যদি আপোনাৰ স্মাৰ্টফোন হেৰাই, তেন্তে কেনেকৈ বিচাৰিব? জানি লওক সহজ পদ্ধতি…
ব্যক্তিগত পৃথিৱীখন এতিয়া মানুহৰ হাতৰ মুঠিতেই আছে। বেংক লেনদেনৰ পৰা ছ’চিয়েল মিডিয়া বা ফোন নম্বৰ সকলোবোৰ স্মাৰ্টফোনতে সুৰক্ষিত হৈ থাকে। কিন্তু কেতিয়াবা সেই সাধাৰণ ম’বাইল ফোনটোৱেই যদি হেৰাই যায়, গোটেই পৃথিৱীখন অন্ধকাৰ যেন লাগে। কেতিয়াবা ভুল কৰি কৰবাত ম’বাইলটো এৰি বা ম’বাইলটো নিজৰ সৈতে ল’বলৈ পাহৰি অহা হয়। এনে ক্ষেত্ৰত কেতিয়াবা ফোনটো বিচাৰি পোৱাটো যদি কঠিন হয়, তেন্তে কি কৰিব?
যদি আপুনি এণ্ড্ৰইড স্মাৰ্টফোন (Android Smartphone) ব্যৱহাৰকাৰী, আপুনি আৰু চিন্তা কৰিব নালাগে। আপুনি ইয়াক সহজে বিচাৰি পাব পাৰে। কেৱল কেইটামান সৰল পদ্ধতি মনত ৰাখিব লাগিব।
বহু লোকে তেওঁলোকৰ হেৰুওৱা স্মাৰ্টফোন বিচাৰিবলৈ বিশেষ এপ্ছ ব্যৱহাৰ কৰে। বা ফোনটোৰ অৱস্থান পাবলৈ আন নম্বৰৰ পৰা হেৰুওৱা ফোনৰ নম্বৰৰ ফোন কৰে। কিন্তু যদি আপুনি ইয়াক ঘৰৰ বাহিৰত হেৰুৱায়, তেতিয়া আপুনি ইয়াক বিচাৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব।
এতিয়া হেৰুওৱা ফোনটো গুগলৰ সহায়ত ক’ত আছে চিনাক্ত কৰি সকলো ডাটা লক আৰু বিলোপ্ত কৰা সম্ভৱ। Find My Phone ফিচাৰৰ মাধ্য়মেৰে হেৰুৱা অৱস্থাটো হেণ্ডছেটটোৰ PIN বা পাছৱৰ্ড ৰিছেট কৰি সুৰক্ষিত কৰা সম্ভৱ।
ফোনটো বিচাৰি পোৱাৰ প্ৰথম চৰ্তটো হ’ল ই অন থাকিব লাগিব। আৰু ফোনত গুগল একাউণ্ট খোলা থাকিব লাগিব। সমান্তৰালকৈ, ইয়াৰ ডাটা বা ৱাই-ফাই অন থকাটো গুৰুত্বপূৰ্ণ।
আহকচোন জানো এই প্ৰক্ৰিয়াৰে হেৰুৱা এণ্ড্ৰইড স্মাৰ্টফোন কেনেদৰে পোৱা যায়-
১. android.com/find লিখি গুগল একাউণ্টত চাইন ইন কৰক। স্ক্ৰীণত ফোনটোৰ ছবি ওলাব।
২. গুগলে আপোনাক মেপৰ জৰিয়তে হেৰুওৱা ফোনৰ সাম্ভাব্য অৱস্থান দেখুৱাব। যদি বৰ্তমান অৱস্থানটো প্ৰদৰ্শন নকৰে, তেতিয়া অন্তিম অৱস্থানটো প্ৰদৰ্শন হ’ব।
৩. আপুনি এটা অৱস্থান পোৱাৰ পিছত, আপুনি তাত উপনীত হ’ব পাৰে আৰু আন এটা নম্বৰৰ পৰা কল কৰি চাব পাৰে। ফোনটো চাইলেণ্ট মোডত থাকিলেও প্লে চাউণ্ড (Play Sound) বিকল্পটো অন কৰিব পাৰি আৰু ফোনত পাঁচ মিনিটৰ বাবে ৰিং কৰিব পাৰি।
৪. কিন্তু ফোনটোৰ অৱস্থান যদি এটা অজ্ঞাত স্থান হয়, অকলে নগৈ সাৱধান হ’ব। এই ক্ষেত্ৰত, আৰক্ষীক অৱগত কৰাটো বুদ্ধিমানৰ কাম।
5. Find My Phone সুবিধাৰ পৰা Erase Device বিকল্প বাছনি কৰি ফোন ডাটা বিলোপ্ত কৰিব পাৰি। যাতে যদি ই আন কাৰোবাৰ হাতত পৰে, তেন্তে আপোনাৰ কোনো তথ্য পোৱা নাযায়।