ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়ালৈ ভাৰতীয় দল ঘোষণাঃ সূর্য কুমাৰ, ক্রুনাল, প্রসিদ্ধ নতুন মুখ
নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ মুম্বাইৰ টপ অর্ডাৰ বেটছমেন সূর্য কুমাৰ যাদৱ, বৰোদাৰ অলৰাউণ্ডাৰ ক্রুনাল পাণ্ডিয়া আৰু কর্ণাটকৰ বেগী বলাৰ প্রসিদ্ধ কৃষ্ণই প্রথমবাৰৰ বাবে ভাৰতীয় এদিনীয়া দললৈ আমন্ত্রণ লাভ কৰিছে৷ ইংলেণ্ডৰ বিৰুদ্ধে অহা ২৩ মার্চৰ পৰা পুনেত আৰম্ভ হ’বলগীয়া তিনিখন মেচৰ শৃংখলাৰ বাবে ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়ে ঘোষণা কৰা ১৮জনীয়া দলটোত নতুন মুখ হিচাপে এই তিনি উদীয়মান খেলুৱৈক অন্তর্ভুক্ত কৰে৷ সূর্য কুমাৰে যোৱানিশা ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থ টি–২০ত বিস্ফোৰক অর্ধশতকেৰে নির্বাচক মণ্ডলীৰ দৃষ্টি আকর্ষণ কৰিছিল৷ একেদৰে প্রসিদ্ধ কৃষ্ণ আৰু ক্রুনাল পাণ্ডিয়াই সদ্যসমাপ্ত বিজয় হাজাৰে এদিনীয়া ট্রফীত চমকপ্রদ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল৷
সোঁহতীয়া বেগী বলাৰ প্রসিদ্ধই প্রতিযোগিতাখনৰ সাতখন মেচত ১৪টা উইকেট দখল কৰাৰ লগতে ক্রুনালে দুটা শতক আৰু দুটা অর্ধশতক অর্জন কৰিছিল৷ বৰোদাৰ অলৰাউণ্ডাৰগৰাকীয়ে ইতিমধ্যে ভাৰতৰ হৈ ১৮খন টি–২০ খেলিছে যদিও প্রসিদ্ধই প্রথমবাৰৰ বাবে টীম ইণ্ডিয়াৰ জার্ছী পৰিধান কৰাৰ সুযোগ পাব৷
ইফালে, ঋষভ পণ্ট, ভুবনেশ্বৰ কুমাৰ আৰু ৱাশ্বিংটন সুন্দৰে দীর্ঘদিনৰ মূৰত এদিনীয়া দললৈ প্রত্যাৱর্তন ঘটাইছে৷ যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামিৰ অনুপস্থিতিত ভুবনেশ্বৰ কুমাৰে ছার্দুল ঠাকুৰৰ সৈতে ভাৰতৰ পেচ বলিং আক্রমণৰ নেতৃত্ব দিব৷ বাঁওহতীয়া বেগী বলাৰ টি নটৰাজনেও এদিনীয়া দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ অষ্ট্রেলিয়া ভ্রমণত টেষ্ট অভিষেক ঘটোৱা প্রতিভাৱান অ’পেনাৰ শুভমন গীলকো এদিনীয়া দলত প্রথমবাৰৰ বাবে দেখা যাব৷
দলটো হ’ল– কোহলি, ৰোহিত, ধাৱন, গীল, আয়াৰ, সূর্য কুমাৰ, হার্দিক, ঋষভ, ৰাহুল, চাহাল, কুলদীপ, ক্রুনাল, ৱাশ্বিংটন, নটৰাজন, ভুবনেশ্বৰ, মহম্মদ চিৰাজ, ছার্দুল ঠাকুৰ আৰু প্রসিদ্ধ কৃষ্ণ৷