কংগ্রেছক ভোট দিয়া মানে আজমলক ভোট দিয়াঃ পীয়ূষ হাজৰিকা
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ জাগীৰোডত বিজেপিৰ নির্বাচনী প্রচাৰ জোৰদাৰ হৈছে৷ শুকুৰবাৰে সমষ্টিটোৰ বিজেপিৰ প্রার্থী পীয়ূষ হাজৰিকাই মনহা, বহা–বৰজাৰী আৰু বৰপাকত কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰি কংগ্রেছ দলৰ নেতা ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীক তীব্র সমালোচনা কৰে৷
তেওঁ কয় যে ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী অসমলৈ আহিলে মানুহ হয় মাত্র ১০–১৫ হাজাৰ৷ কংগ্রেছৰ আজিৰ পৰিৱেশ এয়া৷ অসমৰ মানুহক প্রতাৰণা কৰা, বদৰুদ্দিনৰ লগত মিতিৰালি অসমৰ মানুহে ভাল নাপায় বুলি মন্তব্য কৰে জাগীৰোড সমষ্টিৰ বিজেপি প্রার্থী হাজৰিকাই৷ জাগীৰোডৰ কংগ্রেছ প্রার্থীগৰাকী ৰাতিহে ঘূৰে বুলিও কটাক্ষ কৰে মন্ত্রীগৰাকীয়ে৷
তেওঁ ভাষণত কয় যে অসমৰ ৰাইজে বুজি উঠিছে কংগ্রেছ দলক ভোট দিয়া মানে আজমলক ভোট দিয়া৷ বিজেপি দলে আৰু চৰকাৰে সকলো শ্রেণীৰ ৰাইজৰ বাবে কাম কৰিছে৷ দেশৰ প্রধানমন্ত্রীয়ে ভাৰতবর্ষক সুৰক্ষিত কৰাৰ লগতে বিশ্ব দৰবাৰলৈ নিছে৷ কংগ্রেছ দলে সূতা–কম্বলৰ ৰাজনীতি কৰে বুলি মন্তব্য কৰি মন্ত্রী হাজৰিকাই কয় যে এইবাৰ অসমত বিজেপি মিত্রজেজাটৰ চৰকাৰ হ’ব৷ শুকুৰবাৰৰ এই সভাসমূহত বৃহৎ জনসমাগম দেখা যায়৷ সভাৰ পূর্বে মটৰচাইকেল ৰেলীৰে মন্ত্রী হাজৰিকাক লৈ দলীয়–কর্মীসকলে প্রচাৰ চলায়৷