ভাৰতীয় ক্রিকেটৰ উত্তৰণৰ বাবে আই পি এলক কৃতিত্ব শচীন তেণ্ডুলকাৰৰ
নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ ভাৰতীয় ক্রিকেটৰ অভূতপূর্ব উত্তৰণৰ বাবে ঐশ্বর্যশালী আই পি এলক কৃতিত্ব দিছে বেটিং কিংবদন্তি শচীন তেণ্ডুলকাৰে৷ ইংলেণ্ডৰ বিৰুদ্ধে চলিত টি–২০ শৃংখলাত দুর্দান্ত প্রদর্শন আগবঢ়োৱা সূর্য কুমাৰ যাদৱ আৰু ঈশান কিশনক ভূয়সী প্রশংসা কৰি প্রাক্তন ক্রিকেটাৰগৰাকীয়ে কয় যে আই পি এলত দীর্ঘদিন ধৰি বিশ্বমানৰ খেলুৱৈসকলৰ সৈতে খেলি উদীয়মান বেটছমেন দুগৰাকী ইতিমধ্যে পৰিপক্ব হৈ উঠিছে৷
অনাগত দিনত সূর্য কুমাৰ আৰু ঈশান কিশনে ভাৰতীয় দলৰ নিয়মীয়া সদস্য হ’ব পাৰিব বুলিও তেণ্ডুলকাৰে আশা প্রকাশ কৰে৷ ‘সূর্য কুমাৰে প্রথমবাৰৰ বাবে আন্তঃৰাষ্ট্রীয় মঞ্চত বেটিং কৰি জ’ফ্রা আর্চাৰ আৰু বেন ষ্ট’কছৰ দৰে আগশাৰীৰ বেগী বলাৰক সাহসেৰে মোকাবিলা কৰিছে৷ ইয়াৰ বাবে আই পি এলক মই কৃতিত্ব দিব বিচাৰোঁ৷ কিয়নো সূর্য কুমাৰে দীর্ঘদিন ধৰি আই পি এলত আর্চাৰ আৰু বেন ষ্ট’কছৰ মুখামুখি হৈ আহিছে৷’ তেণ্ডুলকাৰে এইদৰে কয়৷ উল্লেখ্য যে সম্প্রতি তেওঁ ৰোড ছেফটী ৱর্ল্ড ছিৰিজ টি–২০ৰ বাবে ৰায়পুৰত আছে৷