মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ কাম–কাজৰ খতিয়ান দাখিল; ১৮ মার্চত দাখিল কৰিব মনোনয়ন
নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ৰাজ্যৰ চৌদিশে এতিয়া নির্বাচনী বতাহ৷প্রথম পর্যায়ৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত শাসক–বিৰোধীয়ে প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছে৷ ইয়াৰ সমান্তৰালকৈ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবেও প্রার্থীসকলে প্রচাৰ অভিযান অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ বিজেপিয়ে তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে প্রার্থী তালিকা প্রকাশ কৰাৰ পাছতে পূব গুৱাহাটী সমষ্টিত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই আৰম্ভ কৰিছে নির্বাচনী কুচকাৱাজ৷ প্রার্থিত্ব লাভৰ পাছতে হাজাৰ হাজাৰ সমর্থকক লগত লৈ বিশাল ৰেলীৰে পূব গুৱাহাটী সমষ্টিত মন্ত্রী ভট্টাচার্যই নির্বাচনী ৰণডংকা বজায়৷সমষ্টিবাসীক দিয়া প্রতিশ্রুতি ৰাখি মন্ত্রী ভট্টাচার্যই সমষ্টিবাসীৰ বাবে কৰা কাম–কাজ আৰু উন্নয়নৰ খতিয়ান প্রতি বছৰে প্রকাশ কৰি আহিছে৷
মঙলবাৰে মন্ত্রী ভট্টাচার্যৰ বাসগৃহত অনুষ্ঠিত এক অনুষ্ঠানত ২০১৯–২০ বর্ষত কৰা কাম–কাজ, বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে সমষ্টিবাসীয়ে লাভ কৰা অনুদান আৰু উন্নয়নৰ খতিয়ানৰ বার্ষিক প্রতিবেদন মুকলি কৰে৷ এই প্রতিবেদনখন সমষ্টিবাসীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰূপম গোস্বামীয়ে৷
বার্ষিক প্রতিবেদন মুকলি কৰি গোস্বামীয়ে ভাষণত কয় যে পূব গুৱাহাটী সমষ্টিৰ উন্নয়নৰ বাবে মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই কথাৰে নহয়, কামেৰে কৰি দেখুৱাইছে৷ পূব গুৱাহাটী সমষ্টিৰ এনে উন্নয়ন বিগত ৭০ বছৰে সমষ্টিবাসীয়ে দেখা নাছিল৷ কংগ্রেছ দলে বদৰুদ্দিন আজমলক লগত লৈ নির্বাচনী বৈতৰণী পাৰ হ’ব বিচাৰিছে বাবেই ৰাইজে বিশ্বাসত লোৱা নাই৷ পৰাজয়ৰ আশংকাত সমষ্টিটোত কংগ্রেছ দলৰ প্রার্থিত্ব ল’বলৈও আগ্রহী নহয় বহু কংগ্রেছ নেতা৷ সেয়েহে এতিয়ালৈকে কংগ্রেছ দলে পূব গুৱাহাটী সমষ্টিৰ প্রার্থী ঘোষণাই কৰিব পৰা নাই৷
অনুষ্ঠানত উপস্থিত থাকি মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই কয় যে নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি অনুসৰি সমষ্টি উন্নয়নৰ খতিয়ান প্রতিবছৰে প্রকাশ কৰি সমষ্টিবাসীক দি অহা হৈছে৷ ২০১৯–২০ বর্ষৰ প্রতিবেদন ক’ভিড মহামাৰীৰ বাবে প্রকাশ কৰিব পৰা হোৱা নাছিল৷ সংবাদ মাধ্যমেৰে হোৱা বার্তালাপত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই অহা ১৮ মার্চত মনোনয়ন দাখিল কৰিব বুলি জানিবলৈ দিয়ে৷ লগতে সমষ্টিৰ উন্নয়নৰ বাবে পুনৰ পূব গুৱাহাটী সমষ্টিত তেওঁক ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব বুলি আশা কৰে৷