নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত চলিছে ধৃতৰাষ্ট্রৰ চৰকাৰ চাহ শ্রমিকৰ মজুৰি বৃদ্ধিক লৈ কৰি আছে নাটক

সৰুপথাৰ–বটদ্রৱা প্রিয়ংকা গান্ধীৰ জনসভা

নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ  গুৰুজনাৰ পৱিত্র জন্মস্থান বটদ্রৱা থানত পোনপ্রথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ সদস্য প্রিয়ংকা গান্ধী ভদ্রা উপস্থিত হয়৷ ছোনিয়া তনয়া তথা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্রিয়ংকা গান্ধী ভদ্রাই সোমবাৰে বিয়লি কলিয়াবৰৰ নির্বাচনী প্রচাৰ সভাৰ পৰা আহি বটদ্রৱা থানত উপস্থিত হয়৷ হেলিকপ্টাৰৰে অৱতৰণ কৰি বটদ্রৱা থানৰ জাপি বাটচ’ৰাৰে প্রৱেশ কৰি শৰাই–নৈবেদ্য লৈ বটদ্রৱা থানৰ কীর্তনঘৰত প্রৱেশ কৰে৷ বটদ্রৱা থানৰ কীর্তনঘৰত ভকত–বৈষ্ণৱৰ আশীর্বাদ গ্রহণ কৰি গুৰুজনাৰ পৱিত্র ভূমিলৈ আহি নিজকে ধন্য মনা বুলি মন্তব্য কৰে৷বটদ্রৱা থান প্রাংগণত গায়ন–বায়ন, দিহানাম আদি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি প্রিয়ংকা গান্ধীক আদৰণি জনোৱা হয়৷ বটদ্রৱা থানৰ নাটঘৰত পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানত বটদ্রৱা নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামী, শ’লগুৰি সত্রৰ সত্রাধিকাৰ যোগেন্দ্র নাৰায়ণ দেৱ মহন্তকে প্রমুখ্য কৰি বটদ্রৱা থান পৰিচালনা সমিতিৰ কার্যকৰী সদস্যসকলে শৰাই, ধর্মবস্ত্র, কুঁহিলা কঠেৰে তেওঁক আদৰণি জনায়৷ বটদ্রৱা থানৰ পৰা প্রস্থান কৰি গান্ধীয়ে বটদ্রৱা বাটমাৰী হাইডুবি খেলপথাৰত সমষ্টিৰ ৰাইজক সম্বোধন কৰে৷

প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে আঁত ধৰা নির্বাচনী প্রচাৰ সভাত ২০ সহস্রাধিক বিশাল জনতাক সম্বোধন কৰি কংগ্রেছ দলৰ নির্বাচনী ইস্তাহাৰত থকা পাঁচটা গেৰাণ্টী ‘কা’ বাতিল, বছৰি ৫ লাখ চাকৰি আদি বিষয় উত্থপন কৰে৷ প্রিয়ংকা গান্ধীয়ে ভাষণত কয়– ‘এইখন মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পৱিত্র ভূমি৷ মই গুৰুজনাৰ জন্মস্থানত শ্রদ্ধাঞ্জলি দি জীৱন সার্থক হ’ল৷ শংকৰদেৱৰ আদর্শৰে অসমৰ সমাজ গঠন হৈছে৷ সকলো নেতাই গুৰুজনাৰ নাম লৈ ভাষণ আৰম্ভ কৰে৷ কিন্তু শংকৰদেৱৰ আদর্শ বুজি নাপায়৷ শংকৰদেৱে সমাজ সংগঠন কৰিছিল৷ ‘কা’ আইনে সমাজ ধবংস কৰিব৷ আপোনালোকৰ সংস্কৃতি বিভাজন কৰিব৷ বিজেপি নেতাই তামিলনাডুত গৈ ‘কা’ বলৱৎ নকৰে বুলি কয় আৰু অসমত অন্য কথা কয়৷ এইসকলে জনতাক মূর্খ বুলি জ্ঞান কৰে৷ আজিকালি টিভি নাই নেকি? বাতৰিকাকত নাই নেকি? ৰাইজে সকলোবুজি পায়৷ যেতিয়া আন্দোলন আছিল এইসকল নেতা ক’ত আছিল৷ এইসকলে অসমৰ সংস্কৃতি ৰক্ষাৰ কথা কয়, কিন্তু ‘কা’ আনি সংস্কৃতি ধবংসৰ ব্যৱস্থা কৰিছে৷

ইয়াৰ মাটি, পানী, নদী,বায়ু আপোনালোকৰ৷ ইয়াৰ সংস্কৃতি আপোনালোকে ৰক্ষা কৰিব লাগিব৷ বাহিৰৰ পৰা আহি কোনেও ৰক্ষা নকৰে৷ এবাৰ বিজেপিক জিকাই যি ভুল কৰিলে দ্বিতীয়বাৰ এই ভুল নকৰিব৷ আপোনালোকৰ নিজৰ সুৰক্ষাৰ বাবে ভৱিষ্যৎ প্রজন্মৰ বাবে কংগ্রেছক ভোট দিয়ক৷ যি ৰাষ্ট্রীয় সম্পত্তি বিক্রী কৰে, তেওঁলোককবর্জন কৰক৷’ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং, নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈ, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈকে ধৰি কেইবাগৰাকী নেতা–কর্মীৰ উপস্থিতিত অনুষ্ঠিত সভাত বটদ্রৱা সমষ্টিৰ কংগ্রেছ দলৰ প্রার্থী শিৱামণিবৰাই ৰাইজৰ আশীর্বাদ বিচাৰি ভাষণ দিয়ে৷ বটদ্রৱাৰবাটমাৰীত্ প্রিয়ংকা গান্ধীৰ সভাৰ শেষত মাৰপিটৰ ঘটনাও সংঘটিত হয়৷ কংগ্রেছ কর্মীৰ মাজতে সংঘটিত হয় এই মাৰপিটৰ ঘটনা৷ গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় তিনিজনকৈ লোক৷ হাতে হাতে লাঠী লৈ কংগ্রেছৰ একাংশ কর্মীয়ে মাৰধৰ কৰে আন একাংশ কংগ্রেছ কর্মীক৷ আঘাতপ্রাপ্ত তিনিজনৰ ভিতৰত এজনৰ নাম এমৰাজুল ইছলাম বুলি জানিব পৰা গৈছে৷ মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷
কলিয়াবৰত কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীৰ নির্বাচনী প্রচাৰ
কলিয়াবৰত কংগ্রেছ দলৰ নির্বাচনী প্রচাৰ তীব্রতৰ হৈ পৰিছে৷ আজি কলিয়াবৰৰ নলতলীস্থিত ৰাজীৱ গান্ধী ক্রীডা প্রকল্পত কংগ্রেছ মহাজোঁটৰ প্রার্থী প্রশান্ত কুমাৰ শইকীয়াৰ হৈ কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে নির্বাচনী প্রচাৰ চলায়৷ কংগ্রেছ নেত্রীগৰাকীয়ে কয় যে প্রধানমন্ত্রীয়ে অচ্ছে দিনৰ পৰিৱর্তে অসমৰ ৰাজহুৱা সম্পত্তি বিক্রী কৰি ৰাইজক অন্ধকাৰ দিনলৈ নিছে৷ বিজেপি চৰকাৰ দুখীয়া শ্রেণীৰ উন্নয়নৰ চৰকাৰ নহয়, বণিক শ্রেণীৰ উন্নয়নৰ চৰকাৰহে বুলিও কটাক্ষ কৰে৷ চত্তিশগডৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে কয় যে পশ্চিমবংগত ‘কা’ আনিম বুলি কোৱা বিজেপিয়ে অসমত কিয় ‘কা’ৰ কথা নকয়৷ অসমত ৰাজহুৱা সম্পদ বিক্রী কৰিছে আৰু সকলোতে ছিণ্ডিকেট কৰি লুণ্ঠন কৰিছে বুলিও কয়৷
‘আমি অসমীয়া নহওঁ দুখীয়া’– সৰুপথাৰৰ পুৰাবঙলাত প্রিয়ংকা গান্ধীৰ কণ্ঠত ভূপেন দাৰ গীতৰ কলি
ৰাজ্যতএতিয়া বলিছে নির্বাচনৰ গৰম বতাহ৷ হেলিকপ্টাৰত এতিয়া অসমলৈ ৰাওনা হৈছে হেভীৱেট নেতা৷ সৰুপথাৰ সমষ্টিৰ ৰ’জলীনা তির্কীৰ হৈ প্রচাৰ চলালে প্রিয়ংকা গান্ধীয়ে৷ প্রিয়ংকা গান্ধীৰ মুখত শুনা গ’ল অসমীয়া সংলাপ–ভূপেনদাৰ গীতৰ কলি ‘আমি অসমীয়া নহওঁ দুখীয়া…৷’ তেওঁ কয়– বিজেপিৰ শাসনত অসমত দৰিদ্রতা বৃদ্ধি পালে৷ এতিয়া নির্বাচন আহিছে, বিজেপিৰ নেতাসকলে ডাঙৰ ডাঙৰ মিছা কথা কৈছে৷ অসমত এতিয়া বিজেপিত দুটা ফৈদৰ শাসন চলিছে৷ মহাভাৰতত যেনেকৈ ধৃতৰাষ্ট্র আৰু শকুণি মামাৰ শাসন চলিছিল, তেনেকৈ এতিয়া অসমত এটা ফৈদ ধৃতৰাষ্ট্রৰ আৰু এটা শকুনি মামাৰ ফৈদৰ শাসন চলিছে৷ ধৃতৰাষ্ট্র আৰু এটা সময়ত ধৃতৰাষ্ট্রৰূপী নেতাজনক জাতীয় নায়ক আখ্যা দিছিল৷ সেইজন জাতীয় নায়কে অসমীয়া ছয় জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ নামত প্রৱঞ্চনা কৰিলে৷ ‘কা’ৰ নামত প্রতাৰণা কৰিলে৷ আজি সৰুপথাৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্রেছ দলৰ প্রার্থী ৰ’জলীনা তির্কীৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি পুৰাবঙলাৰ নির্বাচনী সভাত ৰাইজক সম্বোধন কৰে৷ আজি পুৰাবঙলা খেলপথাৰত সমৱেত সহস্রাধিক কংগ্রেছী কর্মী আৰু সমর্থকক উদ্দেশ্যি কয় যে অসমত এজন শকুনি নেতাই দুর্নীতি আৰু ভ্রষ্টাচাৰৰ শাসন চলাই আহিছে, যিজন নেতাৰ বিৰুদ্ধে এটা সময়ত বিজেপিয়েই তেওঁৰ দুর্নীতিৰ ৰাজনৈতিক ইস্তাহাৰবনাইছিল৷ সেইজন নেতাইবর্তমান বিজেপিৰ মঞ্চ শুৱনি কৰে৷ প্রিয়ংকা গান্ধীয়ে তেওঁৰ ভাষণত কয় যে কংগ্রেছ শাসনলৈ আহিলে পাঁচ লাখ চৰকাৰী চাকৰি, শ্রমিকৰ মজুৰি ৩৬৫ টকালৈ বৃদ্ধি, ২০০ ইউনিট বিদ্যুৎ বিল ৰেহাই, গৃহস্থী মহিলালৈ প্রতিমাহে ২,০০০ টকাকৈ প্রদানৰ প্রতিশ্রুতি প্রদান কৰে৷ সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ স্বার্থত তেওঁ ৰ’জলীনা তির্কীক জয়যুক্ত কৰিবৰ বাবে ৰাইজলৈ আহ্বান জনায়৷ কংগ্রেছ দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক জিতেন্দ্র সিং উপস্থিত থকা সভাখনত চত্তিশগডৰ মুখ্যমন্ত্রী ভূপেশৱাঘেলে ভাষণত কয় যে দেশৰ প্রধানমন্ত্রীগৰাকীয়্ অসমৰ আনন্দ সর্বানন্দ আখ্যা দিয়া সর্বানন্দবর্তমান অসমৰ আনন্দ হৈ থকা নাই, এতিয়া অসমৰ আনন্দ ছিণ্ডিকেটৰ আনন্দ৷

You might also like