লাহোৱালত পাঁচ শতাধিক ছাত্র–ছাত্রীৰ সৈতে মত বিনিময় ৰাহুল গান্ধীৰ
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ ডিব্রুগড়ৰ লাহোৱালত শুকুৰবাৰে একাংশ ছাত্র–ছাত্রীৰ সৈতে মত বিনিময় কৰে ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীয়ে ডিব্রুগড় বিমানবন্দৰত কালি পুৱা ১১.১০ বজাত অৱতৰণ কৰাৰ পাছত মটক চাহ বাগিচা প্রেক্ষাগৃহত বিভিন্ন শিক্ষানুষ্ঠানৰ পাঁচ শতাধিক ছাত্র–ছাত্রীৰ সৈতে মত বিনিময় কৰে৷
ৰাহুল গান্ধীয়ে কয় যে ছাত্র–ছাত্রীসকলেই হ’ল দেশৰ ভৱিষ্যৎ, প্রকৃত মানৱ সম্পদ৷ ছাত্র–ছাত্রীৰ মানসিক–বৌদ্ধিক–শা বিকাশ হ’লেহে এখন দেশ প্রকৃতার্থত বিকশিত হয়৷ ৰাজ্যৰ মুখ্যমন্ত্রীক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে ছাত্র–ছাত্রীসকলক প্রশ্ণ কৰে– মুখ্যমন্ত্রীগৰাকীয়ে এনেদৰে কেতিয়াবা শিক্ষার্থীৰ সৈতে মত বিনিময়ত অংশগ্রহণ কৰিছেনে? যদি কৰা নাই, তেনেহ’লে তেওঁৰ সাহস নাই৷ গণতন্ত্রত সকলো ৰাজনীতিকে জনতাৰ সকলো প্রশ্ণৰ উত্তৰ দিবলৈ বাধ্য৷ তেতিয়াহে এখন সুস্থিৰ গণতন্ত্রৰ সম্ভৱ৷
তেওঁ কয়– দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে, কৃষকে আন্দোলন কৰিছে, ‘কা’ বলৱৎ কৰিছে৷ উদ্যোগ–প্রতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডৰ হাতত অর্পণ কৰিছে৷ প্রকৃততে ভাৰতবর্ষত হৈ আছে কি? ৰাহুলে কয় যে এই দেশ বিভিন্ন ৰাজ্য, ভাষা, ধর্ম আৰু বিশাল সাংস্কৃতিক ইতিহাসেৰে পৰিপূর্ণ৷ সকলোৱে এই হিন্দুস্তানত নিজৰ মত প্রকাশ কৰিব পাৰে৷ কিন্তু এতিয়া নাগপুৰৰ পৰা সমগ্র দেশক নিয়ন্ত্রণ কৰা হৈছে৷ এই শক্তিটোৱে ৰাজ্যসমূহৰ সকলো সম্পদ হস্তগত কৰাত গুৰুত্ব দিছে৷ গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰটো নির্মাণৰ বাবে ২ হাজাৰ কোটি টকা কেন্দ্রীয় চৰকাৰে দিছিল৷ এই ধনেৰে বিমানবন্দৰটো উন্নীতকৰণ কৰাৰ পাছত দিল্লীৰ চৰকাৰে উদ্যোগপতি আদানিৰ হাতত গতাই দিয়ে৷ যদি আদানিক দিবই আছিল, তেন্তে দুই হাজাৰ কোটি টকা অসমৰ ৰাইজৰ পৰা লৈ কিয় খৰচ কৰা হ’ল বুলিও প্রশ্ন কৰে ৰাহুলে৷
তেওঁ লগতে কয়– আজিৰ যুৱ প্রজন্মই সক্রিয় ৰাজনীতিত অংশগ্রহণ কৰিলেহে সুস্থ গণতন্ত্র প্রতিষ্ঠা হ’ব৷ ৰাহুল গান্ধীয়ে ৰাজ্যৰ সম্পদসমূহৰ ওপৰত চকু ৰাখি, সকলো অন্যায়–বিচাৰৰ বিৰুদ্ধে সবল মত প্রকাশ কৰিবলৈকো ছাত্র–ছাত্রীসকলক আহ্বান জনায়৷
উল্লেখ্য যে লাহোৱাল বিধানসভা সমষ্টিৰ অন্তর্গত প্রায় ১৭খন পঞ্চায়তৰ শিক্ষার্থীসকলৰ লগতে তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাৰ মহাবিদ্যালয়সমূহৰ ছাত্র–ছাত্রীসকলৰ উপৰি দিল্লীৰ জে এন ইউৰ ছাত্র–ছাত্রী কালিৰ এই মত বিনিময় অনুষ্ঠান উপস্থিত থাকে৷
কংগ্রেছৰ নেতাগৰাকীয়ে বর্তমান কেন্দ্রীয় আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণক কৰা প্রতাৰণা আৰু অত্যাচাৰৰ লগতে ধর্মৰ নামত কৰা ৰাজনীতিৰ ফলত দেশৰ অৱস্থা শোচনীয় হোৱা বুলি মুকলিকৈ উল্লেখ কৰাৰ লগতে ইয়াৰ পৰা পৰিত্রাণ পাবৰ বাবে দেশৰ নৱপ্রজন্মই নিজৰ ইচ্ছা অনুসৰি ভোটাধিকাৰ সাব্যস্ত কৰি এখন জনহিতকৰ চৰকাৰ চৰকাৰ গঠন কৰিব পাৰে বুলিও কয়৷
শুকুৰবাৰৰ এই অনুষ্ঠানত ছত্তিশগড়ৰ মুখ্যমন্ত্রী সুৰেশ ৱাঘেল, নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ প্রভাৰী জিতেন্দ্র সিং, সাংসদ প্রদ্যুৎ বৰদলৈ, কংগ্রেছৰ সচিব বিকাশ উপাধ্যায়, লাহোৱাল সমষ্টিৰ কংগ্রেছ প্রার্থী মনোজ ধানোৱাৰকে ধৰি দলটোৰ নেতা–কর্মীসকল উপস্থিত থাকে৷