নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱামণিক ৰাষ্ট্ৰদ্ৰোহী আখ্যা কিয় দিলে আঙুৰলতা ডেকাই…

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ  বটদ্ৰৱাৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামনী বৰাৰ বিস্ফোৰক মন্তব্য। এখন নিৰ্বাচনী সভাত শিৱামনী বৰাই কয় যে “এআইইউডিএফ ২০০৫ চনতহে জন্ম হৈছিল। কিন্তু মই আৰু মোৰ দেউতাই ১৯৮৩ চনৰে পৰা বহু সংখ্যালঘূ মুছলমানৰ নাম ভোটাৰ তালিকাৰ ভৰালো। সেয়ে এতিয়া বটদ্ৰৱাত আপোনালোকে ভোটাধিকাৰ পাইছে। গতিকে মোক ভোট দিয়ক।”

উল্লেখ্য যে শুকুৰবাৰে বটদ্ৰৱাৰ এখন সভাত শিৱামণিয়ে এআইইউডিএফৰ সমৰ্থকক অভয় দান কৰি কয়, তেওঁ বিধায়ক হ’লে সংখ্যালঘু মুছলমানক সকলোতকৈ বেছি গুৰুত্ব দিব। অনাগত দিনবোৰত কেৱল তেওঁ বটদ্ৰৱাৰ সংখ্যালঘু মুছলমানৰ বাবেই কাম কৰি যাব। সেয়ে তেওঁক ভোট দিব লাগে। কাৰণ তেওঁ খণ্ড উন্নয়ন বিষয়া হোৱাৰ পৰাই সংখ্যালঘু মুছলমানৰ নাম ভোটাৰ তালিকাত ভৰাই আহিছে।

আনহাতে এই বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বটদ্ৰৱাৰ বিধায়িকা তথা বিজেপি প্ৰাৰ্থি আঙুৰলতা ডেকাই। নিজৰ প্ৰতিক্ৰীয়াত আঙুৰলতাই কয় এক ৰাষ্ট্ৰদোহৰ দৰে অপৰাধ সংঘটিত কৰাৰ কথা নিজে স্বীকাৰ কৰাৰ পিছত কংগ্ৰেছ প্ৰাৰ্থি শিৱামণি বৰাৰ কাৰ্য্যকালৰ ওপৰত তদন্ত হ’ব লাগে বুলিও কয় বিধায়িকা আঙুৰলতা ডেকাই। নিজৰ দায়িত্বৰ প্ৰতি সচেতন নোহোৱা বিষয়া গৰাকীয়ে গুৰুজনাৰ জন্মস্থানৰ ৰাইজক কেনেকৈ সুৰক্ষা দিব বুলি প্ৰশ্ন কৰে আঙুৰলতা ডেকাই।

You might also like