নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু পৰিৱর্তনৰ ফলত ছমাহত গৃহহীন ১০.৩ নিযুত লোক

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ বিগত ছটা মাহৰ ভিতৰত বিশ্বত জলবায়ু পৰিৱর্তনৰ ফলত সৃষ্টি হোৱা প্রাকৃতিক পৰিঘটনাত ১০.৩ নিযুত লোক গৃহহীন হৈছে৷ দেশৰ অভ্যন্তৰতে এই লোকসকল স্থানচ্যুত হৈছে বুলি ইণ্টাৰনেচনেল ফেডাৰেচন অৱ ৰেডক্রছ আৰু ৰেড ক্রেছকেন ছ’চাইটিজৰ প্রতিবেদনত প্রকাশ পাইছে৷

লক্ষণীয়ভাৱে এই সময়ছোৱাত সংঘর্ষৰ ফলত স্থানচ্যুত হৈছে ২.৩ নিযুত লোক৷ জলবায়ু পৰিৱর্তনৰ ফলত স্থানচ্যুত হোৱা ৬০ শতাংশ লোকেই হৈছে এছিয়াৰ৷ ২০২০ৰ ছেপ্টেম্বৰৰ পৰা ২০২১ৰ ফেব্রুৱাৰীলৈকে দুয়োটা আন্তর্জাতিক সংস্থাই এই তথ্য সদৰী কৰিছে যদিও জলবায়ু পৰিৱর্তনৰ ফলত শেহতীয়াকৈ বিশ্বজুৰি গৃহহীন লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷

এই কথা সদৰী কৰিছে ৰেডক্রছৰ এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ প্রব্রজন তথা স্থানচ্যুত লোকৰ বিভাগৰ সমন্বয়ৰক্ষী হেলেন ব্রাণ্টে৷ ব্রাণ্টৰ মতে পৰিস্থিতি ক্রমাৎ অধিক জটিল হৈ পৰিছে৷

You might also like