টি–২০ত দ্বিতীয় সর্বাধিক ৰান ৰোহিতৰ
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ টি–২০ আন্তঃৰাষ্ট্রীয়ত দ্বিতীয় সর্বাধিক ৰান সংগ্রহকাৰী হিচাপে পৰিগণিত হৈছে টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মা৷ ইংলেণ্ডৰ বিৰুদ্ধে আজি অনুষ্ঠিত পঞ্চম তথা নির্ণায়ক টি–২০ত মার্টিন গুপ্ঢিলক চেৰ পেলাই ৰোহিতে এই বিৰল অভিলেখৰ অধিকাৰী হয়৷ ১১১খন টি–২০ খেলা অ’পেনাৰগৰাকীক এই অভিলেখৰ বাবে ৪০ ৰানৰ প্রয়োজন আছিল আৰু তেওঁ ৬৪ ৰানৰ আক্রমণাত্মক ইনিংছ খেলে৷ এতিয়ালৈকে ৰোহিতে টি–২০ত সামগ্রিকভাৱে ২,৮৬৪ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ গুপ্ঢিলৰ মুঠ ৰান হ’ল ২,৮৩৯৷
সামগ্রিকভাৱে টি–২০ত সর্বাধিক ৰানৰ গৰাকী হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি৷ তেওঁ ৯০খন মেচত তিনি হাজাৰৰো অধিক ৰান সংগ্রহ কৰিছে৷ উল্লেখ্য যে শৃংখলাৰ প্রথম দুখন মেচত বিশ্রাম লোৱা ৰোহিতে তৃতীয় আৰু চতুর্থ টি–২০ত ক্রমে ১৫ আৰু ১২ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷