বনকৰা বাইৰ পৰা বিধায়ক হোৱাৰ সপোনঃ বিজেপিয়ে দিলে সুযোগ
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী সাধাৰণতে হয় হেভীৱেট। কিন্তু এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত আছে এগৰাকী বিশেষ প্ৰাৰ্থী।
এইকাৰণে বিশেষ প্ৰাৰ্থী বুলি কোৱা যে বিজেপিৰ তুলাচনীত উঠা এই প্ৰাৰ্থীগৰকী এগৰাকী বনকৰা বাই। পশ্চিম বংগৰ অউশগ্ৰাম সমষ্টিৰ বাবে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা এই ঘৰে ঘৰে কাম কৰি ফুৰা বাইগৰাকী হৈছে কলিতা মাঝি।
বিধানসভা নিৰ্বাচনৰ বাবে পশ্চিমবংগৰ অউশগ্ৰাম সমষ্টিৰ বিজেপি প্ৰাৰ্থী কলিতা মাঝিয়ে ঘৰুৱা সহায়ক হিচাপে কাম কৰা পৰিয়ালবোৰৰ পৰা এতিয়া ছুটি বিচাৰিছে, যাতে তেওঁ প্ৰচাৰত মনোনিৱেশ কৰিব পাৰে।
বৃহস্পতিবাৰে সংৰক্ষিত সমষ্টিৰ পৰা দলৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম তালিকাভুক্ত হোৱাৰ পিছত মাঝি সাজু হৈছে নিৰ্বাচনৰ বাবে। মাঝিৰ স্বামীয়ে প্লাম্বাৰ হিচাপে কাম কৰে আৰু পৰিয়ালৰ ব্যয় পূৰণ কৰিবলৈ এয়া পৰ্যাপ্ত নহয় বাবে ৩২ বছৰীয়া কলিতা মাঝিয়ে অঞ্চলটোত ঘৰুৱা সহায়ক হিচাপে কাম কৰে।
উল্লেখ্য, মাঝি দলৰ এগৰাকী সক্ৰিয় সদস্য হোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অভিজ্ঞতাৰে পুষ্ট। দৰিদ্ৰতাৰ বাবে শিক্ষাগ্ৰহণত যতি পৰিলেও মাঝিৰ আছে বিশেষ গুণ, যাৰ বাবে তেওঁ বিজেপিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।