চিদলীত চন্দন ব্ৰহ্ম আৰু ইউপিপিএলৰ জয়ন্ত কুমাৰ বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিল
নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ চিৰাং জিলাৰ সদৰ কাজলগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত দুই প্ৰধান দল বিপিএফ আৰু ইউপিপিএলৰ দুই নেতা চন্দন ব্ৰহ্ম আৰু জয়ন্ত কুমাৰ বসুমতাৰীয়ে ৩১ নম্বৰ চিদলী (জনজাতি) বিধানসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে।
বিপিএফৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মই কংগ্ৰেছ, এ আই ইউ ডি এফ, চিপিএম, চিপিআই, চিপিআই এম এল, আঞ্চলিক গণমৰ্চাৰ কেইবাসহস্ৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰি শক্তি প্ৰদৰ্শন কৰে।
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা চিদলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্মই তেওঁৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে।
আনফালে চিদলী সমষ্টিত ইউপিপিএল দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাক্তন এবছু নেতা জয়ন্ত কুমাৰ বসুমতাৰীয়েও সহস্ৰাধিক সমৰ্থকক লগত লৈ কাজলগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হয়। বিয়লি এক বজাত চিৰাং জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত গৌতম তালুকদাৰৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে।
প্ৰমোদ বড়োৰ নেতৃত্বত গঠন হোৱা ইউপিপিএল-বিজেপি-জি এছ পি মিত্ৰদলে মাত্ৰ দুুটা মাহত কৰা কামৰ খতিয়ান দেখিয়ে বিধান সভাৰ নিৰ্বাচনত ইউপিপিএল দলৰ প্ৰাৰ্থী সকলক ভোট দি জয়যুক্ত কৰিব বুলি জয়ন্ত কুমাৰ বসুমতাৰীয়ে দৃঢ় মত প্ৰকাশ কৰে।