নির্বাচনৰ দিনাই ক’ভিড আক্রান্ত প্রার্থীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ কংগো–ব্রাজাভিল্লেত ৰাষ্ট্রপতি নির্বাচনৰ দিনাই ক’ভিডত আক্রান্ত হৈ থকা বিৰোধী প্রার্থীগৰাকীৰ মৃত্যু হৈছে৷ উল্লেখনীয় যে নির্বাচনৰ ভোটদানৰ মাত্র কেইঘণ্টামান পিছতেই শেষ নিশ্বাস ত্যাগ কৰে গায়–ব্রিছ পাৰফেইট ক’লেলাছে৷ চিকিৎসাৰ বাবে ফ্রান্সলৈ নিয়াৰ সময়তে বিমানৰ ভিতৰত শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে৷
উল্লেখনীয় যে নির্বাচনৰ মাত্র কেইঘণ্টামান পূর্বে ৬১ বছৰীয়া বিৰোধী প্রার্থীগৰাকীয়ে নিজৰ অক্সিজেন মাস্ক খুলি ছ’চিয়েল মিডিয়াত এক ভিডি’যোগে সমর্থকসকলক সম্বোধি কৈছিল যে শেষ নিশ্বাস থকালৈকে তেওঁ কংগোৰ বাবে যুঁজ দি যাব৷
অন্তিম মুহূর্ততো জনসাধাৰণক কংগোৰ উন্নয়নৰ স্বার্থত তেওঁক ভোট দিবলৈ প্রার্থীগৰাকীয়ে আহ্বান জনাইছিল৷ দেশখনৰ নির্বাচনী আইন অনুসৰি কোনো প্রার্থীৰ মৃত্যু হ’লেও নির্বাচন বাতিল কৰা নহয়৷