বশিষ্ঠ অঞ্চলৰ সমস্যা সমাধানত ব্যর্থ অতুল বৰা!
নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে কামৰূপ মহানগৰ জিলাৰ অন্তর্গত চাৰিটা বিধানসভা সমষ্টিতো বলিছে নির্বাচনী গৰম বতাহ৷ পূব গুৱাহাটী, পশ্চিম গুৱাহাটীৰ সমান্তৰালকৈ দিছপুৰ বিধানসভা সমষ্টিটোৰ ভোটাৰসকলৰ মাজত বিভিন্ন জল্পনা–কল্পনা চলিছে৷
বিশেষকৈ দিছপুৰ বিধানসভা সমষ্টিত মিত্রজোঁটে অতুল বৰাক পুনৰ বিজেপিৰ পৰা প্রার্থিত্ব প্রদান কৰাত একাংশ কার্যকর্তাৰ মাজত মিশ্রিত প্রতিক্রিয়া অব্যাহত আছে৷ দিছপুৰ সমষ্টিৰ ভোটাৰ ৰাইজে যোৱা পাঁচটা বছৰৰ বাবে নির্বাচিত কৰা বিধায়ক বৰাই সমষ্টিটোৰ সমষ্টি উন্নয়নৰ স্বার্থত কিমান সফলতাৰে কাম কৰিলে এই লৈ সাধাৰণ ভোটাৰৰ মাজত ব্যাপক চর্চা হৈছে৷
বিধায়ক বৰাৰ পাঁচ বছৰীয়া কার্যকালত তেওঁ সমষ্টিৰ আশানুৰূপ উন্নয়নত ব্যর্থতাৰ অভিযোগ তুলি মহানগৰ উন্নয়ন সমিতিৰ একাংশ বিষয়ববীয়াসকলে কয় যে বশিষ্ঠ অঞ্চলৰ সমস্যা সমাধানৰ ক্ষেত্রত পাঁচটা বছৰে বিধায়কগৰাকীয়ে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা নাই৷ বৃহত্তৰ বশিষ্ঠ অঞ্চলৰ কৃত্রিম বান, খোৱাপানীৰ সমস্যা, প্রয়োজনীয় শিক্ষানুষ্ঠান আৰু নিবনুৱা সমস্যাৰ ক্ষেত্রত নিজৰ কার্যকালত বিধায়ক বৰাই উল্লেখযোগ্য ভূমিকা পালন কৰাত সম্পূর্ণ ব্যর্থ হৈছে৷
দিছপুৰত নিজ দলৰ চৰকাৰ থকাৰ পিছতো বিধায়কগৰাকীয়ে অঞ্চলবাসীৰ সমস্যা সমাধানৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰা নাছিল বুলি উন্নয়ন সমিতিৰ একাংশ বিষয়ববীয়াসকলে অভিযোগ কৰে৷ ঘাইকৈ বশিষ্ঠ চাৰিআলিত সঘনাই সৃষ্টি হোৱা যান–জঁট নিয়ন্ত্রণৰ প্রতি লক্ষ্য ৰাখি উক্ত স্থানত এখন উৰণীয়া সেতু নির্মাণৰ বাবে মহানগৰ উন্নয়ন সমিতিৰ লগতে স্থানীয় বাসিন্দা আৰু অন্যান্য সংগঠনসমূহে বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো বিধায়কগৰাকীয়ে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ একেদৰে বিশুদ্ধ খোৱাপানী, বাট–পথৰ উন্নয়ন, পর্যাপ্ত শিক্ষানুষ্ঠান আৰু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রতো তেওঁ বিফল হোৱা বুলি সমিতিৰ বিষয়ববীয়াসকলে অভিযোগ কৰে৷ সেয়েহে এইবাৰ বৃহত্তৰ অঞ্চলবাসীৰ সমস্যা সমাধানৰ ক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা প্রার্থীকহে ৰাইজে দিছপুৰলৈ নির্বাচিত কৰি পঠিয়াব বুলি সমিতিৰ সম্পাদক বীৰেন শর্মাই মতামত ব্যক্ত কৰে৷