অমিত কণ্ঠঃ এয়া অসমৰ ভৱিষ্যৎ নির্ণয়ৰ নির্বাচন
নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ ৰাজ্যৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি তীব্রতৰ হৈছে নির্বাচনী প্রচাৰ৷ আক্রমণ–প্রত্যাক্রম প্রতিটো ৰাজনৈতিক দলে ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা চলাইছে৷ ইয়াৰ মাজতে দেওবাৰে বিজেপিৰ হৈ নির্বাচনী ৰণদুন্দুভি বজালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ নাজিৰা আৰু মার্ঘেৰিটাত দুখনকৈ বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে উদাত্ত ভাষণেৰে নির্বাচনী প্রচাৰ আৰম্ভ কৰি কয় যে আগন্তুক বিধানসভা নির্বাচন অসমৰ ভৱিষ্যৎ নির্ণয়কাৰী নির্বাচন৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রজোঁটক কঠোৰ ভাষাৰে সমালোচনা কৰি গৃহমন্ত্রীগৰাকীয়ে কয়– ‘আগন্তুক বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত ৰাইজৰ সন্মুখত দুটা বিকল্প আছে৷ এটা হ’ল প্রধানমন্ত্রী মোদীৰ নেতৃত্বত সর্বানন্দ সোণোৱাল–ড০ হিমন্ত বিশ্ব শর্মা আৰু অগপৰ মিত্রজোঁটৰ চৰকাৰ৷ আনটো বিকল্প হ’ল ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্রেছ–বদৰুদ্দিন আজমলৰ চৰকাৰৰ বিকল্প৷ অসমক উন্নয়নৰ দিশলৈ আগবঢ়াই কোনে লৈ যাব পাৰিব, সেয়া অসমৰ ৰাইজে নির্ধাৰণ কৰিব লাগিব৷ প্রধানমন্ত্রী মোদীয়ে অসমৰ বিকাশ কৰিব নে ৰাহুল গান্ধী আৰু বদৰুদ্দিন আজমলে অসমৰ বিকাশ কৰিব৷ এই নির্বাচন অসমৰ ভৱিষ্যৎ নির্ণয়কাৰী নির্বাচন৷ এই নির্বাচন যুৱ প্রজন্মৰ ভৱিষ্যৎ প্রজন্মৰ নির্বাচন৷’
কংগ্রেছে জাত–পাতৰ কথাৰে ৰাইজৰ মাজত সংঘর্ষ সৃষ্টি কৰিবলৈ চেষ্টা কৰে বুলি উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে বিজেপিয়ে নৰেন্দ্র মোদীৰ সবকা সাথ সবকা বিশ্বাস নীতিৰহে বিশ্বাসী৷ ৰাহুল গান্ধীয়ে আজমলক কোলাত লৈ আগবাঢ়িছে৷ আজমলক লগত লৈ কংগ্রেছে অসমক অনুপ্রৱেশকাৰীমুক্ত কৰিব পাৰিব নেকি বুলি প্রশ্ণ উত্থাপন কৰি শ্বাহে কয়– ‘বিজেপি চৰকাৰ ৰাজ্যৰ শাসনৰ গাদীলৈ অহাৰ পূর্বে কাজিৰঙাৰ ভূমি, সত্রৰ ভূমি অনুপ্রৱেশকাৰীয়ে বেদখল কৰিছিল৷ অনুপ্রৱেশকাৰীৰ বাবে অসমীয়া জাতিয়ে নিজৰ অধিকাৰ হেৰুৱাবলগীয়া হৈছিল৷ কিন্তু শাসনলৈ আহিয়ে বিজেপিয়ে কাজিৰঙা আৰু সত্রৰ ভূমি বেদখলমুক্ত কৰিলে৷ বছৰ বছৰ ধৰি শাসনত থকাৰ পাছতো কংগ্রেছে বেদখলকাৰীক উচ্ছেদ কৰিবলৈ কোনো ব্যৱস্থা নকৰিলে৷ কাৰণ তেওঁলোকে অনুপ্রৱেশকাৰীসকল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে৷ অসমত কংগ্রেছে এ আই ইউ ডি এফৰ লগত হাত মিলাইছে৷ সেইদৰে কেৰালাত মুছলিম লীগৰ সৈতে হাত মিলাইছে কংগ্রেছে৷ পশ্চিমবংগত ফুৰফুৰা শ্বৰীফৰ সৈতে তেওঁলোকে মিত্রতা স্থাপন কৰিছে৷ শাসনৰ গাদী দখল কৰিবৰ বাবে তেওঁলোকে যিকোনো পর্যায়লৈ যাব পাৰে৷ পুনৰ পাঁচ বছৰ বিজেপি শাসনলৈ আহিলে অসমত অনুপ্রৱেশকাৰীৰ সমস্যা অতীত হৈ যাব৷ অসমৰ ৰাইজে আজি সিদ্ধান্ত ল’ব লাগিব যে অসমত শান্তি লাগে নে হিংসা? বন্দুক লাগে নে চাকৰি৷ যুৱকসকল চিকিৎসক হ’ব লাগে নে আন্দোলনকাৰী? অনুপ্রৱেশকাৰী লাগে নে বিকাশৰ ৰে’লগাড়ী?’ বিগত পাঁচ বছৰত বিজেপি চৰকাৰখনে ৰাজ্যখন প্রায় অনুপ্রৱেশকাৰীমুক্ত কৰাৰ লগতে সন্ত্রাসবাদমুক্ত কৰিলে বুলিও তেওঁ ভাষণ প্রসংগত উল্লেখ কৰে৷
বিগত সময়ছোৱাত ২,০০০জন উগ্রবাদী সদস্যই আত্মসমর্পণেৰে মূলসুঁতিলৈ উভতি অহাৰ প্রসংগ উল্লেখ কৰি তেওঁ কয় যে বড়ো চুক্তিৰে অসমৰ জ্বলন্ত উগ্রবাদী সমস্যা সমাধান হৈছে৷ অসমত দীর্ঘদিন চলি অহা আন্দোলনৰ প্রসংগ উল্লেখ কৰি তেওঁ কয়– ‘এসময়ত কংগ্রেছে আন্দোলন কৰা যুৱক–যুৱতীক গুলীয়াই হত্যা কৰিছিল৷ কিন্তু আজি সেই আন্দোলনকাৰীসকলেই কংগ্রেছক জয়ী কৰাবৰ বাবে আমাৰ ভোট কর্তন কৰিবলৈ ওলাই আহিছে৷ আন্দোলনকাৰী আৰু আন্দোলনকাৰীসকলৰ ওপৰত গুলীচালনা কৰা পক্ষ একেলগ হৈ ওলাই আহিছে, যাতে তেওঁলোকে বিজেপিক হৰুৱাব পাৰে৷’ ভাষণ প্রসংগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰি তেওঁ কয় যে অসমৰ সংগীতক বিশ্ব দৰবাৰলৈ লৈ গৈছিল সুধাকণ্ঠই৷ এইখন অসমৰ পৰাই ১০ বছৰ প্রধানমন্ত্রী হৈ আছিল ড০ মনমোহন সিং৷ কিন্তু মোদী চৰকাৰেহে ভাৰতৰত্ন প্রদানেৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক প্রকৃত সন্মান প্রদান কৰিলে৷ একেদৰে দুর্নীতি–ভ্রষ্টাচাৰমু অসম গঢ়িবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি তেওঁ কয়– ‘পূর্বে নির্বাচনৰ সময়ত এখন চৰকাৰৰ দুর্নীতি–ভ্রষ্টাচাৰ নির্বাচনী ইছ্যু হোৱা দেখা গৈছিল৷ কিন্তু সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত এনেকুৱা এখন চৰকাৰ চলালে যে আজি বিৰোধীয়ে এই চৰকাৰখনৰ বিৰুদ্ধে দুর্নীতিৰ এটা অভিযোগো আনিব পৰা নাই৷ তিনিচুকীয়াৰ দৰে স্থানত মেডিকেল কলেজ নির্মাণ প্রক্রিয়া আৰম্ভ কৰা হ’ল৷ যাতে অসমৰ যুৱ সমাজে চিকিৎসক হৈ দৰিদ্র লোকসকলৰ সেৱা কৰিব পাৰে৷
কংগ্রেছৰ নির্বাচনৰ সময়ত চাহ বাগিচালৈ মনত পৰে৷ ১৫ বছৰে একেৰাহে শাসনৰ গাদীত থকা সত্ত্বেও তেওঁলোকে শ্রমিকসকলৰ উন্নয়নৰ বাবে কোনো কাম নকৰিলে৷ আমাৰ চৰকাৰে চাহ বাগিচাৰ গর্ভৱতী মহিলাসকলক ১২ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিলে৷ বর্তমানলৈ ৪৭ হাজাৰ গর্ভৱতী মহিলা লাভান্বিত হৈছে৷ তদুপৰি চাহ বাগিচাৰ শ্রমিকসকলক বিনামূলীয়া চাউল যোগান ধৰা হৈছে৷ চাহ বাগিচাৰ শ্রমিকসকলৰ মজুৰি বৃদ্ধি কৰা হৈছে৷ তেওঁলোকৰ বাবে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রমত আসন সংৰক্ষণ কৰা হৈছে৷ ৰাজ্য চৰকাৰে ১৩০খন ভ্রাম্যমাণ মেডিকেল ইউনিটৰ জৰিয়তে চাহ বাগিচাত চিকিৎসা প্রদান কৰি আহিছে৷ বর্তমানলৈ ৪০ লাখ লোক এই সেৱাৰ দ্বাৰা লাভান্বিত হৈছে৷ বিজেপি চৰকাৰৰ শাসনকালতে চাহ বাগিচাৰ শ্রমিকসকলৰ বেংক একাউণ্ট খোলা হৈছে৷’
ইফালে পুনৰ বিজেপি শাসনলৈ আহিলে অসমক বানমুক্ত কৰিব বুলিও প্রতিশ্রুতি দিয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ ভাষণ প্রসংগত তেওঁ কয় যে অসমৰ অন্যতম জ্বলন্ত সমস্যা হৈছে বানপানী৷ পুনৰ পাঁচ বছৰ বিজেপিক দিয়ক, অসম বানমুক্ত কৰি তোলা হ’ব৷ ইতিমধ্যে উপগ্রহৰ ছবিৰ জৰিয়তে এটা সমীক্ষা কৰা হৈছে৷ ইয়াৰ জৰিয়তে জলাশয় খান্দি কিদৰে বানমুক্ত কৰিব পৰা যায়, তাৰ এক বৃহৎ প্রতিবেদন প্রস্তুতৰ জৰিয়তে পৰিকল্পনা ইতিমধ্যে আৰম্ভ হৈছে৷ তদুপৰি ভাষণ প্রসংগত তেওঁ মোদী চৰকাৰৰ নেতৃত্বত দলং–ৰাস্তা নির্মাণৰ পৰা আৰম্ভ কৰি আম্তঃগাঁথনিৰ ক্ষেত্রত হোৱা বিভিন্ন উন্নয়নমূলক কাম–কাজৰ খতিয়ান দাঙি ধৰে৷ তিনিচুকীয়াৰ মর্ঘেৰিটাৰ বৰগোলাইস্থিত দিহিং–পাটকাই ক্রীড়া প্রকল্পত অনুষ্ঠিত এই জনসভাখনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো ভাষণ প্রদান কৰে৷ বিধায়ক ভাস্কৰ শর্মাৰ সমর্থনত অনুষ্ঠিত সভাখনত কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, বিজেপিৰ মুখপাত্র অৰুণজ্যোতি মৰাণ, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, বিজেপিৰ চাহ কোষৰ ৰাজ্যিক সভাপতি প্রহ্লাদ গোৱালা আদি উপস্থিত থাকে৷
নাজিৰাত নির্বাচনী ৰণডংকা অমিত শ্বাহৰ
কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াৰ সমষ্টি নাজিৰাত আজি নির্বাচনী ৰণডংকা বজালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ মার্ঘেৰিটাৰ জনসভাত অংশগ্রহণৰ পাছতে তেওঁ নাজিৰাত উপস্থিত হৈ বিজেপি প্রার্থী ময়ূৰ বৰগোহাঁইৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ইয়াতো কংগ্রেছ–এ আই ইউ ডি এফ মিত্রজোঁটক আক্রমণৰ লক্ষ্য কৰি কয়– ‘আগন্তুক নির্বাচনত বিজেপি আৰু কংগ্রেছৰ মাজত প্রতিদ্বন্দ্বিতা হ’ব৷ কংগ্রেছে ৰাহুল গান্ধীৰ নেতৃত্বত নির্বাচনত অৱতীর্ণ হ’ব আৰু ৰাহুল গান্ধীৰ কান্ধত বহি আছে বদৰুদ্দিন আজমল৷ আপোনালোকে কংগ্রেছক দিয়া এটা এটা ভোট প্রকৃতার্থত বদৰুদ্দিন আজমলে লাভ কৰিব৷ বদৰুদ্দিন আজমলক দিয়া এটা এটা ভোটেৰে তেওঁ অসমক অনুপ্রৱেশকাৰীৰে ভৰাই পেলাব৷ সেয়েহে আপোনালোকে সিদ্ধান্ত লওক অনুপ্রৱেশকাৰী অনা দল লাগে নে অনুপ্রৱেশকাৰী বিতাড়ন কৰা দল লাগে৷’
পাঁচ বছৰ পূর্বে ৰাইজক প্রতিশ্রুতি দিয়া অনুসৰি সন্ত্রাসবাদমুক্ত কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি শ্বাহে কয় যে পুনৰ তেওঁলোকে চৰকাৰ গঠন কৰিলে অসমক আন্দোলনমুক্ত কৰিব৷ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত অসম বিকশিত ৰাজ্যৰ শাৰীলৈ আগবাঢ়িছে৷ এই জনসভাখনতো অসমক বানমুক্ত কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে৷ ইফালে ভাষণ প্রসংগতে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা পদক্ষেপৰ বিষয়ে শলাগ লৈ তেওঁ কয়– ‘অসমত চিকিৎসা মহাবিদ্যালয় এসময়ত ৰাইজে সপোনত দেখিছিল৷ কিন্তু ড০ হিমন্ত বিশ্ব শর্মাই পাঁচ বছৰত ৬খন চিকিৎসা মহাবিদ্যালয় অসমক দিলে৷ এতিয়া চিকিৎসক হ’বলৈ অসমৰ যুৱক–যুৱতী দিল্লী–বাংগালুৰুলৈ যোৱাৰ প্রয়োজন নাই৷ স্থানীয় অঞ্চলত অধ্যয়ন কৰিয়ে তেওঁলোকে চিকিৎসক হ’ব পাৰিব৷ তদুপৰি টাটাৰ সৈতে চুক্তি কৰি অসমত উন্নতমানৰ হাস্পতাল নির্মাণ কৰা হৈছে৷’ তেওঁ কয় যে অসমৰ উন্নয়নৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১,৫৫,৩০০ হাজাৰ কোটি টকা দিছে৷ আজিৰ সভাখনত ড০ হিমন্ত বিশ্ব শর্মাও উপস্থিত থাকে৷ তদুপৰি নাজিৰা নগৰ ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত সভাখনত সাংসদ তপন কুমাৰ গগৈ, কামাখ্যাপ্রসাদ তাছা, শিৱসাগৰ সমষ্টিৰ বিজেপি প্রার্থী সুৰভি ৰাজকুঁৱৰী, মন্ত্রী যোগেন মহনকে ধৰি বহুসংখ্যক শীর্ষস্থানীয় নেতা উপস্থিত থাকে৷
আজি পুনৰ অসমলৈ আহিব অমিত শ্বাহ
আজি পুনৰ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰা এক নতুন টাউন হল কার্যসূচী ‘অগ্রগামী অসম’ মুকলি কৰিব কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ এখন সংবাদ মেলত এই কথা সদৰী কৰে বিজেপিৰ মুখপাত্র পৱিত্র মার্ঘেৰিটাই৷ তেওঁ প্রকাশ কৰা অনুসৰি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে এই কার্যসূচীৰ শুভাৰম্ভ কৰিব৷ এই কার্যসূচীত ৰাজ্যিক বিজেপিৰ ডেৰ সহস্রাদিক সামাজিক মাধ্যমৰ কার্যকর্তাক তেওঁ সম্বোধন কৰিব৷ বৈদ্যুতিন আৰু সামাজিক মাধ্যমৰ উপৰি ১০০খন অডিঅ’–ভিডিঅ’ ভ্রাম্যমাণ বাহনেৰে পোনপটীয়াভাৱে সম্প্রচাৰিত হ’ব৷ এই সংবাদ মেলত বিজেপিৰ সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰল, নির্বাচনী সংবাদ কোষৰ সহঃ আহ্বায়ক ড০ দেৱজিৎ মহন্ত উপস্থিত থাকে৷