বার্চিলোনাৰ হৈ সর্বাধিক মেচ খেলি অভিলেখ লি’নেল মেছিৰ
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ বার্চিলোনাৰ হৈ সর্বাধিক মেচ খেলি অভিলেখ ৰচিলে আর্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লি’নেল মেছিয়ে৷ দেওবাৰে নিশা স্পেইনৰ এন’টা ষ্টেডিয়ামত অনুষ্ঠিত লা লিগাৰ মেচখনত বার্চিলোনাৰ হৈ অংশগ্রহণ কৰি মেছিয়ে প্রাক্তন খেলুৱৈ জাভি হার্নাণ্ডেজৰ সর্বাধিক মেচ খেলাৰ অভিলেখটো ভংগ কৰে৷ মেছিয়ে ৭৮৬খন মেচত বার্চিলোনাক প্রতিনিধিত্ব কৰি জাভিৰ সর্বকালৰ অভিলেখটো ভংগ কৰে৷
বিগত ১৭ বছৰ ধৰি বার্চিলোনাৰ হৈ খেলি অহা মেছিয়ে যোৱানিশাৰ মেচখনত দুটাকৈ গ’ল স্ক’ৰ কৰিবলৈ সক্ষম হয়৷ যোৱানিশাৰ একপক্ষীয় মেচখনত বার্চিলোনাই ৰিয়েল ছ’চিডাডক ৬–১ গ’লত বিধ্বস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিবলৈ সক্ষম হয়৷ ৩৭ মিনিটত গ্রিজমানে প্রথমটো গ’ল স্ক’ৰ কৰাৰ পিছত ৪৩ আৰু ৫৩ মিনিটত ছার্জিন’ ডেষ্টে দুটা, ৫৬ আৰু ৮৯ মিনিটত মেছিয়ে দুটা, ৭১ মিনিটত ডেমবেলেই এটা গ’ল স্ক’ৰ কৰাৰ বিপৰীতে ৭৭ মিনিটত ৰিয়েল ছ’চিডাডে একমাত্র গ’লটো পৰিশোধ কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি বার্চিলোনা পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়৷ দলটোৱে এতিয়ালৈকে ২৮খন মেচ খেলি ৬২ পইণ্টেৰে দ্বিতীয় স্থানত আছে৷
ইফালে, যোৱানিশাৰ আন এখন মেচত এটলেটিকো মাদ্রিদে আলভেছক ১–০ গ’লত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীর্ষস্থানটো নিজৰ দখলতে ৰাখে৷ এটলেটিকো মাদ্রিদে ২৮খন মেচৰ পৰা ৬৬ পইণ্ট সংগ্রহ কৰিছে৷