বৰদলৈ ট্রফীঃ অইল ইণ্ডিয়াক হৰুৱাই পঞ্চমবাৰলৈ চেম্পিয়ন অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে ৬৭সংখ্যক ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈ ট্রফী ফুটবল প্রতিযোগিতাত পঞ্চমবাৰৰ বাবে খিতাপ জয় কৰিছে৷
গুৱাহাটীৰ জজ খেলপথাৰত শনিবাৰে নৈশালোকত অনুষ্ঠিত ফাইনেলত দলটোৱে ডিফেণ্ডিং চেম্পিয়ন অইল ইণ্ডিয়া এফ চিক ২–১ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয়৷
২০১৯ৰ ফাইনেলত অইল ইণ্ডিয়াৰ হাতত টাইব্রেকাৰত পৰাস্ত হোৱাৰ পোটক তোলাৰ লক্ষ্যৰে খেলপথাৰত নমা বিদ্যুৎ পৰিষদে আৰম্ভণিৰে পৰা আক্রমণাত্মক খেল প্রদর্শন কৰে৷ ২৯ মিনিটত দলটোৱে প্রথমটো সফলতা অর্জন কৰিবলৈ সক্ষম হয়৷ জউগবলা ব্রহ্মই এই গ’লটো কৰে৷ ৪৫ মিনিটত তেওঁ বিদ্যুৎ পৰিষদৰ হৈ আন এটা গ’ল কৰি অগ্রগতি ২–০লৈ বৃদ্ধি কৰে৷ পেনাল্টীৰ সহায়ত ব্রহ্মই দলৰ হৈ দ্বিতীয়টো গ’ল স্ক’ৰ কৰিবলৈ সক্ষম হয়৷
দ্বিতীয়ার্ধত দুলীয়াজানৰ অইল ইণ্ডিয়াই গ’ল দুটা পৰিশোধ কৰিবলৈ আপ্রাণ চেষ্টা চলায় আৰু ৬৯ মিনিটত এটা গ’ল পৰিশোধ কৰে৷ মিলন বসুমতাৰীয়ে এটা পেনাল্টীৰ সহায়ত গ’লটো কৰে৷
উল্লেখ্য যে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে ঐতিহ্যমণ্ডিত বৰদলৈ ট্রফীত নৱমবাৰৰ বাবে ফাইনেল খেলে৷ ইয়াৰ পূর্বে দলটোৱে ১৯৮৮, ২০০৬, ২০০৯ আৰু ২০১৪ত চেম্পিয়নৰ সন্মান অর্জন কৰিছিল৷ ইফালে, অইল ইণ্ডিয়াই অষ্টমবাৰৰ বাবে বৰদলৈ ট্রফীৰ ফাইনেল খেলে আৰু দলটো ১৯৯০, ২০০৮, ২০১২ আৰু ২০১৯ত চূড়ান্ত বিজয়ী হৈছিল৷