নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অন্ত পৰিব মনোনয়ন দাখিল পর্বৰঃ তৃতীয় পর্যায়ৰ ভোটত বহু হাইপ্রফাইল প্রার্থী

নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ ৰাজ্যত নির্বাচনী ৰণৰ কুচকাৱাজ ইতিমধ্যে তুংগত উঠিছে৷ ইয়াৰ মাজতে কাইলৈ অন্ত পৰিব তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ মনোনয়ন দাখিল পর্বৰ৷ ইতিমধ্যে অহা ২৭ মার্চত অনুষ্ঠিতব্য প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়ন দাখিলৰ সময়সীমা উকলি গৈছে৷ ৬ এপ্রিলত অনুষ্ঠিতব্য তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে যোৱা ১২ মার্চত অধিসূচনা জাৰি হোৱাৰে পৰা সমষ্টিয়ে সমষ্টিয়ে ঢ়োলে–দগৰে কেইবাজনো প্রার্থীয়ে দাখিল কৰিছে মনোনয়ন পত্র৷ অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি আজিৰ দিনটোলৈকে ১২৯জন প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে৷

আজি অন্তিম দিনা নিশ্চিতভাৱে এই সংখ্যা যথেষ্ট বৃদ্ধি পাব৷ আজিৰ দিনটোত বহুকেইজন হাইপ্রফাইল প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে৷ তেওঁলোকৰ ভিতৰত পূব গুৱাহাটীৰ বিজেপি প্রার্থী মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, দিছপুৰৰ বিজেপি প্রার্থী বিধায়ক অতুল বৰা, পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ প্রার্থী বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, চিদলী সমষ্টিৰ বিপিএফ প্রার্থী মন্ত্রী চন্দন ব্রহ্ম, কোকৰাঝাৰ পূব সমষ্টিৰ বিপিএফ প্রার্থী মন্ত্রী প্রমীলা ৰাণী ব্রহ্ম, সমষ্টিটোৰ ইউপিপিএলৰ প্রার্থী লৰেঞ্চ ইছলাৰী, বিলাসীপাৰা পশ্চিমৰ এআইইউডিএফ প্রার্থী বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী, চাপাগুৰি সমষ্টিৰ বিপিএফৰ প্রার্থী হিতেশ বসুমতাৰী, বৰমাৰ বিপিএফৰ প্রার্থী প্রবীণ বড়ো, হাজোৰ অজাপৰ প্রার্থী দুলু আহমেদ আদি অন্যতম৷

ইফালে, অহা ১ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়ন পত্র প্রত্যাহাৰৰ সময় কালি উকলি গৈছে৷ অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তথ্য অনুসৰি দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে মুঠ ৪০৮জন প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছিল যদিও ইয়াৰে ৩০জনৰ নাকচ হোৱাৰ বিপৰীতে ৩৩জনে তেওঁলোকৰ মনোনয়ন পত্র প্রত্যাহাৰ কৰে৷ এনে অৱস্থাত দ্বিতীয় পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্রার্থীৰ সংখ্যা হৈছে ৩৪৫জন৷ সেইদৰে অহা ২৭ মার্চত অনুষ্ঠিতব্য প্রথম পর্যায়ৰ নির্বাচনৰ বাবে ২৯৫জন প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছিল৷ কিন্তু ইয়াৰে ১০জনৰ মনোনয়ন নাকচ হোৱাৰ বিপৰীতে ১৮জনে প্রত্যাহাৰ কৰে৷ ফলত প্রথম পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বী প্রার্থীৰ সংখ্যা হ’ল ২৬৭জন৷

You might also like