কেৱল চৰকাৰ গঠনৰ স্বার্থতে এআইইউডিএফৰে মিত্রতা কংগ্রেছৰ
বিশ্বনাথ–গহপুৰ–দেৰগাঁওত ৰাজনাথ সিঙৰ ৰণডংকা
নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ পোন্ধৰ বছৰীয়া শাসনকালত কংগ্রেছ দলে অসমৰ সামগ্রিক উন্নয়ন সাধন কৰাত সম্পূর্ণৰূপে ব্যর্থ হৈছে৷ ইয়াৰ বিপৰীতে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে মাত্র পাঁচ বছৰতে অসমক উন্নয়ন আৰু বিকাশৰ পথেৰে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে৷’ –এই মন্তব্য কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ৷ আজি গহপুৰ, বিশ্বনাথ আৰু দেৰগাঁৱত নির্বাচনী ৰণডংকা বজাই কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে পুনৰ অসমত বিজেপিৰ চৰকাৰ হ’ব বুলি মন্তব্য কৰে৷ উত্তৰ অসমৰ অৰুণাচল প্রদেশ সীমান্তৱর্তী ডফলাগড়ত গহপুৰৰ বিজেপি প্রার্থী উৎপল বৰাৰ হৈ নির্বাচনী প্রচাৰ চলাই ৰাজনাথ সিঙে কয়– ‘বিজেপি চৰকাৰৰ আমোলত অসমলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে৷ কংগ্রেছ চৰকাৰৰ দিনত উগ্রপন্থীৰ দপদপনিত উত্তৰ অসম অশান্তজর্জৰ কৰি ৰাখিছিল৷ কিন্তু অপাৰেচন অল আউটৰ জৰিয়তে বিজেপি চৰকাৰে এই অঞ্চলটোত শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হৈছে৷’ অসমীয়া ভাষাতে ভাষণ আৰম্ভ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ভাষণ প্রসংগত বীৰ লাচিত বৰফুকন, শ্বহীদ কনকলতা বৰুৱাৰ দৰে বীৰ–বীৰাংগনাক সোঁৱৰণ কৰে৷
এই প্রসংগত তেওঁ কয়– ‘লাচিত বৰফুকনে দেশৰ সুৰক্ষাৰ বাবে মোমায়েকক কাটি দুছেও কৰি দেশ প্রথম, ৰাষ্ট্র প্রথম নীতিক প্রতিষ্ঠা কৰিছিল৷ বিজেপি চৰকাৰৰ আমোলাত এইসকল বীৰ–বীৰাংগনাৰ গৰিমা অসমৰ সীমা অতিক্রম কৰি দেশৰ ভিন্ন প্রান্তত উজলি উঠিছে৷ এন ডি এৰ প্রশিক্ষণত শ্রেষ্ঠত্ব অর্জন কৰা সেনা বিষয়াক লাচিত বৰফুকনৰ নামত সন্মানিত কৰা হয়৷ সেইদৰে ভাৰতীয় নৌসেনাৰ এখন যুদ্ধ জাহাজ শ্বহীদ বীৰাংগনা কনকলতাৰ নামেৰে নামকৰণ কৰা হৈছে৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক বিজেপি চৰকাৰে ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰিছে৷’ আগন্তুক পাঁচ বছৰত অসম অধিক দ্রুতগতিৰে বিকাশৰ গতিৰে আগবাঢ়ি যাব বুলি প্রতিশ্রুতি দি তেওঁ কয় যে অসমত ৰে’ল সেৱাৰ বিকাশৰ বাবে মোদী চৰকাৰে ৭,০০০ কোটি টকা আবণ্টন দিছে৷ তদুপৰি চাহ শ্রমিকৰ উন্নয়নৰ বাবে ১,০০০ কোটি টকা প্রদান কৰাৰ লগতে চাহ শ্রমিকৰ মজুৰি ১৬৬ টকাৰ পৰা ২১৭ টকালৈ বৃদ্ধি কৰা হৈছে৷ আয়ুস্মান ভাৰত আঁচনিৰে লাখ লাখ দৰিদ্র ৰোগীলৈ চিকিৎসা সেৱা বিনামূলীয়াকৈ প্রদান কৰা হৈছে৷ অহা ২০২২ বর্ষৰ ভিতৰত দেশৰ প্রতিঘৰতে শৌচালয় আৰু ২০২৪ চনৰ ভিতৰত পানীৰ ব্যৱস্থা গ্রহণ কৰাৰ কথাও উল্লেখ কৰি ৰাজনাথ সিঙে গহপুৰৰ পৰা দ্বিতীয়বাৰৰ বাবে উৎপল বৰাক জয়ী কৰাবলৈ আহ্বান জনায়৷ বিশ্বনাথ জিলা বিজেপিৰ সম্পাদক নোমল বৰুৱাই আঁত ধৰা আৰু বিধায়ক উৎপল বৰাই আদৰণী ভাষণ প্রদান কৰা এই সভাখনত ভাষণ প্রদান কৰি সাংসদ পল্লৱলোচন দাসে কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ আজিৰ সভাখনত বিজেপিৰ ৰাজ্যিক মুখপাত্র ঋতুবৰণ শর্মা, অসম গণ পৰিষদৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য সিদ্ধেশ্বৰ হাজৰিকা, গণ শক্তিৰ গহপুৰৰ নেতা মনজিৎ পাটগিৰিসহ বহুসংখ্যক শীর্ষস্থানীয় নেতা উপস্থিত থাকে৷
বিশ্বনাথত নির্বাচনী প্রচাৰ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীৰ
বিশ্বনাথ চাৰিআলিৰ সাধৰু খেলপথাৰত অনুষ্ঠিত এখন নির্বাচনী সভাত অংশগ্রহণ কৰে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ বিশ্বনাথ সমষ্টিৰ বিজেপিৰ প্রার্থী প্রমোদ বৰঠাকুৰৰ হৈ প্রচাৰ চলাই কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয়– ‘অসমৰ সভ্যতা–সংস্কৃতিৰ লগত মই পূর্বৰে পৰা পৰিচিত৷ অসমৰ সৈতে আন ৰাজ্যৰ তুলনা নহয়৷’ ভাষণ প্রসংগত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে আগবঢ়াই যোৱা অৱদানৰ বিষয়ে উল্লেখ কৰে ৰাজনাথ সিঙে৷ ইফালে আহোমৰ ৰাজত্বকালত অসমৰ প্রতিৰক্ষা ব্যৱস্থা অত্যন্ত শক্তিশালী আছিল বুলি উল্লেখ কৰি তেওঁ অসম বীৰ–বীৰাংগনাৰ ভূমি বুলি মন্তব্য কৰে৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনৰ শাসনকালত অসম–বাংলাদেশ সীমান্ত ছীল কৰাৰ ক্ষেত্রত লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয়– ‘অসম–বাংলাদেশ সীমান্ত ইতিমধ্যে ছীল কৰা হৈছে৷ আগন্তুক সময়ত ত্রিপুৰাৰ উন্মুক্ত সীমান্তও সম্পূর্ণৰূপে ছীল কৰা হ’ব৷’ আনহাতে, কেন্দ্রীয় চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ পৰা অসম কিদৰে লাভান্বিত হৈছে, সেই সন্দর্ভত তেওঁ কয় যে কেন্দ্রই দিয়া ১০০ পইচা তৃণমূল পর্যায়ত লাভ কৰালৈকে এসময়ত ১৬ পইচালৈ হ্রাস পাইছিল৷ কিন্তু এতিয়া আবণ্টিত চৰকাৰী আঁচনি ১০০ পইচাৰ ভিতৰত ১০০ পইচাই জনতাৰ হাতত পৰে৷ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ কোনো এজন মন্ত্রীৰ গাত ভ্রষ্টাচাৰৰ দাগ নাই৷ ইপিনে কিছুদিন পূর্বে বিশ্বনাথৰ চাহ বাগিচালৈ প্রিয়ংকা গান্ধীৰ ভ্রমণ প্রসংগও তেওঁৰ বক্তব্যত স্থান লাভ কৰে৷ নাম নোলোৱাকৈয়ে গান্ধীক সমালোচনা কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয়– ‘পোন্ধৰ বছৰ শাসনত থকাৰ পাছতো চাহ শ্রমিকসকলৰ উন্নয়নৰ কাম নকৰা নেত্রীৰ শ্রমিকপ্রীতি কিয়? চাহ বাগিচাৰ সকলো সমস্যা বিজেপি নেতৃত্বাধীন চৰকাৰে সমাধান কৰিব৷’ একে সময়তে তেওঁ বিশ্বনাথৰ সোণাজুলি–ফুলবাৰী কাণ্ডৰ কথা উল্লেখ কৰি এই অঞ্চলটোলৈ শান্তি আৰু সুস্থিৰ পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্রত অপৰিসীম অৱদান আছে বুলি উল্লেখ কৰে৷ আজিৰ এই সভাখনত সাংসদ পল্লৱলোচন দাস, অগপ নেতা প্রবীণ হাজৰিকা, বিজেপি নেতা দিগন্ত ঘাটোৱাৰ, অশোক ভট্টৰায়, ছত্তিশগড়ৰ বিজেপি নেতা সন্তোষ শ্রীবাস্তৱ উপস্থিত থাকে৷
কংগ্রেছে ধর্মৰ ৰাজনীতি কৰিছে, বিজেপিয়ে মানৱীয়তাৰঃ সিং
‘জাতি–ধর্মৰ নামত ৰাজনীতি কৰি কংগ্রেছে দেশখন ভাগ ভাগ কৰিব বিচাৰিছে৷ কিন্তু বিজেপিয়ে সদায় মূল্যবোধৰ ৰাজনীতি কৰি আহিছে৷ বিজেপিয়ে মানৱীয়তাবাদক অগ্রাধিকাৰ দি আহিছে৷’ –এই মন্তব্য ৰাজনাথ সিঙৰ৷ দেৰগাঁও বিধানসভা সমষ্টিৰ বিজেপি মিত্রজোঁটৰ অগপ প্রার্থী ভবেন ভৰালীৰ হৈ ভোটভিক্ষা কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে কয় যে বর্তমানৰ কংগ্রেছ দলৰ অৱস্থা কি হৈছে, সেয়া বুজাটো কঠিন৷ প্রয়াত তৰুণ গগৈ ১৫ বছৰ ধৰি ৰাজ্যৰ মুখ্যমন্ত্রী হৈ আছিল৷ কিন্তু তেওঁ এ আই ইউ ডি এফৰ লগত মিত্রতা কৰা নাছিল৷ বর্তমানৰ কংগ্রেছ নেতৃত্বই চৰকাৰ গঠনৰ ৰাজনীতিৰে এ আই ইউ ডি এফৰ লগত মিত্রতা কৰিছে৷ কেৱল চৰকাৰ গঠনৰ বাবে ৰাজনীতি কৰাটো উচিত নহয়৷ যোৰহাটৰ ঘৰফলীয়া ফিল্ডত অনুষ্ঠিত বিশাল নির্বাচনী সভাত ভাষণ প্রদান কৰি তেওঁ এইবুলিও কয়– ‘অসমৰ ইতিহাস আছে, গৌৰৱ আছে৷ এয়া লাচিত বৰফুকনৰ ভূমি৷ লাচিত বৰফুকনে দেশৰ বাবে নিজৰ মোমায়েকক শিৰশ্ছেদ কৰিছিল৷ এই বীৰগৰাকীৰ নাম আজি সমগ্র দেশে জানে৷ এন ডি এৰ শ্রেষ্ঠ বঁটা লাচিত বৰফুকনৰ নামত দিয়া হয়৷ কিন্তু এই লাচিতৰ ভূমিত কংগ্রেছে কি কৰিছে? বিজেপিৰ বাবে দেশ আৰু ৰাষ্ট্র প্রথম আৰু শেষ৷’ বর্তমান চৰকাৰৰ শাসনকালত গ্রহণ কৰা বিভিন্ন আঁচনিৰ বিষয়েও তেওঁ উল্লেখ কৰে৷
অসমৰ লগতে পশ্চিমবংগতো বিজেপিৰ চৰকাৰ হ’ব বুলি মন্তব্য কৰি সিঙে কয়– ‘অসম–বাংলাদেশৰ সীমান্ত পূর্বে উন্মুক্ত আছিল৷ সেয়া বিজেপি চৰকাৰে ছীল কৰিলে৷ চীন সীমান্তত আমাৰ সেনাৰ পৰাক্রম সমগ্র বিশ্বই মানি ল’বলৈ বাধ্য হৈছে৷ আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত আজি ভাৰতক প্রতিষ্ঠা কৰিছে প্রধানমন্ত্রী মোদীয়ে৷’ ইপিনে আজিৰ সভাখনত উপস্থিত থাকি অগপৰ সভাপতি অতুল বৰাই আগন্তুক নির্বাচনত মিত্রজোঁটৰ জয়ী বুলি দাবী কৰে৷ ভাষণ প্রসংগত বৰাই কয়– ‘কংগ্রেছ আজি বদৰুদ্দিনৰ তলাত বন্দী৷ বোকাখাত সমষ্টিত টিকট দিব নোৱাৰিলে কংগ্রেছে৷ কংগ্রেছে বিদেশী আনিলে৷ বাংলাদেশৰ পৰা বিদেশী অহাৰ পথ খুলি দিলে কংগ্রেছে৷ ৮৮০জন নিৰীহ অসমীয়াক কংগ্রেছে হত্যা কৰিলে৷ কংগ্রেছে লেতেৰা কৰি যোৱা বিভাগসমূহ চাফা কৰোঁতে আমাৰ চৰকাৰৰ প্রায় এবছৰ লাগিল৷’ ইফালে ক্ষুদ্র ক্ষুদ্র দলসমূহ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ ঔৰসত জন্মলাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে৷