নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰ জিলাৰ ৪ সমষ্টিত তুংগত নির্বাচনী প্রচাৰ

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ  ৰাজ্যজুৰি এতিয়া বলিছে নির্বাচনী গৰম বতাহ৷ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে ভোটাৰৰ মন জয় কৰাৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে৷ চাইকেল ৰেলীকে ধৰি পদযাত্রা আৰু নির্বাচনী সভাৰ জৰিয়তে ৰাজনৈতিক দল তথা প্রার্থীসকল ভোটাৰৰ কাষ চাপিছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীৰ চাৰিটা সমষ্টিত নির্বাচনী প্রচাৰ ক্রমাৎ তুংগত উঠিছে৷

অহা ৬ মার্চত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবেই মহানগৰ জিলাৰ পূব গুৱাহাটী, পশ্চিম গুৱাহাটী, দিছপুৰ আৰু জালুকবাৰী সমষ্টিৰ প্রার্থীসকলে নিজ নিজ সমষ্টিবাসীক লগত লৈ প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ ক্ষমতা দখলৰ লক্ষ্যৰে বিভিন্ন কৌশল অৱলম্বন কৰি নির্বাচনত অৱতীর্ণ হোৱা প্রার্থীসকলে ভোটাৰ ৰাইজৰ মন জয়ৰ চেষ্টা অব্যাহত ৰাখিছে৷ পূব গুৱাহাটীত বিজেপিৰ সিদ্ধার্থ ভট্টাচার্য, কংগ্রেছৰ অসীমা বৰদলৈ আৰু অসম জাতীয় পৰিষদৰ অদীপ ফুকনকে ধৰি অন্যান্য প্রার্থীসকলে নির্বাচনী প্রচাৰ অব্যাহত ৰাখিছে৷

একেদৰে পশ্চিম গুৱাহাটীত মিত্রজোঁটৰ সমর্থিত অসম গণ পৰিষদৰ ৰমেন্দ্র নাৰায়ণ কলিতা, কংগ্রেছৰ মীৰা বৰঠাকুৰ গোস্বামী আৰু অন্যান্য প্রার্থীসকলে নির্বাচনী প্রচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ একেদৰে দিছপুৰ সমষ্টিত বিজেপিৰ অতুল বৰা আৰু মহাজোঁটৰ সমর্থিত কংগ্রেছ প্রার্থী মনজিৎ মহন্তই নির্বাচনী প্রচাৰ চলোৱাৰ সমান্তৰালকৈ জালুকবাৰী সমষ্টিত কংগ্রেছ প্রার্থী ৰমেন বৰঠাকুৰকে ধৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সমর্থকসকলে নির্বাচনী প্রচাৰ চলোৱাৰ সমান্তৰালকৈ অন্যান্য প্রার্থীসকলে নিজ নিজ সমর্থকক লগত লৈ সমষ্টিৰ চুকে–কোণে প্রচাৰ অভিযান আৰম্ভ কৰিছে৷

You might also like