আমেৰিকাত জিঘাংসাঃ বন্দুকধাৰীৰ গুলীচালনাত নিহত আৰক্ষীসহ ১০ গৰাকী
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ গুলীচালনাৰ ঘটনা। যুক্তৰাষ্ট্ৰখনৰ কলোৰাডো প্ৰদেশৰ বৌলডাৰ চহৰৰ এখন ছুপাৰমাৰ্কেটৰ সন্মুখত বন্দুকধাৰীৰ গুলীচালনাত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকী লোক আহত হয়।
নিহত ১০ গৰাকী লোকৰ ভিতৰত এগৰাকী আৰক্ষী বিষয়াও আছে। ঘটনাৰ বিৱৰণী অনুসৰি, এগৰাকী বন্দুকধাৰীয়ে আচম্বিতে ছুপাৰমাৰ্কেটৰ সন্মুখত গুলীচালনা কৰে। বি বি চিৰ প্ৰতিবেদন মতে, সোমবাৰে দিনৰ স্থানীয় সময় প্ৰায় ২.৩০ বজাত কিং ছুপাৰছ গ্ৰছাৰী নামৰ উক্ত দোকানখনত গুলীচালনা কৰিছিল অভিযুক্তই।
বহুসময় ধৰি অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰি অভিযুক্তই ছুপাৰ মাৰ্কেটৰ ভিতৰত অৱস্থান লয়। ঘটনাৰ সময়ত আৰক্ষীয়ে ওচৰ-পাজৰৰ সকলো লোককে ঘৰত সোমাই থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে পথেৰে গাড়ীৰ চলাচল বন্ধ কৰি দিয়ে।
প্ৰায় দুঘণ্টাৰ মূৰত আৰক্ষীয়ে অভিযুক্তগৰাকীক আহত অৱস্থাত গ্ৰেপ্তাৰ কৰে। এতিয়ালৈ শ্বাসৰুদ্ধকৰ ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই।