পূব গুৱাহাটীৰ প্রার্থীক লিখিত প্রতিশ্রুতিৰ দাবী
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ সমগ্র ৰাজ্যত এতিয়া বলিছে নির্বাচনী গৰম বতাহ৷ আসন্ন অসম বিধানসভা নির্বাচনক লৈ বিজেপি আৰু কংগ্রেছৰ লগতে মিত্রজোঁট আৰু মহাজোঁটৰ অন্যান্য অংশীদাৰ দলসমূহেও নিজ নিজ লক্ষ্যত উপনীত হোৱাৰ বাবে ৰাজ্যজুৰি প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ ভোটাৰ ৰাইজক আকর্ষণ কৰিবলৈ ৰাজনৈতিক দলসমূহে ন ন কৌশল অৱলম্বন কৰি নির্বাচনী প্রচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ নির্বাচনী গীতৰ লগতে পদযাত্রা আৰু বাইক ৰেলীৰ জৰিয়তে সমষ্টিবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ ৰাজনৈতিক দলসমূহে প্রচেষ্টা অব্যাহত ৰাখিছে৷ একেদৰে গুৱাহাটী মহানগৰ জিলাৰ অন্তর্গত দিছপুৰ পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু জালুকবাৰী সমষ্টিতো নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্রচাৰ তুংগত উঠিছে৷
মিত্রজোঁটৰ প্রার্থীসকলে অসমীয়া জাতিৰ সভ্যতা–সংস্কৃতিৰ লগতে উন্নয়নৰ শ্লোগানেৰে ভোটাৰ ৰাইজৰ কাষ চপাৰ বিপৰীতে মহাজোঁটৰ সমর্থিত প্রার্থীসকলে কংগ্রেছৰ পাঁচোটা গেৰাণ্ঢীৰ জৰিয়তে ভোটাৰৰ মন জয় কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ কিন্তু গুৱাহাটী মহানগৰবাসীৰ দীর্ঘদিনীয়া সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে কোনো ৰাজনৈতিক দলে বিগত সময়ছোৱাত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ নির্বাচনৰ পূর্বে মহানগৰবাসীক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা, বাট–পথৰ উন্নয়ন, নলা–নর্দমাৰ মেৰামতি, মহিলাৰ নিৰাপত্তা, নিচামুক্ত মহানগৰী, নিবনুৱা সমস্যা সমাধান কৰা, পদপথৰ ব্যৱসায়ীসকলক সুৰক্ষা প্রদান আৰু বর্ধিত মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাৰ লগতে ভূমিহীন পৰিয়ালক পট্টা দিয়াৰ প্রতিশ্রুতি দি আহিছে যদিও ৰাজনৈতিক দলসমূহে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত এইসমূহ সমস্যা সমাধানৰ ক্ষেত্রত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷ সেয়েহে এইবেলি নির্বাচনৰ পূর্বে পূব গুৱাহাটী সমষ্টিৰ অন্তর্গত জু–নাৰেংগীবাসীক ৰাইজে উপৰিউক্ত সমস্যাসমূহ সমাধানৰ বাবে প্রার্থীসকলক লিখিত প্রতিশ্রুতি দিয়াৰ আহ্বান জনাইছে৷
কালি বৃহত্তৰ জু–নাৰেংগী তিনিআলি আঞ্চলিক উন্নয়ন সমিতিৰ কার্যালয়ত অনুষ্ঠিত এখন সভাত স্থানীয় ৰাইজে বিভিন্ন ৰাজনৈতিক দলৰ প্রার্থীসকলক এই আহ্বান জনায়৷ সমিতিৰ সভাপতি দ্বিজেন ভট্টাচার্যৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সর্বসন্মতিক্রমে এই সিদ্ধান্ত গ্রহণ কৰি সমূহ ৰাইজক উক্ত অঞ্চললৈ ভোট বিচাৰি অহা প্রার্থীসকলক এই দাবী জনাবলৈ আহ্বান জনায়৷ অন্যথা ৰাজনৈতিক দলসমূহে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত অঞ্চলবাসীৰ সমস্যা সমাধানত গুৰুত্ব আৰোপ নকৰিব পাৰে বুলি সভাত উপস্থিতসকলে উদ্বেগ প্রকাশ কৰে৷ আজিৰ সভাত সমিতিৰ উপ–সভাপতি সর্বশ্রী নৱ শর্মা, বলোৰাম কলিতা, বিকাশ তালুকদাৰ, নিশিতা গোস্বামী, ৰুমী দেৱী, আনোৱাৰা বেগম, আব্দুল আলী, বিজয় বিকাশ দেৱান, নগেন লুংথুং আৰু সমিতিৰ সম্পাদক ৰাজেশ শর্মা উপস্থিত থাকে৷ ইপিনে, সমিতিৰ এই পদক্ষেপক পূর্ণ সমর্থন আগবঢ়াইছে ছেভ গুৱাহাটী, বিল্ড গুৱাহাটীৰ সাধাৰণ সম্পাদক কৈলাস শর্মাই৷