নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

য়েমেনৰ অগ্নিকাণ্ডত দুখ প্রকাশ হুঠি বিদ্রোহীৰ

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ গৃহযুদ্ধবিধ্বস্ত য়েমেনৰ ৰাজধানী ছানাত এক প্রব্রজনকাৰীৰ বন্দী কেন্দ্রত সংঘটিত ভয়াৱহ অগ্ণিকাণ্ডত ৪৬জন লোক নিহত হোৱাৰ উপৰি ১৯৩জন গুৰুতৰভাৱে আহত হৈছিল৷

এই ঘটনা সন্দর্ভত শেহতীয়াকৈ হুঠি বিদ্রোহীয়ে গভীৰ দুখ প্রকাশ কৰিছে৷ যদিও এই অগ্ণিকাণ্ডক এক দুর্ঘটনা বুলি অভিহিত কৰা হৈছিল, ইয়াত হুঠি বিদ্রোহীৰ বোমা নাইবা ছৌদি মিত্র বাহিনীৰ ক্ষেপণাস্ত্রৰ আক্রমণ সংঘটিত হোৱা বুলি ধাৰণা কৰিছিল আন্তর্জাতিক সম্প্রদায়সমূহে৷

কালি ৰাষ্ট্রসংঘই এই অগ্ণিকাণ্ডৰ ঘটনা সন্দর্ভত এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে৷ হিউমেন ৰাইটছ ৱাটছে হুঠি বিদ্রোহী বন্দী কেন্দ্রত অগ্ণিসংযোগ কৰা বুলিও অভিযোগ কৰিছে৷

লক্ষণীয়ভাৱে এই অগ্ণিকাণ্ডৰ পিছতে বহু প্রব্রজনকাৰীয়ে বিক্ষোভত উত্তাল কৰি তুলিছে য়েমেনৰ ৰাজধানী ছানা৷ প্রত্যক্ষদর্শীয়ে উল্লেখ কৰা অনুসৰি এই প্রতিবাদকাৰীসকলৰ ভিতৰত আছে ইথি’পিয়াৰ শ শ প্রব্রজনকাৰী৷

স্মর্তব্য যে ইথি’পিয়াৰ পৰা অহা কেইবাহাজাৰো প্রব্রজনকাৰীক ৰাজধানী ছানাত বন্দী কৰি ৰখা হৈছে৷ এই বন্দীসকলৰ ওপৰত সঘনে চলাই থকা হৈছে নাৰকীয় নির্যাতন৷ হুঠি বিদ্রোহীয়ে বিভিন্ন সময়ত প্রব্রজনকাৰী ইথি’পিয়ান লোকসকলৰ ওপৰত আতিশয্য চলোৱাৰ বাবেই অলপতে সংঘটিত অগ্ণিকাণ্ডত বিদ্রোহী সংগঠনটো জড়িত থকা বুলি সন্দেহ কৰা হৈছে৷

You might also like