ঢকুৱাখনাত গণশক্তিৰ সাধাৰণ সম্পাদকৰ গাড়ীৰ পৰা নগদ ১ লাখ জব্দ
নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব লগা ১১২ নং ঢকুৱাখনা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ কাৰ্য তুংগত তুলিছে শাসক বিৰোধীয়ে ।
এনে সময়তে ভাৰতৰ নিৰ্বাচনী আয়োগেও নিৰ্বাচনী আচৰণবিধি কঠোৰভাৱে বলবৎ কৰিছে সমষ্টিটোত। নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত এছ এছ টিৰ এটা দলে কালি নিশা প্ৰায় ১১.৩০ বজাত ঢকুৱাখনা- লখিমপুৰ সংযোগী ৪২ নং ৰাজ্যিক ঘাইপথৰ ঢকুৱাখনা নগৰৰ কোঁৱৰ গাঁওৰ বি এড কলেজ তিনিআলিত থকা এছ এছ টি দলটোৱে সন্মিলিত গণশক্তি, অসম দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু খনিকৰৰ গাড়ীৰ পৰা নগদ ১ লাখ টকা জব্দ কৰে।
টকাখিনি কি কাৰণত ক’ৰ পৰা আনিছিল তাৰ পতিয়নযোগ্য তথ্য দিব নোৱাৰাৰ বাবে এছ এছ টিয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত উক্ত টকাখিনি বিধিগতভাৱে জব্দ কৰে।