ৰাজ্যত নিয়োজিত হ’ব ২.৪১ লাখ নিৰাপত্তাৰক্ষী; ৩৩,৫৩০টা ভোটকেন্দ্রৰ প্রতিটোতে থাকিব এজনকৈ সশস্ত্র জোৱান
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ অসমত অহা ২৭ মার্চৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’ব লগা বিধানসভা নির্বাচনৰ বাবে সাজু হৈছে নির্বাচন আয়োগ৷ নির্বাচন শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্রত প্রয়োজনীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবলৈ নির্বাচন আয়োগে অসম আৰক্ষীক দায়িত্ব দিছে৷
অসম আৰক্ষীৰ এক শীর্ষ সূত্রই জনোৱা মতে, নির্বাচনী দায়িত্বত নিয়োজিত থাকিব লগা আৰক্ষীৰ জ’নেল আৰু ছেক্টৰ পর্যায়ৰ বিষয়াসকলক প্রশিক্ষণ দিয়া হৈছে৷ তিনিওটা পর্যায়ত অনুষ্ঠিত হ’ব লগা নির্বাচনৰ বাবে মুঠ ২,৪১,২৬৯জন আৰক্ষী–নিৰাপত্তাৰক্ষী নির্বাচনী দায়িত্ব দিয়া হৈছে৷
বিধানসভা নির্বাচনত মুঠ ৩৩,৫৩০টা ভোটকেন্দ্রত প্রতিটোতে একোজনকৈ সশস্ত্র আৰক্ষী গার্ডৰ উপৰি চাৰিজনকৈ জোৱানক নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে৷ প্রতিটো সমষ্টিত শান্তিপূর্ণভাৱে ভোটগ্রহণ প্রক্রিয়া তদাৰক কৰাৰ বাবে এজনকৈ জ’নেল আৰু ছেক্টৰ পর্যায়ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী–নিৰাপত্তাৰক্ষী মোতায়েনৰ ব্যৱস্থা কৰা গৈছে৷ এই জ’নেল আৰু ছেক্টৰ পর্যায়ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত থাকিব লগা আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলে সমষ্টিত থকা ভোটকেন্দ্রসমূহৰ পৰিস্থিতি তদাৰক কৰি প্রয়োজন অনুসৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ভোটকেন্দ্রত যিকোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে চি আৰি পএ ফৰ সহায় ল’ব৷ তদুপৰি স্পর্শকাতৰ ভোটকেন্দ্রসমূহত সৃষ্টি হ’ব পৰা জটিল পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে প্রয়োজনত সেনা অথবা চি এ পি এফৰ সহায় ল’ব৷
উল্লেখ্য যে প্রথম পর্যায়ত অনুষ্ঠিত হ’ব লগা নির্বাচনৰ বাবে মাজত মাথোঁ কেইটামান দিন বাকী আছে৷ এনে পৰিস্থিতিত অহা দুই–এদিনৰ ভিতৰত প্রথম পর্যায়ৰ নির্বাচনৰ দায়িত্ব লাভ কৰা জ’নেল আৰু ছেক্টৰ পর্যায়ৰ আৰক্ষী বিষয়াসকলক নির্বাচনী মডেল ক’ড অৱ কণ্ডাক্ট সন্দর্ভত চূড়ান্ত প্রশিক্ষণ দিয়া হ’ব বুলিও আৰক্ষীৰ সূত্রটোৱে জানিবলৈ দিয়ে৷ এই প্রশিক্ষণৰ সময়ত ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে ক’ভিড প্রট’কল সম্পর্কেও প্রশিক্ষণ দিয়া হ’ব৷
আৰক্ষীৰ সূত্রটোৱে লগতে জনোৱা মতে, নির্বাচনৰ সময়ত গোপনে সক্রিয় হৈ থকা অপশক্তিয়ে কূটাঘাতমূলক কার্য সংঘটিত কৰাৰ আশংকা থাকে৷ এইবাৰ নির্বাচনতো তেনে শক্তিয়ে কোনো ভোটকেন্দ্রত কূটাঘাত সংঘটিত কৰাৰ চেষ্টা চলাব পাৰে বুলি চোৰাংচোৱাই আশংকা কৰিছে আৰু এনে সম্ভাব্য পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীক সষ্টম হৈ থাকিবলৈ সতর্ক কৰি দিছে৷ এনে প্রেক্ষাপটত সম্ভাব্য যিকোনো পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষী আৰু নিৰাপত্তা বাহিনীসমূহক সষ্টম কৰি ৰখা হৈছে বুলি আৰক্ষীৰ সূত্রটোৱে জানিবলৈ দিয়ে৷