ক’ৰোনা প্রতিৰোধত দেশৰ ভিতৰতে সফল অসম
নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ ক’ভিডৰ সংক্রমণে দেশজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে অসমত এই মহামাৰী প্রতিৰোধৰ বাবে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গ্রহণ কৰা পদক্ষেপক ভূয়সী প্রশংসা কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ আজি মার্ঘেৰিটাৰ এখন বিশাল জনসভাত অংশগ্রহণ কৰি দিয়া ভাষণত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে ক’ৰোনা প্রতিৰোধৰ ক্ষেত্রত অসমত যিমান ভাল কাম হৈছে দেশৰ ক’তো হোৱা নাই৷ এই প্রসংগত শ্বাহে কয়, ‘প্রধানমন্ত্রী মোদীৰ নেতৃত্বত সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাই অসমক ক’ৰোনাৰ প্রকোপৰ পৰা বচাবলৈ সক্ষম হৈছে৷ ক’ৰোনাৰ সময়ত অসমত যিমান ভাল কাম হৈছে সেয়া দেশৰ ক’তো হোৱা নাই৷ ক’ৰোনা মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰা সময়ছোৱাত স্বাস্থ্যৰ ক্ষেত্রখনত আন্তঃগাঁথনি শক্তিশালী কৰা হ’ল৷ সেই সময়ছোৱাত পৰীক্ষাৰ সুবিধাও বৃদ্ধি কৰা হ’ল৷’
ইফালে, ক’ৰোনাৰ প্রতিষেধক প্রদানৰ ক্ষেত্রত ৰাজ্যৰ অগ্রগতিক লৈও সন্তুষ্টি প্রকাশ কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ ইতিমধ্যে ৰাজ্যত পাঁচ লাখ লোকক প্রতিষেধক প্রদান কৰা হৈছে বুলি তেওঁ সদৰী কৰে৷ উল্লেখ্য যে ইয়াৰ পূর্বেও প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ক’ৰোনা প্রতিৰোধৰ ক্ষেত্রত অসমে লোৱা পদক্ষেপৰ শলাগ লৈছিল৷ ক’ৰোনাৰ সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়ছোৱাত ৰোগীক ৰখাৰ সু–ব্যৱস্থা কৰাৰ লগতে গাঁৱে–ভূঞে, চহৰে–নগৰে ক’ৰোনা পৰীক্ষা ব্যৱস্থা শক্তিশালী কৰিবলৈ দৃঢ় পদক্ষেপ লৈছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সেই সময়ছোৱাত স্বাস্থ্যমন্ত্রীগৰাকীয়্ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা আৰম্ভ কৰি হাস্পতাল, কোৱাৰেণ্টাইন চেণ্টাৰ আদি নিজেই পৰিদর্শন কৰি সমগ্র ব্যৱস্থাৰ বুজ লৈছিল৷ সেই সময়ত লোৱা পদক্ষেপৰ বাবে স্বাস্থ্যমন্ত্রীগৰাকীক্ উচ্চ প্রশংসা কৰিছিল অসমৰ ৰাইজেও৷