নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীত বিধায়ক আমিনুলক প্রচাৰত বাধা ৰাইজৰ দলৰ

নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ জন্মলগ্ণৰে পৰা এআইইউডিএফ দলে নিজৰ দখলত ৰখা ধিং বিধানসভা সমষ্টিত এইবাৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ মঙলবাৰে নির্বাচনী প্রচাৰৰ বাবে আহি মৈৰাবাৰীত এক অপ্রীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল ৮৩নং ধিং বিধানসভা সমষ্টিৰ মহাজোঁট সমর্থিত এআইইউডিএফৰ প্রার্থী বিধায়ক আমিনুল ইছলাম৷ বিধায়ক আমিনুলে প্রায় সহস্রাধিক সমর্থকক লগত লৈ গাডীৰে সমষ্টিটোৰ প্রাণকেন্দ্র মৈৰাবাৰী বজাৰত উপস্থিত হোৱাৰ লগে লগে ৰাইজৰ দলৰ প্রায় শতাধিক সমর্থকে বিধায়ক আমিনুল আৰু এআইইউডিএফৰ সমর্থকক ঘেৰাও কৰি নির্বাচনী প্রচাৰত বাধা দিয়ে৷

ৰাইজৰ দলৰ সমর্থকসকলে বিধায়ক আমিনুল গ’ বেক, সমষ্টি উন্নয়নত ব্যর্থ বিধায়ক আমাক নালাগে আদি শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি আমিনুলক নির্বাচনী প্রচাৰত বাধা প্রদানৰ চেষ্টা চলায়৷ কিন্তু বিধায়ক আমিনুলে কেৰেপ নকৰি নিজৰ সমর্থকসকলক লগত লৈ খোজকাঢ়ি সমদলেৰে নির্বাচনী প্রচাৰ অব্যাহত ৰাখে৷ আমিনুলক বাধা প্রদানৰ সময়ছোৱাত আমিনুলৰ এজন সমর্থক আহত হোৱা বুলিও জনা গৈছে৷অৱশ্যে মৈৰাবাৰী আৰক্ষীয়ে স্থানীয় কার্যবাহী দণ্ডাধীশ অৰূপ বিৰকামিয়াৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্রণ কৰি আমিনুলক প্রচাৰকার্য চলাই নিয়াত সহায় কৰে৷ আনহাতে আমিনুল ইছলামৰ সমদলটোত ভাৰতীয় সেনাবাহিনীৰ পোছাকসদৃশ স্প’র্টিং পৰিহিত চাৰিজন যুৱককো ৰাইজৰ দলৰ সমর্থকসকলে প্রত্যক্ষ কৰি জাঙুৰ খাই উঠে৷ বিগত নির্বাচনসমূহত নির্ণায়ক ভূমিকা গ্রহণ কৰা মৈৰাবাৰী মৌজাৰ ভোটাৰ ৰাইজে এইবাৰৰ নির্বাচনত কাৰ পক্ষত থিয় দিয়ে, সেয়া সময়তহে ক’ব পৰা যাব৷ কাৰণ এইবাৰৰ নির্বাচনত ৰাইজৰ দলৰ সমর্থনত মৈৰাবাৰীৰ পৰা মেহবুব মুক্তাৰে আমিনুলৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷

You might also like