নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংখ্যালঘুৱে মৌলবীৰ কথাত এতিয়া ভোট নিদিয়ে

সর্থেবাৰী কৃষ্ণগুৰু সেৱাশ্রমত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাস

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ সর্থেবাৰীৰ নসত্রস্থিত কৃষ্ণগুৰু সেৱাশ্রমত যোৱানিশা উপস্থিত হৈ আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্রেমানন্দ প্রভুৰ ওচৰত সেৱা ল’লে ৰাজ্যিক বিজেপিৰ সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ বিজেপি দলৰ প্রার্থী ৰঞ্জিৎ কুমাৰ দাসে৷ ভাৰতীয় জনতা পার্টীৰ ১০০ প্লাছ মিছন সফল হোৱাৰ লগতে যাতে সুকলমে নির্বাচন অনুষ্ঠিত হৈ যায় তাৰ বাবে কামনা কৰি কৃষ্ণগুৰু সেৱাশ্রমত সেৱা জনাবলৈ পাই নথৈ আনন্দিত হোৱা বুলি উল্লেখ কৰে ৰঞ্জিৎ কুমাৰ দাসে৷ একেদৰে নৱগঠিত বজালী জিলাৰ আন্তঃগাঁথনি উন্নয়ন কৰিবলৈ এগৰাকী শক্তিশালী প্রার্থী দিয়াৰ উদ্দেশ্যেই তেওঁক দলে পাটাছাৰকুছিত প্রার্থিত্ব প্রদান কৰা বুলি উল্লেখ কৰে ৰঞ্জিত কুমাৰ দাসে৷ সমাগত বিধানসভা নির্বাচন সন্দর্ভত তেওঁ আৰু কয় যে ‘কা’ আন্দোলন হোৱা বাবেই বিজেপিয়ে পঞ্চায়তত প্রথম হৈছে, লোকসভাত ৯খন আসন পাইছে৷ সম্প্রতি আছুৰ উদ্যোগত ‘কা’ আন্দোলনে পুনৰ গা কৰি উঠা সন্দর্ভত ৰঞ্জিৎ কুমাৰ দাসৰ মন্তব্য–‘কা’ আন্দোলন হৈছে ভালেই হৈছে৷ বিবেক জাগ্রত হ’ব৷

ইফালে, কংগ্রেছ দলে বিজেপি দলক সাম্প্রদায়িক দল বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি তেওঁ কয় যে কংগ্রেছৰ দিনত সংখ্যালঘু লোকৰ ঘৰ জ্বলে, বিজেপিয়ে সংখ্যালঘু লোকৰ ঘৰ সাজি দিয়ে৷ যিসকল মুছলমান বিবেকৱান লোক, তেওঁলোকে বিজেপি নাইবা বিজেপিৰ মিত্রদলক ভোট দিব৷ সংখ্যালঘু লোকে মৌলবী–মাতব্বৰৰ কথা মতে এতিয়া ভোট নিদিয়ে বুলি মন্তব্য কৰে ৰঞ্জিৎ কুমাৰ দাসে৷ মহাজোঁটৰ চৰকাৰ আহিলে বদৰুদ্দিন আজমলে এক ঢ়াক্কাতে মাদ্রাছা খুলিব বুলি কৰা মন্তব্য সন্দর্ভতো প্রতিক্রিয়া ব্যক্ত কৰি ৰঞ্জিৎ কুমাৰ দাসে কয়– মাদ্রাছা বন্ধ কৰিবলৈ আমি দিয়া নাই৷ অসম চৰকাৰৰ টকাৰে যদি কোৰানৰ শিক্ষা দিয়া হয়, তেন্তে বাইবেল, ভাগৱত, গীতাৰ শিক্ষাও দিব লাগিব৷

ইপিনে, আজি কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হৈ সৰুক্ষেত্রীৰ অগপৰ প্রার্থী কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্রেমানন্দ প্রভুক সাক্ষাৎ কৰি আশীর্বাদ গ্রহণ কৰে৷ আধ্যাত্মিক গুৰু প্রেমানন্দ প্রভুৰ আশীর্বচন গ্রহণ কৰি কল্পনা পাটোৱাৰীয়ে কয় যে গুৰুৰ কৃপা লাভ কৰিছে যেতিয়া তেওঁৰ বিজয় নিশ্চিত৷ আনহাতে, সৰুক্ষেত্রীৰ ৰাইজক সুৰক্ষিত কৰাটোৱেই তেওঁৰ প্রধান উদ্দেশ্য বুলি উল্লেখ কৰি তেওঁ কয় যে উন্নয়ন হ’ব তেওঁৰ প্রধান শ্লোগান৷ ঠায়ে ঠায়ে নিজকে হিন্দু আৰু মুছলমান বুলি পৰিচয় দি ভোটাৰৰ দৃষ্টি আকর্ষণ কৰিবলৈ প্রয়াস কৰা কল্পনা পাটোৱাৰীয়ে আজি পুনৰ কয় যে তেওঁ হিন্দু ছোৱালী আৰু মুছলমানৰ বোৱাৰী৷ আনহাতে, সৰুক্ষেত্রীত সমন্বয়ৰ বাট কটাৰ লগতে কয়াকুছিৰ ঢ়াৰি উদ্যোগক বিশ্বৰ দৰবাৰলৈ উলিয়াই নিয়াটো তেওঁৰ প্রধান কাম হ’ব বুলিও উল্লেখ কৰে৷ আজি কৃষ্ণগুৰু সেৱাশ্রমত সেৱা লৈ দক্ষিণ পূব পাকা পঞ্চায়ত এলেকাত নির্বাচনী প্রচাৰ চলায়৷

You might also like