বিজেপি সাংসদ ৰাম স্বৰূপ শর্মাৰ দিল্লীত আত্মহত্যা
নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ হিমাচল প্রদেশৰ মান্দিৰ বিজেপি সাংসদ ৰাম স্বৰূপ শর্মাৰ কালি দেহাৱসান ঘটিছে৷ ৬২ বছৰীয়া সাংসদগৰাকীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় দিল্লীৰ বাসস্থানত৷
আৰক্ষীয়ে এয়া আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিছে৷ দিল্লী আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি শর্মাৰ এগৰাকী কর্মীৰ ফোনকল পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয়৷ বন্ধ কোঠাৰ ভিতৰত চিপ লৈ ওলমি থকা অৱস্থাত শর্মাৰ মৃতদেহ উদ্ধাৰ হৈছে৷
স্মর্তব্য যে সাংসদগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ বাসভৱনত গৈ উপস্থিত হয় বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্রী অনুৰাগ ঠাকুৰ৷ সাংসদগৰাকীৰ মৃত্যুৰ বাবেই কালি বিজেপিৰ সংসদীয় দলৰ বৈঠক বাতিল কৰা হৈছে৷
স্মর্তব্য যে যোৱা নির্বাচনত মাণ্ডী সমষ্টিৰ পৰা নির্বাচিত হৈছিল ৰাম স্বৰূপ শর্মা৷