পোষ্টাৰ–পত্রিকাত ছপাকাৰী–প্রকাশকৰ নাম বাধ্যতামূলক
কামৰূপ মহানগৰ জিলাৰ নির্বাচনী বিষয়াৰ নির্দেশ
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ নির্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ পৰিপ্রেক্ষিতত কামৰূপ মহানগৰ নির্বাচন জিলা কর্তৃপক্ষই জনপ্রতিনিধিত্ব আইন, ১৯৫১ৰ ১২৭(ক) ধাৰাৰ অধীনত নির্বাচনী পোষ্টাৰ, পত্রিকা আদি প্রকাশৰ ক্ষেত্রত কিছুমান বাধা–নিষেধ মানি চলিবলৈ নির্দেশ দিছে৷ সেই অনুসৰি কোনো ব্যক্তিয়ে পোষ্টাৰ, পত্রিকা আদিৰ সন্মুখভাগত প্রকাশক আৰু ছপাকাৰীৰ নাম–ঠিকনা উল্লেখ নকৰাকৈ নির্বাচন সম্পর্কীয় পোষ্টাৰ, পত্রিকা আদি ছপা বা প্রকাশ কৰিব নোৱাৰিব৷ প্রকাশকে নিজ স্বাক্ষৰসহ দুজন ব্যক্তিৰ দ্বাৰা প্রত্যায়িত ঘোষণা–পত্র ছপাকাৰীক প্রতিলিপিৰ সৈতে জমা দি পোষ্টাৰ, পত্রিকা আদি ছপা কৰিব পাৰিব৷ ছপা হোৱাৰ পাছত অতি কম সময়ৰ ভিতৰত ছপাকৃত পোষ্টাৰ বা পত্রিকাৰ প্রতিলিপি আৰু প্রকাশকৰ এখন ঘোষণা–পত্র ৰাজ্যৰ ৰাজধানীৰ ক্ষেত্রত মুখ্য নির্বাচনী বিষয়ালৈ আৰু ৰাজধানীৰ বাহিৰৰ ক্ষেত্রত জিলা ন্যায়াধীশলৈ প্রেৰণ কৰিব লাগিব৷