টুইটাৰত অসমীয়া ভাষাত উপলব্ধ হ’ব বিভিন্ন তথ্য
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ অসম, কেৰালা, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ আগন্তুক বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি টুইটাৰে গ্রহণ কৰিছে কেইবাটাও বিশেষ পদক্ষেপ৷ এই ৰাজ্যসমূহৰ স্থানীয় ভাষাত টুইটাৰত শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দর্ভত তথ্য লাভ কৰিব পাৰিব৷ এক বিবৃতিত সদৰী কৰা অনুসৰি ভাৰতৰ নির্বাচন আয়োগ আৰু ৰাজ্যিক নির্বাচন আয়োগৰ ছটা ভাষাত টুইটাৰে মুকলি কৰিছে উদ্দীপক৷
ইয়াৰ জৰিয়তে বহুভাষিক যুৱ আলোচনা–চক্র অনুষ্ঠিত কৰা হ’ব৷ প্রার্থী, ৰাজনৈতিক দল, নাগৰিক, সংবাদ মাধ্যম আৰু সমাজৰ মাজত সঠিক তথ্য বিতৰণ আৰু সুস্থ গণতান্ত্রিক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে টুইটাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷ তথ্য অনুসন্ধান উদ্দীপকৰ জৰিয়তে বিশ্বাসযোগ্য তথ্য যোগান ধৰিব টুইটাৰে৷
ডেমক্রেচী আড্ডা শীর্ষক এক বিশেষ কার্যসূচীৰ জৰিয়তে যুৱ প্রজন্মৰ মাজত সাক্ষৰ ভোটাৰ আৰু নাগৰিকৰ যোগদানৰ লক্ষ্য কৰি লৈছে টুইটাৰে৷ ইংৰাজী, হিন্দী, তামিল, বঙালী, অসমীয়া আৰু মালায়ালমত টুইটাৰত এই নির্বাচনকেন্দ্রিক তথ্যসমূহ উপলব্ধ হ’ব৷ তদুপৰি ‘হৰ পলিটিকেল জার্নী’ শীর্ষক এক বিশেষ অনুষ্ঠানৰ জৰিয়তে মহিলা ৰাজনৈতিক নেত্রীসকলৰ মনৰ কথা প্রকাশ কৰাৰ সুবিধা প্রদান কৰিব টুইটাৰে৷ তদুপৰি বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি এটা ইম’জী মুকলি কৰিছে টুইটাৰে৷