আজি বিজেপিলৈ প্রাক্তন কংগ্রেছী মন্ত্রী গৌতম বৰা
নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ নির্বাচনলৈ কেইদিনমান বাকী থকা সময়ত তুংগত উঠিছে ৮৪নং বটদ্রৱা সমষ্টিৰ নির্বাচনী প্রচাৰ অভিযান৷ বিজেপি প্রার্থী আঙুৰলতা ডেকাৰ প্রচাৰ অভিযানে শেহতীয়াকৈ সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ ক’ৰবাত যদি নাচি–বাগি ৰাইজৰ মাজত সোমাই নির্বাচনী প্রচাৰ চলাইছে, আন ক’ৰবাত ভাগৱত পাঠত সেৱা লৈ আশীর্বাদ গ্রহণ কৰিছে ভকত– বৈষ্ণৱৰ৷ প্রতিখন নির্বাচনী প্রচাৰ সভাত সাধাৰণ জনতাৰ পাৰভগা উৎসাহ–উদ্দীপনাই আঙুৰলতাৰ নির্বাচনী প্রচাৰত নতুন মাত্রা প্রদান কৰিছে৷ প্রতিখন সভা–সমিতিত শ শ লোকৰ যোগদানে বিজেপিত নতুন জোৱাৰ আনিছে৷
আজি নেডাৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আঙুৰলতাৰ হৈ নির্বাচনী প্রচাৰ চলাব৷ আজি দিনৰ ১১ বজাত জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখৰ খেলপথাৰত ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হ’ব৷ তাৰ পৰা ৰেলীত অংশগ্রহণেৰে দলংঘাটৰ বেলতল খেলপথাৰত উপস্থিত হৈ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷ একেদিনাই কংগ্রেছ প্রার্থী শিৱামণিৰ হৈ কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে নির্বাচনী প্রচাৰত অংশগ্রহণ কৰিব৷ প্রিয়ংকা গান্ধীৰ প্রচাৰ সভাৰ দিনটোতে প্রাক্তন মন্ত্রী গৌতম বৰাৰ লগতে কেইবাসহস্রই কংগ্রেছ কর্মীয়ে বিজেপিত যোগদান কৰিব৷ গৌতম বৰাৰ কংগ্রেছ ত্যাগ বটদ্রৱা সমষ্টিৰ মহাজেজাটৰ বাবে মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে৷ আনহাতে, কালি বটদ্রৱা মৌজাৰ ৰামপুৰ পঞ্চায়ত আৰু ভোমোৰাগুৰি পঞ্চায়তত পাঁচ শতাধিক কংগ্রেছ আৰু এ আই ইউ ডি এফ কর্মীয়ে আঙুৰলতাৰ উপস্থিতিত বিজেপিত যোগদান কৰে৷