নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ জনপ্রিয় টিভি ধাৰাবাহিক ৰামায়ণৰ তাৰকা অৰুণ গ’ভিলে কালি বিজেপিত যোগদান কৰিছে৷
১৯৮৭–৮৮ত বাল্মিকীৰ ৰামায়ণ আৰু তুলসীদাসৰ ‘ৰামচৰিতমানস’ৰ আধাৰত নির্মাণ কৰা এই ধাৰাবাহিকখনত ৰামৰ চৰিত্রত অভিনয় কৰি দেশবাসীৰ হূদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল গ’ভিলে৷
ৰামানন্দ সাগৰে নির্মাণ কৰা এই ধাৰাবাহিকখন টিভিত চলি থকাৰ সময়ত গ’ভিল হৈ পৰিছিল বহুতৰ বাবে এজন জাগ্রত ৰাম৷
লক্ষণীয়ভাৱে গ’ভিলৰ উপৰি সীতাৰ ভূমিকাত অভিনয় কৰা দীপিকা শিখালিয়া আৰু লক্ষ্মণৰ ভূমিকাত অভিনয় কৰা সুনীল লাহড়িয়েও দেশবাসীৰ মাজত এক আদর্শৰ মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল৷ গ’ভিলে ৰামায়ণ ধাৰাবাহিকৰ উপৰি কেইবাখনো হিন্দী ছবিত অভিনয়ো কৰিছিল৷