নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক ৰায়ঃ পিতৃৰ দ্বিতীয় বিবাহৰ বৈধতাক আদালতত প্রত্যাহ্বান জনাবলৈ কন্যাক অনুমতি

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ বোম্বে উচ্চ ন্যায়ালয়ে প্রথমবাৰৰ বাবে নিজ পিতৃৰ দ্বিতীয় বিবাহক আদালতত প্রত্যাহ্বান জনাবলৈ অনুমতি দিছে কন্যাক৷

স্মর্তব্য যে বিবাহৰ বৈধতা সন্দর্ভত তৃতীয় পক্ষৰ কোনো ব্যক্তিয়ে আজিলৈকে আদালতত প্রত্যাহ্বান জনোৱাৰ অনুমতি লাভ কৰা নাছিল৷ সেই দিশৰ পৰা বোম্বে উচ্চ ন্যায়ালয়ে দিয়া এই অনুমতিক ঐতিহাসিক আখ্যা দিব পাৰি৷ বুধবাৰে ন্যায়ালয়ৰ বিচাৰপতি আৰডি ধনুকা আৰু ভি জি বিষ্টৰ বিচাৰপীঠে ৬৬ বছৰীয়া এগৰাকী মহিলাৰ আবেদনৰ শুনানি গ্রহণ কৰি পিতৃৰ দ্বিতীয় বিবাহক পাৰিবাৰিক আদালতত প্রত্যাহ্বান জনাবলৈ অনুমতি দিছে৷

স্মর্তব্য যে ২০১৬ চনত পাৰিবাৰিক আদালতে প্রয়াত পিতৃৰ দ্বিতীয় বিবাহক প্রত্যাহ্বান জনাই মহিলাগৰাকীয়ে এক আবেদন জনাইছিল৷ আবেদনত উল্লেখ কৰা হৈছিল যে ২০০৩ চনত মাতৃৰ বিয়োগৰ পিছত পিতৃয়ে দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হৈছিল৷ কিন্তু ২০১৬ চনত মহিলাগৰাকীয়ে উপলব্ধি কৰে যে পিতৃয়ে দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হৈছিল যদিও এই বিবাহ বৈধ নাছিল৷ কাৰণ দ্বিতীয় বিবাহত আবদ্ধ হোৱা মহিলাগৰাকীৰ পূর্বৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ সম্পন্ন হোৱা নাছিল৷ গতিকে এই বিবাহক বৈধতা প্রদান কৰিব নালাগে বুলি যুক্তি দর্শাইছিল মহিলাগৰাকীয়ে৷

You might also like