ছেমিফাইনেলত পৰাস্ত পি ভি সিন্ধু
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ বিশ্ব বেডমিণ্টনৰ স্বর্ণজয়ী ভাৰতৰ পি ভি সিন্ধুৱে সন্মানীয় অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপৰ ছেমিফাইনেলৰ পৰা বিদায় মাগিছে৷ মহিলা শাখাৰ ছিংগলছৰ আজি অনুষ্ঠিত ছেমিফাইনেল মেচখনত পঞ্চম বাছনিপ্রাপ্ত সিন্ধুৱে ষষ্ঠ বাছনিপ্রাপ্ত থাইলেণ্ডৰ প’নপাৱে ছ’চুৱঙৰ হাতত সহজেই আত্মসমর্পণ কৰে৷ একপক্ষীয় মেচখনত ভাৰতীয় তাৰকা শ্বাটলাৰগৰাকীয়ে ১৭–২১, ৯–২১ গেমত পৰাজয় স্বীকাৰ কৰে৷
সিন্ধুৱে তৃতীয় বাছনিপ্রাপ্ত জাপানৰ আকানে য়ামাগুচিক পৰাস্ত কৰি প্রতিযোগিতাখনৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছিল৷ সিন্ধুৰ পৰাজয়ৰ লগে লগে প্রতিযোগিতাখনত ভাৰতৰ অভিযানৰো অন্ত পৰে৷ সিন্ধুৰ পূর্বে শুকুৰবাৰে লক্ষ্য সেনে পুৰুষৰ কোৱার্টাৰ ফাইনেল আৰু অশ্বিনী পোনাপ্পা–এন চিক্কী ৰেড্ডী যুটিয়ে মহিলাৰ ডাবলছৰ পৰা বিদায় মাগিছিল৷