নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীশংকৰ চক্রৱর্তীৰ দিল্লীত বিয়োগ

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ অখিল ভাৰতীয় কার্যকৰী মণ্ডলৰ আমন্ত্রিত সদস্য গৌৰীশংকৰ চক্রৱর্তী আৰু নাই৷ দিল্লীৰ এম ডি চিটী হাস্পতালত চিকিৎসাধীন অৱস্থাতে বুধবাৰে পুৱা ৬ বজাত চক্রৱর্তীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ আৰ এছ এছৰ উত্তৰ অসম প্রান্তৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ২০১৩ চনত কর্কট ৰোগত আক্রান্ত হোৱা চক্রৱর্তী চিকিৎসাধীন হোৱাৰ পাছত যথেষ্টখিনি আৰোগ্য লাভ কৰিছিল৷ ৰাজহাড়ত কষ্ট অনুভৱ কৰাত দিল্লীত ২০১৮ চনত তেওঁৰ এক অস্ত্রোপচাৰ সম্পন্ন কৰা হয়৷ এই অস্ত্রোপচাৰৰ পাছত সুস্থ হৈ উঠা চক্রৱর্তীৰ শৰীৰত যোৱা আগষ্ট মাহত ধৰা পৰে ক’ৰোনা ভাইৰাছ৷ ক’ৰোনাত আক্রান্ত হৈ দুর্বল হৈ পৰা চক্রৱর্তীক পাছৰ পর্যায়ত যক্ষ্মা ৰোগৰ বাবে যোৱা ফেব্রুৱাৰী মাহত দিল্লীত চিকিৎসাধীন কৰোৱা হৈছিল৷

পিছে চিকিৎসকৰ  অপ্রাণ চেষ্টা সত্ত্বেও বুধবাৰে তেওঁ ইহলীলা সম্বৰণ কৰে৷ ১৯৫০ চনৰ ৩১ ডিচেম্বৰত শিলচৰৰ জালালপুৰত জন্মগ্রহণ কৰা চক্রৱর্তী ছাত্রাৱস্থাৰ পৰাই আছিল স্বয়ংসেৱক৷ কনিষ্ঠ ভাতৃ উমাশংকৰ চক্রৱর্তীয়ে জানিবলৈ দিয়া অনুসৰি দুটা বিষয়ত লেটাৰ নম্বৰসহ প্রথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা চক্রৱর্তী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে সপ্তম স্থান অধিকাৰ কৰিছিল৷ তেতিয়াৰ কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰাৰ পাছত তেওঁ দিল্লীৰ কুৰুক্ষেত্র বিশ্ববিদ্যালয়ত নামভর্তি কৰে৷ তাৰ পৰাই চক্রৱর্তীয়ে পদার্থ বিজ্ঞান বিষয়ত প্রথম শ্রেণীৰ স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছে৷ ইয়াৰ পাছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্রী লাভ কৰে৷

শিক্ষা শেষ কৰি তেওঁ ১৯৭৪ চনত দিল্লীৰ পৰা আৰ এছ এছৰ প্রচাৰক হিচাপে আত্মপ্রকাশ কৰে৷ অত্যন্ত মেধাৱী, তীক্ষ্ণ বুদ্ধিৰ চক্রৱর্তী জৰুৰীকালীন অৱস্থাৰ পাছত অসমলৈ আহি আৰ এছ এছৰ মহানগৰ প্রচাৰক, বিভাগ প্রচাৰক, সম্ভাগ প্রচাৰক, দক্ষিণ অসমৰ প্রান্ত প্রচাৰক, ক্ষেত্র শাৰীৰিক প্রমুখ, সহক্ষেত্র প্রচাৰক আদি দায়িত্ব পালন কৰিছিল৷ মৃত্যুৰ সময়লৈ তেওঁ আছিল আৰ এছ এছৰ অখিল ভাৰতীয় কার্যকৰী মণ্ডলৰ আমন্ত্রিত সদস্য৷ চক্রৱর্তীৰ বিয়োগত আৰ এছ এছৰ লগতে তেওঁৰ গুণমুগ্ধ–নুৰাগীসক্ মাজত শোকৰ ছাঁ পৰিছে৷ ইফালে, কাইলৈ দুপৰীয়া বিমানযোগে চক্রৱর্তীৰ নশ্বৰ দেহ দিল্লীৰ পৰা শিলচৰলৈ অনাৰ কথা৷ নশ্বৰ দেহ আহি পোৱাৰ পাছত বিয়লিৰ ভাগত জালালপুৰত তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব৷

You might also like