নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাইক্ৰ’ফাইনেন্সৰ দুখীয়া মহিলাৰ ঋণ পৰিশোধৰ দায়িত্ব ল’ব বিজেপি চৰকাৰে, ৰহাত হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা,  ১৮ মাৰ্চঃ “বিকাশ মানে সূতা-কম্বল নহয়; ছাত্ৰ-ছাত্ৰী,দুখীয়া মহিলা, নিবনুৱাৰ কৰ্ম সংস্থাপন হ’লেহে ৰাজ্যৰ বিকাশ সম্ভৱ হ’ব। কংগ্ৰেছৰ ৰাজনীতি একমাত্ৰ সূতা-কম্বলক লৈহে।  জনসাধাৰণৰ জীৱনলৈ পৰিবৰ্তন অনাৰ ৰাজনীতি কৰিব লাগে ৷ আমাৰ চৰকাৰ হ’লে ৰহা সমষ্টি অসমৰ ভিতৰতে জাকত-জিলিকা সমষ্টিলৈ ৰূপান্তৰ হ’ব।’ -এই মন্তব্য নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ ৷

আজি ৰহাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত ৮২ নং ৰহা সমষ্টিৰ অগপ-বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী বিষ্ণু দাসৰ হৈ অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নেডাৰ আহ্বায়কগৰাকীয়ে আৰু লগতে কয় যে কংগ্ৰেছ,  এ আই ইউ ডি এফক কোনো আঁচনি নালাগে ৷ তেওঁলোকে মহিলাসকলক ডাক্তৰ, ইঞ্জিনীয়াৰ হোৱাটো নিবিচাৰে ৷

কেৱল মহিলাসকলক একমাত্ৰ সন্তান জন্ম দিবলৈহে মেচিন হিচাপে ব্যৱহাৰ কৰিব বিচাৰে ৷ কিন্তু বিজেপি নেতৃত্বাধীন চৰকাখনে গোটেই ৰাজ্যতে উন্নয়ন আৰু বিকাশৰ এটা বাতাৱৰণ সৃষ্টি কৰিলে৷ যোৱা পাঁচ বছৰত ৫৮ লাখ পৰিয়ালক বিনামূলীয়া চাউল, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্মৰ পৰা ছাত্ৰীসকলক স্কুটী প্ৰদান কৰাৰ উপৰি ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে প্ৰতি বছৰে দুই লাখ ল’ৰা -ছোৱালীক স্বয়ম আঁচনিৰ জৰিয়তে ৫০ হাজাৰকৈ টকা, মহিলা আত্মসহায়ক গোটসমূহক দুটা পৰ্যায়ত ১ লাখ আৰু দুই লাখকৈ টকা দিয়াৰো আশ্বাস প্ৰদান কৰে৷

তদুপৰি শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰি আৰু কয়, কংগ্ৰেছে সত্তৰ বছৰে বহুত গেৰান্টি দিছিল, সেই গেৰান্টি বাস্তৱত ৰাইজে একো নাপালে পুনৰ আকৌ গেৰেন্টি দি ভোট বিচাৰি আহিছে ৷ কংগ্ৰেছৰ গেৰান্টিক কোনোৱে বিশ্বাস নকৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ আনহাতে বিজেপি চৰকাৰ আহিলে সকলো দুখীয়া মহিলাই গ্ৰহণ কৰা মাইক্ৰ’ফাইনেন্সৰ ঋণ পৰিশোধৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

মন কৰিবলগীয়া যে নিজৰ স্বভাৱসুলভ ভংগীমাৰে মন্ত্ৰীগৰাকীয়ে মঞ্চতে গীতৰ তালে তালে  দলীয় কৰ্মীৰ লগত নৃত্য কৰি পুনৰ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলিও কয়। সভাৰ অন্তত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত আটাইকেইটা সমষ্টিতে জয় লাভ কৰিব বুলি মন্তব্য কৰে।

You might also like