৰি ইতিমধ্যে ‘নিয়মীয়া বার্তা’ত বিস্তাৰিতভাৱে প্রকাশ পাইছে৷ কিন্তু তাৰ পাছতো অসম আৰক্ষী, কোকৰাঝাৰ জিলাৰ আৰক্ষী–প্রশাসন নির্বিকাৰ হৈ আছে৷ কোনো সন্দেহ নাই যে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই প্রতিদিনে পুৱাই ছিণ্ডিকেটৰ পৰা নির্ধাৰিত পৰিমাণৰ ধন লাভ কৰে৷ যাৰ বাবে তেওঁলোকে হাফিজুল ইছলাম আৰু গ’ল্ডেন বসুমতাৰীৰ ছিণ্ডিকেটৰ পৃষ্ঠপোষকৰ ভূমিকাত অৱতীর্ণ হৈছে৷ উল্লেখ্য যে শ্রীৰামপুৰৰ ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড হাফিজুল ইছলামক কেন্দ্র কৰিয়ে এসময়ত কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ আৰক্ষীৰ মাজত প্রত্যক্ষ সংঘাত সৃষ্টি হৈছিল৷ সেই সময়ত ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ গৰু ছিণ্ডিকেটৰ গুৰি ধৰিছিল হাফিজুল ইছলাম নামৰ মাফিয়াজনে৷
ধুবুৰী আৰক্ষীয়ে তেওঁক ম’ষ্ট ৱাণ্টেড ঘোষণা কৰিলেও কোকৰাঝাৰ আৰক্ষীৰ বাবে তেওঁ আছিল নয়নৰ মণি৷ যাৰ বাবে কোকৰাঝাৰত বাহৰ পাতি বাংলাদেশলৈ গৰু চালানৰ বজাৰখন নিয়ন্ত্রণ কৰি আহিছিল এইগৰাকী হাফিজুল ইছলামে৷ হাফিজুলক গ্রেপ্তাৰ কৰিবলৈ গৈ কোকৰাঝাৰত অপদস্থ হ’বলগীয়া হৈছিল ধুবুৰী আৰক্ষী৷ পৰৱর্তী সময়ত দুই সীমান্তৱর্তী জিলাৰ আৰক্ষীৰ সংঘাত নিৰাময় কৰিবলগীয়া হৈছিল আৰক্ষী সঞ্চালকপ্রধানে৷ কিছুদিনৰ পাছত হাফিজুল ধুবুৰী আৰক্ষীৰ জালত পৰে যদিও জে’লৰ পৰা মুকলি হৈ আহি পুনৰ ছিণ্ডিকেটত নামি পৰে৷ এইবাৰো তেওঁক সহযোগ আগবঢ়ায় কোকৰাঝাৰ আৰক্ষীয়ে৷ শ্রীৰামপুৰত নিজৰ গুণ্ডা বাহিনী নিয়োগ কৰি হাফিজুল ইছলাম আৰু গ’ল্ডেন বসুমতাৰীয়ে কয়লাৰ ট্রাকৰ পৰা ৩০ হাজাৰকৈ, চুপাৰিৰ ট্রাকৰ পৰা ৩৫ হাজাৰকৈ আৰু ব্রইলাৰ, গাহৰি পৰিবাহী গাড়ীৰ পৰা ১৫ হাজাৰকৈ টকা সংগ্রহ কৰি আহিছে৷ পুৱাই বস্তাত ভৰাই এই ধনৰ ভাগ শীর্ষ আৰক্ষী বিষয়া আৰু ৰাজনীতিকলৈ প্রেৰণ কৰা হয়৷ কালি ‘নিয়মীয়া বার্তা’ত এই বাতৰি প্রকাশ পোৱাৰ পাছত ধন সংগ্রহৰ কাউণ্টাৰ শিমুলতাপুৰ এটা তেল ডিপোলৈ স্থানান্তৰ কৰা হৈছে৷ ছিণ্ডিকেট বাহিনীয়ে অসম–বংগ সীমান্তত ডকাইতৰ ৰূপ লোৱাত উদ্বিগ্ণতা প্রকাশ কৰিছে স্থানীয় সংগঠনসমূহে৷
ছিণ্ডিকেট বন্ধ কৰাৰ দাবীত কালি চাৰিটাকৈ সংগঠনে কোকৰাঝাৰৰ উপায়ুক্তলৈ স্মাৰক–পত্র প্রেৰণ কৰিছে৷ স্মাৰক–পত্রখনত উল্লেখ কৰা অনুসৰি শ্রীৰামপুৰত ব্রইলাৰ, চুপাৰি, কয়লা, লাইভ ষ্টক, শিল আদিৰ উপৰি চাইনিজ মাগুৰ আৰু শুকান মাছৰ নামতো বৃহৎ ছিণ্ডিকেট চলি আছে৷ এই ছিণ্ডিকেট আৰক্ষী আৰু ৰাজনীতিকৰ সহযোগত চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমছু, আছা, আক্রাছু, এবিএমছু আদি সংগঠনসমূহে৷ চাৰিটাকৈ সংগঠনৰ ৰাজহুৱা অভিযোগৰ পাছতো পূর্বৰ দৰেই আজিও শিমুলতাপুত ধন সংগ্রহ চলি থকা বুলি জানিব পৰা গৈছে৷ অর্থাৎ মাফিয়া–আৰক্ষীৰ নেক্সাছৰ সন্মুখত উপায়ুক্তগৰাকীও নতশিৰ হৈ পৰিছে৷ ইফালে, হাফিজুল–গ’ল্ডেন বাহিনীয়ে সংগ্রহ কৰি অহা গুণ্ডাকৰ এজন বিশেষ এম চি এলৰ জৰিয়তে নির্বাচনতো বিনিয়োগ হোৱাৰ খবৰ চৌদিশে চর্চিত হৈছে৷ এই খবৰ স্বাভাৱিকতে দেশৰ গণতন্ত্রৰ বাবেও অতিশয় বিপজ্জনক৷