নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌকা বিহাৰ, হাতী ছাফাৰীৰে উখল-মাখল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলী

বনভোজপ্রেমীয়ে ভিৰ কৰিছে নৈসৰ্গিক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত । বছৰৰ শেষ সপ্তাহটোত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলী হৈ পৰিছে লোকে লোকাৰণ্য ।

সসৰু বৰ গাড়ীৰে অহা বহুসংখ্যক বনভোজপ্রেমীয়ে উৎফুল্ল হৈ আনন্দ উপভোগ কৰা দেখা গ’ল মানাহত৷ মানাহৰ কাষেৰে বৈ অহা পৰিষ্কাৰ নৈখনত জলকেলিৰ লগতে নৌকা বিহাৰৰ আনন্দও লৈছে অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা বনভোজপ্রেমীয়ে৷

নৌকা বিহাৰ, জীপছী, হাতী ছাফাৰি অথবা ব্যক্তিগত বাহন আদিৰে মানাহৰ নৈসর্গিক দৃশ্য উপভোগ কৰাত ব্যস্ত হৈ পৰিছে বনভোজপ্রেমীসকল৷ বনভোজ পৰিচালনা সমিতিয়ে পৰিষ্কাৰ–পৰিচ্ছন্ন প্রতি লক্ষ্য ৰখাৰ লগতে বাগ্সা আৰক্ষীয়ে নিৰাপত্তাৰ দিশটোৰ প্রতি তীক্ষ্ণ নজৰ ৰখাত উপকৃত হৈছে বনভোজপ্রেমীসকল৷

You might also like