বাংলাদেশীৰ ভোটবেংকেৰে ক্ষমতা দখল কৰাই কংগ্রেছৰ লক্ষ্য
নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ কংগ্রেছে প্রতিশ্রুতি দিয়ে প্রতাৰণা কৰিবলৈ, বিজেপিয়ে প্রতিশ্রুতি দিয়ে ৰূপায়ণ কৰিবলৈ৷ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ বৃহস্পতিবাৰে বিহপুৰীয়া সমষ্টিৰ বিজেপি প্রার্থী ড০ অমিয় কুমাৰ ভূঞাৰ সমর্থনত অনুষ্ঠিত বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে বিজেপি মানে বিকাশ, বিজেপি মানে সমন্বয়৷ ভাৰতীয় জনতা পার্টীয়ে ইয়াৰ জন্মলগ্ণৰে পৰা ভাৰতবর্ষৰ বুকুত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভাবধাৰা শক্তিশালী কৰাৰ দিশত নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ চনৰ পৰা সার্বজনীন নীতিৰে ভাৰতবর্ষৰ বুকুত যি শান্তি আৰু সমন্বয়ৰ ধাৰা শক্তিশালী কৰিলে, ইয়াৰ ফলত ভাৰতবর্ষই বিশ্বৰ এক অন্যতম শক্তিশালী ৰাষ্ট্র হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্রসৰ হৈছে৷ বিগত ৫ বছৰত ৰাজ্য চৰকাৰখনেও এনে আদর্শৰে অসমৰ বুকুত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সমন্বয় সুদৃঢ় কৰাৰ বাবে নিষ্ঠাৰে যি প্রয়াস চলালে, ইয়াৰ ফলত অসমত বর্তমান শান্তি বিৰাজ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সকলো জাতি–জনগোষ্ঠীৰ জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ শান্তিৰ পৰিৱেশ সুদৃঢ় কৰাৰ বাবে বিগত পাঁচ বছৰত ৰাজ্যখনত এটাও গোষ্ঠীসংঘর্ষ হোৱাৰ উদাহৰণ নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কংগ্রেছৰ শাসনকালত ভাষাৰ নামত, গোষ্ঠীৰ নামত, সম্প্রদায়ৰ নামত সংঘর্ষ সৃষ্টি কৰাৰ ফলত বহু নিৰীহ জনসাধাৰণে প্রাণ বিসর্জন দিবলগীয়া হৈছিল বুলি কয়৷ কংগ্রেছে বিভাজন নীতিৰ দ্বাৰা অসমৰ সমাজ জীৱন দুর্বল কৰি পেলাইছিল৷ দুর্নীতি, ভ্রষ্টাচাৰৰ জৰিয়তে শাসন ব্যৱস্থা কলুষিত কৰি জনসাধাৰণক প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছিল৷ কংগ্রেছৰ শাসনকালত জনসাধাৰণে শাসন ব্যৱস্থাটোৰ প্রতি আস্থা সম্পূর্ণৰূপে হেৰুৱাই পেলাইছিল৷ কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে নাতিদীর্ঘ কার্যকালতে দুর্নীতি, ভ্রষ্টাচাৰৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্রহণ কৰি শাসন ব্যৱস্থাটোৰ প্রতি জনসাধাৰণৰ আস্থা পুনৰ স্থাপন কৰাৰ দিশত সফল হৈছে বুলিও তেওঁ কয়৷ কংগ্রেছৰ শাসনকালত সন্ত্রাসবাদীসকলক উচটনি দিয়াৰ বাবে ৰাজ্যখনত নানা ধৰণৰ অশান্তি সৃষ্টি হৈছিল৷ হত্যা, হিংসা, লুণ্ঠন ইত্যাদিয়ে সর্বসাধাৰণ ৰাইজক জীয়াতু ভোগাইছিল৷ এজন ব্যক্তিয়ে মুক্তমনে চলাচল কৰাৰ পৰিৱেশ নাছিল৷ কিন্তু বর্তমানৰ চৰকাৰখনে কার্যভাৰ গ্রহণ কৰিয়েই সন্ত্রাসবাদমুক্ত অসম গঢ়াৰ লক্ষ্যৰে পদক্ষেপ লোৱাৰ ফলত প্রায় ৮ হাজাৰ উগ্রপন্থীয়ে অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছে৷
প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এইক্ষেত্রত আগবঢ়োৱা সক্রিয় সহযোগিতাৰ কথাও মুখ্যমন্ত্রীয়ে ভাষণ প্রসংগত উল্লেখ কৰে৷ কংগ্রেছে প্রতিশ্রুতি দিয়ে কেৱল প্রতাৰণা কৰাৰ বাবে৷ কিন্তু ভাৰতীয় জনতা পার্টীয়ে প্রতিশ্রুতি দিয়ে কেৱল নিষ্ঠাৰে ইয়াক পালন কৰাৰ বাবে৷ কংগ্রেছ দলে বাংলাদেশী অনুপ্রৱেশকাৰী আনি বিভিন্ন জিলাত সংস্থাপিত কৰিছিল৷ ইয়াৰ লক্ষ্য আছিল ভোটবেংক গঢ়ি তোলা৷ অবৈধ বিদেশীৰ ভোটেৰে বাৰম্বাৰ ক্ষমতা দখল কৰাটোৱে আছিল কংগ্রেছৰ মূল লক্ষ্য৷ কংগ্রেছে অনা বিদেশীৰ বাবেই অসমৰ জনসাধাৰণে ১৯৭৯ চনত অসম আন্দোলনৰ সূচনা কৰাৰ বাবে বাধ্য হৈছিল৷ সেই আন্দোলন নিঃশেষ কৰাৰ বাবে কংগ্রেছে আন্দোলনকাৰীৰ ওপৰত গুলীচালনা কৰি বহুসংখ্যক নিৰীহ লোকক মৃত্যুমুখলৈ ঠেলি দিছিল৷ অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে অসম আন্দোলন হৈছিল৷ কিন্তু কংগ্রেছ জাত ৰক্ষাৰ এই আন্দোলনক নিঃশেষ কৰাৰ বাবে বহু লোকক নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল৷ কংগ্রেছে এই অবৈধ বিদেশীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আই এম ডি টি আইন আনিছিল৷ কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ে এই আই এম ডি টি আইন বাতিল কৰাৰ পাছতে অসমবিৰোধী বিভিন্ন সংগঠনে মিলিত হৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ জন্ম দিছিল৷ কিন্তু আজি সেই এ আই ইউ ডি এফ দলে কংগ্রেছৰ সৈতে মিলিত হৈছে৷
তেওঁলোকৰ লক্ষ্য হৈছে পুনৰ লাখ লাখ বিদেশী আনি বিভিন্ন জিলাত সংস্থাপিত কৰা৷ সেয়েহে কংগ্রেছ আৰু বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ অসমৰ ৰাইজৰ মহাশত্রু৷ অসমৰ ৰাইজে এই দুই অপশক্তিক সমুলঞ্চে উৎখাত কৰাৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব বুলি মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ দলে অপশক্তিক অসমৰ ভাগ্য নিয়ন্তা হ’বলৈ দিয়া নহ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে পুনৰ ক্ষমতাত অধিষ্ঠিত হ’লে অসমৰ ২৬ হাজাৰখন গাঁৱকে আদর্শ গাঁও হিচাপে প্রতিষ্ঠিত কৰাৰ দিশত দৃঢ় পদক্ষেপ গ্রহণ কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ কংগ্রেছে ৫৫ বছৰ ধৰি শাসন ক্ষমতাত থাকিও খিলঞ্জীয়া ভূমিপুত্রসকলৰ সুৰক্ষাৰ কথাটো চিন্তা নকৰিলে বুলি উল্লেখ কৰি ভীমবৰ দেউৰীৰ দৰে মনস্য ব্যক্তিসকলক কংগ্রেছে চিনি নাপালে বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে৷ কিন্তু বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে বিভিন্ন জাতি–জনগোষ্ঠীৰ পুৰোধা ব্যক্তিসকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে হাতে–কামে ব্যৱস্থা গ্রহণ কৰিছে বুলি তেওঁ কয়৷ আনহাতে, মুখ্যমন্ত্রীয়ে আজি গহপুৰ, চতিয়া আৰু তেজপুৰত বিজেপি আৰু ইয়াৰ মিত্রজোঁটৰ প্রার্থীসকলৰ সমর্থনত আয়োজিত নির্বাচনী সভাত অংশগ্রহণ কৰি ৰাজ্যখনৰ ক্ষিপ্র উন্নয়নৰ স্বার্থত বিজেপি আৰু মিত্রজোঁটৰ প্রার্থীসকলক বিপুল পৰিমাণৰ ভোটত জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়৷
তেজপুৰত কলাগুৰুৰ পুত্র পৃথ্বিৰাজ ৰাভাক জয়যুক্ত কৰিবলৈ আহ্বান
অসমৰ মানচিত্রত তেজপুৰৰ এক সুকীয়া মর্যাদা আছে৷ ইয়াৰ যি ঐতিহ্য, সেয়া অত্যন্ত শক্তিশালী৷ তেজপুৰে জাতীয় জীৱন আৰু সাংসৃকতিক ক্ষেত্রখনত শক্তিশালী ৰূপত চেতনা প্রদান কৰিছে৷ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰু বিষুপ্রসাদ ৰাভা, নটসূর্য ফণী শর্মা আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দৰে চাৰিগৰাকী মহান শিল্পীয়ে অসমৰ আধ্যাত্মিক আৰু সংসৃকতি বিশ্বৰ দৰবাৰত দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ অসমীয়া জাতিৰ প্রবাদ পুৰুষসকলৰ অন্যতম কলাগুৰুৰ পুত্র পৃথ্বিৰাজ ৰাভাক এই নির্বাচনত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ মিত্রদল অগপৰ প্রার্থিত্বৰে প্রক্ষেপ কৰাত মই ভাবোঁ তেজপুৰীয়া ৰাইজ নিশ্চিতভাৱে অতি গৌৰৱান্বিত৷ সেয়েহে আমাৰ মিত্রদলৰ প্রাথ্ পৃথ্বিৰাজ ৰাভাক অসমৰ ভিতৰতে আটাইতকৈ বেছি ভোটেৰে জয়যুক্ত কৰাব লাগিব৷ তেজপুৰৰ নির্বাচনী সভাত অংশগ্রহণ কৰি তেজপুৰৰ ভোটাৰ ৰাইজক এইদৰে আহ্বান জনায় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷
উল্লেখ্য যে তেজপুৰৰ ডিপোটা অঞ্চলৰ কেন্দ্রীয় নাট্য মন্দিৰ প্রাংগণত কেইবাসহস্রাধিক লোকৰ উপস্থিতিত আজি বিজেপি আৰু অগপৰ এখন নির্বাচনী সভাৰ আয়োজন কৰা হয়৷ ৰাজ্যৰ ভিন্ন প্রান্তত আজি নির্বাচনী প্রচাৰ চলোৱাৰ পাছত তেজপুৰৰ এই নির্বাচনী সভাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সোণোৱালে আগবঢ়োৱা ভাষণত কয়– বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰৰ যোৱা পাঁচ বছৰৰ কার্যকালত আমি বিকাশ কৰিছোঁ, নিষ্ঠাৰে কৰিছেছা৷ কংগ্রেছৰ কার্যকালত দুন্তি আৰু ভ্রষ্টাচাৰৰ ফলত অসমৰ ৰাইজ বহু প্রাপ্যৰ পৰা বঞ্চিত হৈছিল৷ কংগ্রেছৰ দিনত ভেটী নিদিলে একো কামেই নহৈছিল৷ জবকার্ডৰ পৰা আদি কৰি চাকৰি সকলোতে ঘোচ দিবলগীয়া হৈছিল৷ সেয়েহে কংগ্রেছৰ স্বৈৰাচাৰী শাসনত অসমৰ ৰাইজ হতাশাগ্রস্ত হৈছিল৷ আমাৰ কার্যকালত নিযুক্তি প্রক্রিয়া নিকা কৰা হ’ল৷ এতিয়া ছাত্র–ছাত্রীসকলে চাকৰিৰ বাবে মন্ত্রী–বিধায়ক–বিষ পইচা দিব নালাগে৷ আমাৰ কার্যকালত এটাও সাম্প্রদায়িক সংঘর্ষ হোৱা নাই৷
ভাষণ প্রসংগত কংগ্রেছ আৰু বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইড ডি এফ দলৰ মিত্রতা সন্দর্ভতো আক্রমণাত্মক মন্তব্য কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ ডল্লেখ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা তথা দিছপুৰ সমষ্টিৰ পৰা দলীয় টিকটৰ পৰা বঞ্চিত হোৱা জয়ন্ত দাসক লৈ আজি ডপস্থিত হোৱা মুখ্যমন্ত্রী সোণোৱালে কয় যে কংগ্রেছ আৰু এ আই ইড ডি এফৰ মিত্রতা অসমৰ ভৱিষ্যতৰ বাবে এক অশনি সংকেত৷ কিয়নো এ আই ইড ডি এফে ৰাজ্যত থিতাপি লোৱা বাংলাদেশীক সংস্থাপিত কৰাৰ ষডযন্ত্র অব্যাহত ৰাখিছে৷ সেয়েহে এই মিত্রদলক প্রতিহত আৰু প্রতিৰোধ কৰাটো অসমৰ সকলো ৰাইজৰ বাবে অতিকৈ প্রয়োজন৷ বিজেপিৰ মিত্রদল অগপৰ প্রাথ্ পৃথ্বিৰাজ ৰাভা সন্দর্ভত মুখ্যমন্ত্রী সোণোৱালে ৰাইজক ডদ্দেশ্যি আগবঢ়োৱা ভাষণত প্রাথ্গৰাকীক এক লাখতকৈ অধিক ভোটলাভেৰে জয়যুক্ত কৰাবলৈ হাতীৰ চিহ্ণত ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে প্রতিশ্রুতিবদ্ধ হ’বলৈও আহ্বান জনায়৷