নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ ভ্রমণৰ দিনটোত আছুৰ প্রতিবাদঃ ৰাজ্যজুৰি বাইক ৰেলীৰে ‘কা’ বাতিলৰ দাবী

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ   প্রধানমন্ত্রীৰ অসম আগমনৰ দিনটোতে পুনৰ অসমৰ ৰাজপথ উত্তাল কৰিলে সদৌ অসম ছাত্র সন্থাই৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰে সংগঠনটোৱে ৰাজ্যজুৰি বাইক ৰেলী উলিয়াই তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিখন আঞ্চলিক সমিতিয়ে নিজৰ নিজৰ অঞ্চলত প্রতিবাদী কার্যসূচী গ্রহণ কৰি ‘কা’ আমি নামানো, ‘কা’ বাতিল কৰিবই লাগিব, কেন্দ্রীয় চৰকাৰ হুচিয়াৰ, বালাদেশীক লৈ ৰাজনীতি বন্ধ কৰক আদি শ্লোগানেৰে আকাশ–বতাহ মুখৰিত কৰি তোলে৷

মহানগৰীতো সদৌ গুৱাহাটী ছাত্র সন্থাৰ উদ্যোগত উজান বজাৰস্থিত শ্বহীদ ভৱনৰ পৰা আৰম্ভ হোৱা প্রতিবাদী বাইক ৰেলী বাৰোৱাৰী–গুৱাহাটী ক্লাব হৈ চানমাৰি, জু–ৰোড, গণেশগুৰি, ভঙাগড়, উলুবাৰী, বি বৰুৱা মহাবিদ্যালয়, আমবাৰী, দীঘলীপুখুৰী হৈ পুনৰ শ্বহীদ ভৱনত কার্যসূচী সমাপ্ত কৰে৷ সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক অলকেশ নাথে এক কার্যসূচীৰ নেতৃত্ব দিয়ে৷ ইফালে, আজিৰ কার্যসূচী সন্দর্ভত সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক বিবৃতিত কয় যে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ জৰিয়তে অসম চুক্তিৰ মূল আত্মাক নস্যাৎ কৰি বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিয়াৰ লগতে অসমৰ মানুহৰ ভাষা, সংস্কৃতি, অস্তিত্বলৈ চৰম সংকট কঢ়িয়াই আনিছে নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে৷ দিল্লীৰ ৰঙা চকুৰ ভয়ত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে এই হঠকাৰী সিদ্ধান্তক সমর্থন জনাই দিল্লীৰ শ্রুতলিপি আখৰে আখৰে পালন কৰিবলৈ এই আইনৰ বিৰুদ্ধে প্রতিবাদ জনাবলৈ ওলাই অহা জনতাৰ ওপৰত অগণতান্ত্রিকভাৱে বর্বৰ নির্যাতন চলাইছে৷ পাঁচজনকৈ নিৰীহ যুৱকক গুলীয়াই হত্যা কৰিলে এই চৰকাৰখনে৷

অসমৰ ভাষা, সংস্কৃতি আৰু অস্তিত্বলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে অসম চুক্তি উলংঘা কৰা এই জাতিধ্বংসী ‘কা’ অসমৰ জনসাধাৰণে কোনোদিনে মানি লোৱা নাই আৰু অনাগত দিনতো মানি নলয়৷ বর্তমান অসমত বিধানসভা নির্বাচন অহাৰ লগে লগে বিজেপিয়ে নির্বাচনী ইস্তাহাৰত ‘কা’ৰ ক্ষেত্রত তেওঁলোকৰ পূর্বৰ স্থিতি বাহাল থকাৰ কথা প্রকাশ কৰি অসম চুক্তিক নস্যাৎ কৰাৰ লগতে ৪৩ বছৰৰ অবৈধ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দি পৰিকল্পিতভাৱে জাতি ধ্বংস কৰাৰ পৰিকল্পনা প্রস্তুত কৰিছে৷ এইক্ষেত্রত ছাত্র সন্থাৰ স্পষ্ট মত– অসমৰ ৰাইজক লগত লৈ ছাত্র সন্থাই এই জাতিদ্রোহী আইনৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখিব৷

সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বই প্রেছ বিজ্ঞপ্তিত লগতে কয় যে অসমৰ জ্বলন্ত অবৈধ বিদেশীৰ প্রব্রজনৰ সমস্যা অসম চুক্তিৰ আধাৰত স্থায়ী সমাধান হ’ব লাগিব৷ ১৯৭১ চনৰ ২৪ মার্চৰ পাছত অহা সকলো অবৈধ বিদেশী অসমৰ পৰা বিতাড়ন কৰিব লাগিব৷ ‘কা’ৰ জৰিয়তে অসমৰ ভাষা–সংস্কৃতি–স্তিত্ব্ বিপদাপন্ন কৰি ধর্মৰ নামত ভাগ ভাগ কৰি পুনৰ বিদেশীক সংস্থাপন দিব খোজা কার্য যিকোনো মূল্যৰ বিনিময়ত মানি লোৱা নহ’ব৷

You might also like