নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতুর্থ মেচত পৰাস্ত ইংলেণ্ড; সূর্য কুমাৰৰ ৫৭, ছার্দুল ঠাকুৰৰ তিনিটা উইকেট দখল

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ইংলেণ্ডৰে খেলি থকা টি–২০ শৃংখলাত পুনৰ সমতা স্থাপন কৰিলে ঘৰুৱা দল ভাৰতে৷  বৃহস্পতিবাৰে অনুষ্ঠিত চতুর্থখন মেচত ভাৰতীয় দলটোৱে ইংলেণ্ডক ৮ ৰানত পৰাস্ত কৰে আৰু শৃংখলাটো ২–২ত সমতা স্থাপন কৰে৷

মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ১৮৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বেন ষ্ট’কছৰ ৪৬, অ’পেনাৰ জেছন ৰয়ৰ ৪০ আৰু জ’নী বেয়াৰষ্ট’ৰ ২৫ ৰানৰ সহায়ত ইংলেণ্ডে নির্ধাৰিত ২০ অভাৰত আঠটা উইকেট হেৰুৱাই ১৭৭ ৰান কৰে৷ জ’ছ বাটলাৰে ৯, ডেভিদ মালানে ১৪ আৰু অধিনায়ক মৰগানে ৪ ৰান কৰি পেভিলিয়নমুখী হয়৷ জ’ফ্রা আর্চাৰে অপৰাজিতভাৱে ১৮ ৰান কৰাৰ লগতে ক্রিছ জর্দানে ১২ ৰানৰ অৱদান আগবঢ়ায়৷ ভাৰতীয় দলটোৰ হৈ ছার্দুল ঠাকুৰে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে হার্দিক পাণ্ডিয়া আৰু ৰাহুল চহৰ উভয়ে দুটাকৈ, ভুবনেশ্বৰ কুমাৰে এটা উইকেট লাভ কৰে৷

ইয়াৰ পূর্বে ইংলেণ্ডৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি সূর্য কুমাৰ যাদৱৰ অর্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই নির্ধাৰিত ২০ অভাৰত আঠটা উইকেট হেৰুৱাই ১৮৫ ৰান সংগ্রহ কৰে৷ ৰোহিত শর্মা আৰু লোকেশ ৰাহুলে ইনিংছ মুকলি কৰিবলৈ আহি দলীয় স্ক’ৰত ২১ ৰান সংগ্রহ হোৱাৰ সময়তে ৰোহিত ব্যক্তিগত ১২ ৰানত পেভিলিয়নমুখী হয়৷

ইপিনে, ব্যক্তিগত ১৪ ৰানত আউট হোৱাৰ পূর্বে ৰাহুলে সূর্য কুমাৰ যাদৱৰ সৈতে দ্বিতীয় উইকেটত ৪১ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ ৰাহুল আউট হোৱাৰ পিছত অধিনায়ক কোহলি ক্রিজলৈ আহে যদিও মাত্র এক ৰান কৰিয়েই পেভিলিয়নমুখী হয়৷ অৱশ্যে ৫৭ ৰানৰ দর্শনীয় ইনিংছ খেলা সূর্য কুমাৰে ঋষভ পণ্টৰ সৈতে লগ লাগি দলীয় স্ক’ৰ বৃদ্ধি কৰিবলৈ লয় যদিও সূর্য কুমাৰে দলীয় স্ক’ৰ ১১০ ৰানত পেভিলিয়নমুখী হয়৷ সূর্য কুমাৰৰ ৩১টা বলৰ ইনিংছটোত আছিল ৬টা চাৰি আৰু তিনিটা ছয়৷

ইফালে, পণ্টে ৩০, শ্রেয়াছ আয়াৰে ৩৭ ৰান কৰি বিদায় লয়৷ পণ্ট আৰু আয়াৰে পঞ্চম উইকেটৰ যুটিত ৩৪ ৰান সংগ্রহ কৰে৷ শ্রেয়াছৰ ১৮টা বলৰ ইনিংছটোত আছিল ৫টা চাৰি আৰু এটা ছয়৷ ইফালে, হার্দিক পাণ্ডিয়াই আঠটা বলত এটা ছয়েৰে ১১ আৰু ছার্দুল ঠাকুৰে ৪টা বলত অপৰাজিতভাৱে ১০ ৰান কৰে৷ ইংলেণ্ডৰ হৈ জ’ফ্রা আর্চাৰে সর্বাধিক ৪টা উইকেট লাভ কৰাৰ লগতে আদিল ৰশ্বিদ, মার্ক উড, ষ্ট’কছ আৰু ছাম কৰনে এটাকৈ উইকেট লয়৷

You might also like