নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বিজনী সমষ্টিত ইউ পি পি এল আৰু অসম জাতীয় পৰিষদৰ মনোনয়ন পত্ৰ দাখিল

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ চিৰাং জিলাৰ ৩৩ নম্বৰ বিজনী বিধানসভা সমষ্টিত আজি সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত ইউ পি পি এল দলৰ প্ৰাৰ্থী ফণীন বড়োৱে বিজনীৰ নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে |

বিটিচিৰ প্ৰাক্তন পৰিষদীয় সদস্য গুণেশ্বৰ গয়াৰী, ইউ পি পি এলৰ জিলা সম্পাদক হোম প্ৰসাদ শৰ্মাসহ কেইবাজনো নেতাই ফণীন বড়োৰ সমদলত অংশগ্ৰহণ কৰে |

মনোনয়ন পত্ৰ দাখিলৰ পাছত ইউ পি পি এল দলৰ প্ৰাৰ্থী তথা বিজেপি, অগপ আৰু গণ সুৰক্ষা দলৰ সমৰ্থিত প্ৰাৰ্থী ফণীন বড়োৱে নিৰ্বাচিত হ’লে বিজনী সমষ্টিৰ সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰিব বুলি প্ৰকাশ কৰে |

ইপিনে ৩৩ নম্বৰ বিজনী বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰূপে ৰূপম কুমাৰ দাসে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে | কেবাহেজাৰ সমৰ্থকক লৈ ৰূপম কুমাৰ দাসে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত তেঁও জয়ী হ’ব বুলি আশা ব্যক্ত কৰে |

এতিয়ালৈকে বিজনী সমষ্টিত দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে |

You might also like