প্রতিশ্রুতি মতে ধন নিদিয়াৰ বাবেই সমর্থকে ভাঙিলে গাড়ী, কোনোমতে প্রাণৰক্ষা শুকুৰ আলীৰ
নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ মনোনয়ন–পত্র দাখিল কৰিবলৈ ৰেলী উলিয়াই বৰপেটা জিলা উপায়ুক্তৰ কার্যালয় অভিমুখে আহি থকাৰ সময়তে সমর্থকৰ ৰোষত পৰিল চেঙা সমষ্টিৰ কংগ্রেছ প্রার্থী, বর্তমানৰ বিধায়ক তথা প্রাক্তন মন্ত্রী শুকুৰ আলী আহমেদ৷ উত্তেজিত সমর্থকৰ পৰা কোনোমতে প্রাণৰক্ষা পৰা কংগ্রেছ প্রার্থীজনে উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্রেক্ষিতত বৃহস্পতিবাৰে মনোনয়ন–পত্র দাখিল কৰাতো ব্যর্থ হয়৷ উল্লেখ্য যে চেঙা সমষ্টিৰ পৰা এইবাৰো কংগ্রেছ দলৰ পৰা প্রার্থিত্ব লাভ কৰা আহমেদে আজি বৰপেটাৰ উপায়ুক্তৰ কার্যালয়ত মনোনয়ন–পত্র দাখিল পর্বত শক্তি প্রদর্শন কৰিবলৈ দৌলাশালৰ পৰা ভেল্লা হৈ বহৰিলৈ এক বাইক ৰেলী উলিয়ায়৷ চাৰিটা কার্যকাল অর্থাৎ বিগত বিশ বছৰে নিজৰ দখলত থকা সমষ্টিটোৰ বিশেষ উন্নয়ন কৰিব নোৱাৰা বিধায়ক আহমেদে আজি মনোনয়ন–পত্র দাখিলৰ সময়ত ধনৰ বিনিময়ত চমক সৃষ্টি কৰাৰ চেষ্টা কৰে৷ বাইক ৰেলীত অংশগ্রহণ কৰাসকলক চাহ–ভাত খুওৱাৰ উপৰি বাহনত তেল ভৰাই দিয়াৰ বিনিময়ত পাঁচশ টকাকৈ দিয়াৰ প্রতিশ্রুতি দিছিল বিধায়কজনৰ অনুগতসকলে৷
ইয়াৰ বিনিময়ত সমষ্টিটোৰ চুকে–কোণে বাইক ৰেলী আৰম্ভ হয়৷ কিন্তু প্রতিশ্রুতি অনুসৰি ধন দিয়াৰ পৰিৱর্তে একাংশক মাত্র এশ টকা আৰু বহুতকে এটকাও নিদিলে৷ সমষ্টিটোৰ অন্তর্গত শিলাগাঁও বাইক ৰেলীটো অতিক্রম কৰাৰ পাছতে জনতা বজাৰৰ সমীপত সমর্থকসকলে বিধায়ক আহমেদক টকা বিচাৰে৷ কিন্তু বিধায়ক আহমেদৰ অনুগত কেইজনমানে ৰেলীত অহা লোকক টকা দিবলৈ অমান্তি হোৱাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ ৰেলীত আহি টকা নোপোৱা সমর্থকসকলে বিধায়ক আহমেদৰ বাহন ঘেৰাও কৰি লাঠীৰে ভাঙি–ছিঙি চূৰমাৰ কৰে৷ তাৰ পাছতে পৰিস্থিতি অধিক ভয়াৱহ হয়৷ দুটা পক্ষৰ মাজত প্রচণ্ড মাৰপিট লাগে৷ এনে পৰিস্থিতিৰ মাজতে চাৰিটা কার্যকালৰ কংগ্রেছ বিধায়কজনে দেহৰক্ষীসকলৰ সহায়ত আক্রমণকাৰীসকলৰ কবলৰ পৰা কোনোমতে পলাই সাৰি ওচৰৰে এঘৰত আশ্রয় লয়৷ উত্তেজিত সমর্থকৰ আক্রমণত সামান্যভাৱে বিধায়ক আহমেদো প্রহূত হয় বুলি জানিব পৰা গৈছে৷ এই লংকাকাণ্ডত বিধায়ক আহমেদৰ গাডীচালকজন আহত হয়৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিধায়ক আহমেদক নিৰাপদে উদ্ধাৰ কৰে৷ কিন্তু উত্তেজিত লোকসকলে বিধায়ক আহমেদে উঠি অহা জীপচী বাহনখন ভাঙি–ছিঙি চূৰমাৰ কৰে৷ ইতিমধ্যে ঘটনাস্থলীত ব্যাপক হাৰত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে৷ সমষ্টিটোৰ বহৰিৰ ছান ভিউ খেলপথাৰত নির্মাণ কৰা এখন মঞ্চও জ্বলাই দিয়ে ক্ষুব্ধ সমর্থকে৷ বহৰিৰ ছান ভিউ খেলপথাৰত সমৱেত কংগ্রেছ কর্মী–সমর্থকক সম্বোধন কৰাৰ কথা আছিল বিধায়ক আহমেদে৷
চামগুৰিত নির্বাচনী হিংসাঃ কংগ্রেছ–বিজেপি প্রার্থীৰ সমর্থকৰ মাজত সংঘাত
প্রথম পর্যায়ত অনুষ্ঠিত হ’বলগীয়া নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিত ৰাজনৈতিক দলসমূহে নির্বাচনী প্রচাৰ অভিযান তীব্রতৰ কৰি তোলাৰ সময়তে যোৱানিশা সংঘটিত হয় এক প্রাক্নির্বাচনী হিংসাৰ ঘটনা৷ কংগ্রেছ প্রার্থী ৰকিবুল হুছেইন আৰু বিজেপি প্রার্থী অনিল শইকীয়াৰ সমর্থকৰ মাজত সংঘটিত হোৱা মাৰপিটৰ ঘটনাই চামগুৰিত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ প্রাপ্ত বাতৰি মতে, চামগুৰি সমষ্টিৰ ভেলেউগুৰি গাঁও পঞ্চায়তৰ অন্তর্গত শিঙিয়াৰ ফুকনাখাট অঞ্চলত কংগ্রেছৰ বেনাৰ–পোষ্টাৰ ফালি কার্যালয় লণ্ডভণ্ড কৰাক কেন্দ্র কৰিয়েই নিশা কংগ্রেছ আৰু বিজেপি কর্মীৰ মাজত সংঘাত সৃষ্টি হয়৷ শিঙিয়াৰ ফুকনাখাটত কংগ্রেছে স্থাপন কৰা এটা কার্যালয়ত নিশা কোনো অজ্ঞাত লোকে পোষ্টাৰ–বেনাৰ ফলাৰ লগতে শিলাবর্ষণ কৰে বুলি স্থানীয় কংগ্রেছ কর্মীয়ে অভিযোগ কৰে৷ ইপিনে বিজেপি কর্মীৰ অভিযোগ মতে, নিশা কেইজনমান কংগ্রেছ কর্মীয়ে হাতত চোকা অস্ত্র লৈ বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি প্রাণজিৎ বৰাৰ বাসগৃহৰ সন্মুখত ভাবুকি আৰু ঘৰত আক্রমণ কৰিবলৈ চেষ্টা কৰাৰ লগতে উক্ত অঞ্চলত থকা বিজেপিৰ বেনাৰ–পোষ্টাৰ ফালি থকাৰ সময়ত একাংশ বিজেপি কর্মী ঘটনাস্থলীত উপস্থিত হৈ কংগ্রেছ কর্মীসকলক বাধা প্রদান কৰে৷ অভিযোগ–প্রতিভিযোগে দুয়ো পক্ষৰ মাজত সংঘটিত নির্বাচনী হিংসাৰ ঘটনাই অঞ্চলটোত নিশা তীব্র চাঞ্চল্য সৃষ্টি কৰে৷ পাছত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস আৰু চামগুৰি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলেই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত চামগুৰি আৰক্ষী থানাত কংগ্রেছ কর্মী নিতুল বৰা আৰু বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি প্রাণজিৎ বৰাই পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে৷
লাহৰীঘাটত ভোটাৰৰ ৰোষত কংগ্রেছ প্রার্থী
লাহৰীঘাট সমষ্টিৰ কংগ্রেছ প্রার্থীজন য’তেই গৈছে, তাতেই তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ চাতিয়ানতলী, ভূৰাগাঁৱৰ পাছত আজি পুনৰ জৰিবৰত স্থানীয় ৰাইজৰ প্রতিবাদৰ সন্মুখীন হ’ব লগা হয় প্রাক্তন মন্ত্রী ডাঃ নজৰুল ইছলাম আৰু পুত্র তথা কংগ্রেছ প্রার্থী ডাঃ আছিফ নজৰ৷ পিতা–পুত্র দুয়ো জৰিবৰত দলীয় নির্বাচনী কার্যালয় উদ্বোধনী এক অনুষ্ঠানত অংশগ্রহণৰ বাবে উপস্থিত হৈছিল৷ সেই সময়তে বহুসংখ্যক স্থানীয় লোকে ‘বাপ–বেটা গ’ বেক’ ধ্বনি দিয়ে৷ ইয়াকে লৈ কংগ্রেছ সমর্থক আৰু স্থানীয় ভোটাৰসকলৰ মাজত খণ্ড যুদ্ধ আৰম্ভ হয়৷ তাৰ মাজতে একাংশ উদণ্ড কংগ্রেছীয়ে হাতে হাতে বাঁহ লৈ স্থানীয় লোকক আক্রমণ কৰিবলৈ উদ্যত হয়৷ ঘটনাই বিষম ৰূপ লোৱাৰ পূর্বে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷
নগাঁৱত কংগ্রেছ–বিজেপি সমর্থকৰ মাজত মাৰপিট
আজি সন্ধিয়া নগাঁও আৱর্ত ভৱনৰ সন্মুখত কংগ্রেছ আৰু বিজেপিৰ সমর্থকৰ মাজত এক মাৰপিটৰ ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, এটা টিভি চেনেলৰ নির্বাচন সম্পর্কীয় এক অনুষ্ঠানক কেন্দ্র কৰি এই ঘটনা সংঘটিত হয়৷ অনুষ্ঠান শেষ হোৱাৰ পাছত বিজেপি আৰু কংগ্রেছৰ সমর্থকৰ মাজত ৰাজপথত এই ঘটনা সংঘটিত হয়৷ এই ঘটনাত কংগ্রেছৰ মুস্তাফা আলম, দিলদাৰ হুছেইন আৰু আইনুল হক আহত হোৱাৰ লগতে নগাঁও যুৱ কংগ্রেছৰ সভাপতি আজাহাৰ আলী আহমেদো আক্রমণৰ বলি হয়৷ এই ঘটনাই নগাঁৱত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷