কাউণ্টী ক্লাবত যোগ দিলে শ্রেয়াছ আয়াৰে
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ সৌৰভ গাংগুলী, ভি ভি এছ লক্ষ্মণৰ দৰে কিংবদন্তি বেটছমেনে খেলা ইংলিছ কাউণ্টী ক্লাব লংকাশ্বায়াৰৰ সৈতে চুক্তিবদ্ধ হৈছে টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা শ্রেয়াছ আয়াৰ৷ আগন্তুক ৰয়েল লণ্ডন কাপ ২০২১ত তেওঁ দলটোক প্রতিনিধিত্ব কৰিব৷ কাউণ্টী ক্লাবটোৱে টুইটাৰত ভাৰতীয় বেটছমেনগৰাকীৰ সৈতে চুক্তিবদ্ধ হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷
উল্লেখ্য যে লংকাশ্বায়াৰৰ হৈ কাউণ্টী ক্রিকেট খেলা শ্রেয়াছ আয়াৰ হ’ব ভাৰতৰ ষষ্ঠগৰাকী ক্রিকেটাৰ৷ ইয়াৰ পূর্বে ফাৰুক ইঞ্জিনীয়াৰ, সৌৰভ গাংগুলী, ভি ভি এছ লক্ষ্মণ, মুৰুলী কার্তিক আৰু দীনেশ মংগিয়াই কাউণ্টী ক্লাবটোক প্রতিনিধিত্ব কৰিছিল৷ ফাৰুক ইঞ্জিনীয়াৰে ১৯৬৮ চনত ভাৰতৰ প্রথমগৰাকী ক্রিকেটাৰ হিচাপে লংকাশ্বায়াৰৰ হৈ খেলিছিল৷ এদিনীয়া শৃংখলাৰ বাবে সম্প্রতি পুনেত ব্যস্ত থকা শ্রেয়াছ আয়াৰে অহা ১৫ জুলাইত কাউণ্টী ক্রিকেট খেলিবলৈ অ’ল্ড ট্রেফ’ডত উপস্থিত হ’ব৷